Logo
image

এছিয়া কাপত আজি ভাৰত-পাকিস্তানৰ মহাৰণ

পাল্লেকেল,২ ছেপ্টেম্বৰঃ শনিবাৰে এছিয়া কাপত নিজৰ প্ৰথম খেলত অৱতীৰ্ণ হ’ব টীম ইণ্ডিয়া, প্ৰতিপক্ষ পাকিস্তান৷ নেপালক সম্পূৰ্ণ একপক্ষীয় খেলত পৰাস্ত কৰাৰ পাছত দৃঢ় আত্মবিশ্বাসেৰে অৱতীৰ্ণ হ’ব বাবৰ  আজমৰ দলটো৷ দুই চিকন্তন প্ৰদিদ্বন্দ্বীৰ মাজত হ’বলগীয়া এই প্ৰতিদ্বন্দ্বিতাক লৈ সীমাহীন উৎকণ্ঠা চলিছে অনুৰাগীৰ মাজত৷ কেনে হ’ব পাৰে ভাৰতৰ মূল একাদশ?–এই বিষয়টো লৈও চলিছে জল্পনা-কল্পনা৷ অক্টোবৰ-নৱেম্বৰত ভাৰতত হ’বলগীয়া ৫০ অভাৰৰ বিশ্বকাপ ক্ৰিকেটৰ পূৰ্বে  এছিয়া কাপ ড্ৰেছ ৰিহাৰ্ছেল হিচাপে বিবেচিত হৈছে৷ সেইবাবে ভাৰত আৰু পাকিস্তানৰ বাবেও টুৰ্নামেণ্টখনৰ বিশেষ গুৰুত্ব আছে৷ যোৱা বছৰ অষ্ট্ৰেলিয়াত অনুষ্ঠিত টুৱেণ্টী২০ বিশ্বকাপত বিৰাট কোহলিৰ দুৰ্দান্ত প্ৰদৰ্শনৰ সহায়েৰে ভাৰতে পাকিস্তানক চাৰি উইকেটত পৰাস্ত  কৰা খেলখনৰ  কথা ক্ৰিকেটপ্ৰেমীয়ে সহজে পাহৰিব নোৱাৰিব৷  শনিবাৰৰ খেলখনত সেই পৰাজয়ৰ পোতক তোলাৰ লক্ষ্যৰেই অৱতীৰ্ণ হ’ব পাকিস্তান৷ হাই ভল্টেজ খেলখনত যদিও ভাৰতকে সম্ভাব্য বিজয়ী হিচাপে বিবেচনা কৰা হৈছে, তথাপি পাৰিস্তানকো সহজভাৱে ল’ব নোৱাৰি৷ খেলখনৰ পূৰ্বে বিৰাট কোহলিয়ে তেওঁৰ সতীৰ্থসকলক এইবুুলি সতৰ্ক কৰি দিছে যে পাকিস্তানৰ মূল শক্তি হৈছে বলিং৷ দলটোৰ আছে কেইবাজনো মেচ উইনাৰ বলাৰ৷ সেইবাবে পাক বলাৰৰ বিৰুদ্ধে ভাৰতীয় বেটাৰ নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে প্ৰস্তুত থাকিব লাগিব৷ যদি পাকিস্তান দলটোৰ কথা কোৱা হয়, তেন্তে প্ৰথমেই নাম ল’ব লাগিব অধিনায়ক বাবৰ আজমৰ কথা৷ নেপালৰ বিৰুদ্ধে প্ৰথম খেলতে খেলিছে শতকীয় ইনিংছ আৰু ভাৰতৰ বিৰুদ্ধেও তেওঁ সেই ফৰ্ম ধৰি ৰখাৰ চেষ্টা চলাব৷ মিডল অৰ্ডাৰতো পাকিস্তানৰ অভিজ্ঞতাৰ অভাৱ নাই৷ বাবৰৰ উপৰি দলত আছে মহম্মদ ৰিজৱান, ইফটিকাৰ আহমেদৰ দৰে বেটাৰ৷ নেপালৰ বিৰুদ্ধে দুয়োজনৰ প্ৰদৰ্শন আছিল সন্তোষজনক৷ তেনেদৰেই পাকিস্তানৰ বলিঙো যথেষ্ট শক্তিশালী৷ বাওঁহতীয়া পেচ বলাৰৰ বিৰুদ্ধে ভাৰতীয় বেটাৰৰ দুৰ্বলতা বহুকেইখন খেলত দেখা গৈছে৷ পাকিস্তানৰ পেচ আক্ৰমণৰ মূল শক্তি হৈছে শ্বাহিন শ্বাহ আফ্ৰিদী আৰু এইজন বলাৰৰ বিৰুদ্ধে শতৰ্ক থাকিব লাগিব ৰোহিত শৰ্মাৰ লগতে বিৰাট কোহলি৷ শ্বাহিন শ্বাহ আফ্ৰিদীৰ লগতে আন দুজন পেচ বলাৰ নাছিম শ্বাহ আৰু আছদ ৰৌফেও ভাৰতীয় বেটাৰক সমস্যাত পেলাব পৰে৷ এই তিনিজন বলাৰে মিলি চলিত বৰ্ষত ৪৯টা উইকেট দখল কৰিছে৷ ৰোহিত আৰু কোহলি যদি ফৰ্মত থাকে, তেন্তে সমস্যাত পৰিব পাৰে পাকিস্তান৷

