Logo
image

ৰন্ধন গেছৰ নামত বিজেপিয়ে সাপ হৈ খুঁটি বেজ হৈ জাৰিছেঃ ভৰত নৰহ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ ছেপ্টেম্বৰঃ ৰাজ সাহায্য দিম বুলি কৈ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নামত লুণ্ঠন কৰিছে ৮,৩৩,৬৪০ কোটি টকা৷ ন বছৰ ছয় মাহত চৰকাৰখনে কৌশলেৰে লুণ্ঠন কৰিছে উক্ত ধনৰাশি৷ এই অভিযোগ জ্যেষ্ঠ কংগ্ৰেছ নেতা ভৰত চন্দ্ৰ নৰহৰ৷ শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদ মেল আয়োজন কৰি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষৰ দায়িত্বত থকা জ্যেষ্ঠ নেতাজনে আৰু কয়– ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম হ্ৰাস প্ৰসংগত মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাৰ ছত্ৰছায়াত ৰাজ্যত এতিয়া চূড়ান্ত অপপ্ৰচাৰ চলিছে৷ সাপ হৈ খুটি বেজ হৈ জৰাৰ নীতিৰে চলি অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে সমগ্ৰ দেশৰ জনতাক প্ৰতিটো মুহূৰ্ততে কেৱল আভুৱা ভাৰি আহিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল নিৰ্বাচনহে চিনি পায়৷ দেশৰ চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমাগত৷ লগতে লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ আৰু ২০০ দিন আছে৷ সেয়ে যোৱা ১০ বছৰে মূল্যবৃদ্ধিৰে জনতাক মাধমাৰ শোধাই অহা প্ৰধানমন্ত্ৰী মোদীয়ে এতিয়া ঘঁৰিয়ালৰ চকুপানী টুকি ৰন্ধন গেছৰ দাম ২০০ টকা হ্ৰাস কৰিছে৷ ৰন্ধন গেছৰ দাম মোদীয়ে হঠাৎ কিয় ২০০ টকা কমাই দিলে সেয়া সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰতিজন লোকে বুজি উঠিছে৷ গতিকে এই বিষয়ে মুখ্যমন্ত্ৰীয়ে টুইটাৰত অপপ্ৰচাৰ নচলোৱাই ভাল৷ ইয়াৰ পৰিৱৰ্তে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিধায়কজনে চাহ বাগিচাৰ মাটিৰ মূল্য হ্ৰাস কৰি দিয়াৰ আঁৰত কি কাৰণ আছে সেয়া টুইটাৰ, ফেচবুক, ইউটিউব চেনেল, টিভি চেনেল অথবা ৰীল বনাই ৰাজ্যবাসীক বুজাই দিবলৈ আহ্বান জনায়৷ মোদীয়ে চিলিণ্ডাৰৰ দাম ২০০ টকা কিয় কমালে সেয়া ৰাইজক কোৱাৰ দৰকাৰ নাই৷ অসমৰ ৰাইজে এতিয়া সকলো বুজি পোৱা হৈছে৷ মুখ্যমন্ত্ৰীয়ে টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰামত নীল বনাই এইটো বুজাই দিয়ক যে কি কাৰণে চাহ বাগিচাৰ মাটিৰ দাম হ্ৰাস কৰি দিয়া হ’ল৷ ২০১৫ চনত মোদী আৰু বিজেপিয়ে ৰন্ধন গেছৰ চিলিণ্ডাৰত ৰাজসাহায্য প্ৰদানৰ বিৰোধিতা কৰিছিল৷ সেইজন মোদীয়ে এতিয়া আকৌ কংগ্ৰেছৰ দিনৰ ৰাজসাহায্য আৰম্ভ কৰিছে৷ মোদীৰ নিজৰ কথাৰ ঠিক নাই৷ মোদীয়ে আচলতে কি কয় আৰু কৰে নিজেই নাজানে৷ এদিন তেওঁ দেশবাসীক ৰাজসাহায্য এৰি দিবলৈ আহ্বান জনাইছিল৷ এৰি নিদিয়াসকলে বেংক একাউণ্টত ৰাজসাহায্য পাই থাকিব বুলি কৈ ২০২০ চনৰ পৰা সেয়াও বন্ধ কৰি দিলে৷ এতিয়া ইলেকচন অহা বাবে সেইজন মোদীয়ে ২০০ টকাৰ ৰাজসাহায্য দি দাম কমাই দিছে৷ নিৰ্বাচন আহিলেই একাউণ্টত ১৫ লাখ টকাকৈ দিম বুলি কোৱা এইজন মোদীক আৰু মানুহে বিশ্বাস নকৰে৷ বিজেপিয়ে আৰু মুখ্যমন্ত্ৰীয়ে যিমানেই টুইট নকৰক, ৰীলছ নবনাওক অসমৰ মানুহৰ আগত বিজেপিৰ গোমৰ ফাঁক বাহিৰ হৈ গৈছে৷ নিজকে দৰিদ্ৰ বুলি জহাই ভালপোৱা প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ ৩১.৩৭ কোটি ৰন্ধন গেছৰ উপভোক্তাক ৯ বছৰ ৬ মাহত কৌশলেৰে লুণ্ঠন কৰি আহিছে৷ আজি ১০ টকা, কাইলৈ ৫০ টকা, পৰহিলৈ ৬০ টকা, এইটো মাহত ৭০ টকা, তাৰ পিছৰ মাহটোত ৯০ টকাকৈ বঢ়াই গৈ গৈ যোৱা ৯ বছৰত দুখীয়াৰ ঢেঁটু চেপা মোদী চৰকাৰে কংগ্ৰেছৰ দিনৰ ৪০০ টকীয়া চিলিণ্ডাৰটো ১২০০ টকীয়া কৰি পেলালে৷ চৰকাৰখনে এই সময়ছোৱাত দেশৰ জনতাৰ পৰা চিলিণ্ডাৰ দাম বৃদ্ধিৰ জৰিয়তে ৮,৩৩,৬৪০.৭৬ কোটি টকা লুণ্ঠন কৰিছে৷ ইমানেই নহয় ৰাখী বন্ধনত ভনীসকলক উপহাৰ দিয়াৰ কথা কোৱা প্ৰধানমন্ত্ৰী মোদীয়ে উজ্জ্বলা যোজনাৰ ভনীসকলৰ পৰাও ২০১৭ চনৰ পৰা আজিলৈকে ৬৮,৭০২.৭৬ কোটি টকা লুণ্ঠন কৰিছে৷ এয়াই হৈছে আদানিৰ বন্ধু প্ৰধানমন্ত্ৰী মোদীৰ প্ৰকৃত চৰিত্ৰ৷ আগতে চৰকাৰে প্ৰতিটো চিলিণ্ডাৰৰ বিপৰীতে প্ৰায় ৮২৭ টকা ৰাজসাহায্য দিছিল৷ লাহে লাহে সেয়া কমাই কমাই এতিয়া একেবাৰে বন্ধ কৰি দিলে৷ আগতে ১,২৪১ টকা বিয়োগ ৮২৭ টকা সমান ৪১৪ টকা মূল্য ভৰি এজন গ্ৰাহকে এটা ঘৰুৱা গেছ চিলিণ্ডাৰৰ কিনিব পাৰিছিল৷ ৮০০ টকাতকৈ বেছি ধন ৰাজসাহায্য দি প্ৰথমে ৬টা আৰু পৰৱৰ্তী সময়ত ৯টা গেছ চিলিণ্ডাৰ দিছিল৷ এতিয়া ১২৫০ টকাৰ চিলিণ্ডাৰটোত বিজেপি চৰকাৰে ৫২ টকা ৰাজসাহায্য দিয়ে৷ এতিয়া চৰকাৰে দাম কমোৱাৰ পাছতো ৯০৩ টকাত কিনিব লাগিব৷ ২০১৪ চনৰ কংগ্ৰেছ আমোলতকৈ এতিয়াও দুগুণ দাম ভৰিবই লাগিব ৰাইজে৷ সাহস থাকিলে গেছৰ চিলিণ্ডাৰৰ দাম ৫০০ টকা কৰিবলৈকো কংগ্ৰেছ নেতাজনে বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনায়৷ নৰহে আৰু কয়– মোদী ললিপপ দিয়াত ওস্তাদ৷ ২০১৯ৰ নিৰ্বাচনৰ আগতে ৰন্ধন গেছৰ দাম ৫০ টকা আৰু পেট্ৰ’লৰ দাম ১০ টকা কমাইছিল৷ কিন্তু নিৰ্বাচনৰ ফলাফলৰ পিছতে ৰন্ধন গেছত ১৫০ টকা আৰু পেট্ৰলৰ দাম ১৫ টকাকৈ বৃদ্ধি কৰিছিল মোদী চৰকাৰে৷ গতিকে দেশবাসী এতিয়া আৰু সজাগ হ’ব লাগিব৷