টুৰ্নামেণ্টৰ প্ৰথম দুখন খেলত লোকেশ ৰাহুলে খেলিব নোৱাৰাটো ভাৰতৰ বাবে কিছু চিন্তাৰ কাৰণ হৈ পৰিছে৷ এনে স্থিতিত উইকেটকীপাৰ-বেটাৰ ঈশান কিষাণক মিডল অৰ্ডাৰত সুযোগ দিয়া হ’ব পাৰে৷ কিন্তু বেটিং ক্ৰমৰ চতুৰ্থ অথবা পঞ্চম স্থানত কোন থাকিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷ যশপ্ৰীত বুমৰা আৰু প্ৰসিদ্ধ কৃষ্ণৰ প্ৰত্যাৱৰ্তনে ভাৰতীয় পেচ আক্ৰমণক কিছু শক্তিশালী কৰিছে৷ আয়াৰলেণ্ডৰ বিৰুদ্ধে সদ্যসমাপ্ত টুৱেণ্টী২০ শৃংখলাত তেওঁলোকৰ প্ৰদৰ্শন আছিল সন্তোষজনক৷ কিন্তু ৫০ অভাৰৰ ক্ৰিকেটত তেওঁলোকৰ প্ৰদৰ্শন হ’ব লক্ষ্যণীয়৷ এনে স্থিতিত মহম্মদ ছিৰাজক অগ্ৰাধিকাৰ দিয়া হ’ব পাৰে৷ স্পিন বিভাগত ৰবীন্দ্ৰ জাদেজা মূল একাদশত থকাটো প্ৰায় নিশ্চিত৷ তেওঁৰ উপৰি কুলদীপ যাদৱ অথৱা অক্ষৰ পেটেলৰ যিকোনো এজনক ৰখা হ’ব পাৰে৷

পাকিস্তানী ক্ৰিকেটাৰসকলৰ এদিনীয়া ক্ৰিকেট খেলাৰ অভিজ্ঞতা তুলনামূলকভাৱে কম৷ ২০১৯ চনৰ বিশ্বকাপৰ পাছত পাকিস্তানে খেলিছে কেৱল ২৯খন এদিনীয়া৷ তাৰ বিপৰীতে ভাৰতে খেলিছে ৫৮খন৷ কিন্তু ক্ৰিকেটত বহু সময়ত এনেধৰণৰ পৰিসংখ্যা গৌণ হৈ পৰে৷ বিশ্বকাপৰ বাবে ভাৰত আৰু পাকিস্তান কেনেদৰে প্ৰস্তুত হৈছে তাৰ এক উমান পোৱা যাব শনিবাৰৰ খেলখনত৷