Logo
image

জনপ্ৰিয়তা হ্ৰাস পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰঃ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ ১৭ টা কাৰণ দিলে প্ৰদেশ কংগ্ৰেছে

ডিজিটেল সংবাদ, গুৱাহাটী: নিজ ৰাজ্যত কোন মুখ্যমন্ত্রী কিমান জনপ্রিয় এই সন্দৰ্ভত দেশৰ আগশাৰীৰ আলোচনী 'ইণ্ডিয়া টুডে'ই চলোৱা 'মুদ অৱ দ্য নেশ্যন' শীর্ষক এক সমীক্ষা মতে নিজ ৰাজ্যত দ্রুত হাৰত জনপ্ৰিয়তা হ্ৰাস পাইছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। এক সমীক্ষা অনুসৰি বিগত জানুৱাৰী মাহত অসমৰ ৬৮.৩ শতাংশ লোক মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজত সন্তুষ্ট থকাৰ বিপৰীতে আগষ্ট মাহত ৪৯.২ শতাংশ লোকেহে মুখ্যমন্ত্ৰীগৰাকীৰ কাম-কাজক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। ইয়াৰ লগে লগে সাত মাহত ১৯ শতাংশ জনপ্রিয়তা হ্রাসেৰে ডঃ হিমন্ত বিশ্ব শৰ্মা সর্বাধিক জনপ্ৰিয়তা হেৰুওৱা মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে। শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত আয়োজিত এক সংবাদ মেলত এই তথ্য দাঙি ধৰে দলটো ৰাজ্যিক মিডিয়া বিভাগৰ অধ্যক্ষ, বিধায়ক ভৰত চন্দ্ৰ নৰহে। 

সংবাদ মেলত নৰহে কয় যিদৰে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰাৰ কিছুমান কাৰণ থাকে, সেইদৰেই জনপ্ৰিয়তা হ্ৰাস পোৱাৰো কিছুমান কাৰণ থাকে। এই কাৰণসমূহ ফহিয়াই চাই অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনপ্ৰিয়তা হেৰুওৱাৰ কাৰণসমূহ বাছি উলিয়াইছে আৰু এই কাৰণসমূহৰ বাবে অনাগত দিনত মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু অধিক জনপ্ৰিয়তা হেৰুৱাব বুলি ভৱিষ্যদ্বাণী কৰিছে। 

মুখ্যমন্ত্ৰীগৰাকীয়ে দ্রুত জনপ্ৰিয়তা হেৰুওৱাৰ আঁৰত থকা বিজেপি চৰকাৰৰ ১৭ টা উল্লেখযোগ্য ব্যৰ্থতাৰ বিষয়ে দাঙি ধৰাৰ লগতে জনপ্ৰিয়তা হেৰুওৱাৰ আৰু কেতবোৰ কাৰণ বিশ্লেষণ কৰে। এই ১৭ টা উল্লেখযোগ্য ব্যর্থতা হৈছে-  ১) মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক নীতি, ২) অসমক অধিক ঋণৰ বোজা জাপি দিয়া, ৩) মূল্যবৃদ্ধি ৰোধত ব্যর্থতা , ৪) নিবনুৱা সমস্যা সমাধানত ব্যর্থতা, ৫) দুর্নীতি নিৰ্মূলকৰণত ব্যৰ্থতা, ৬) অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন, ৭) শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত নীৰৱতা, ৮) অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটীয়ে দাখিল কৰা প্ৰতিবেদন কাৰ্যকৰী নকৰা, ৯) বানপানী আৰু গৰা খহনীয়া ৰোধত ব্যর্থতা , ১০) ছয় জনগোষ্ঠীক জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত নকৰা ১১) বৃহৎ নদীবান্ধৰ সমৰ্থন কৰা, ১২) পুৰণা পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তন নকৰা, ১৩) চুবুৰীয়া ৰাজ্যসমূহৰ লগত থকা সীমা বিবাদ নিষ্পত্তিত ব্যর্থতা, ১৪) উদ্যোগ আৰু বাণিজ্য ক্ষেত্ৰত বিনিয়োগৰ বেলিকা ব্যর্থতা, ১৫) ৰাজনৈতিক উদ্দেশ্য প্রণোদিতভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা, ১৬) বিকল্প সংস্থাপনৰ দিহা নকৰাকৈ গাঁও চহৰ উভয়তে জধে-মধে উচ্ছেদ চলোৱা কাৰ্য আৰু ১৭) য'তে-ত'তে টোল গেট স্থাপন কৰা বিজেপি চৰকাৰৰ এই উল্লেখযোগ্য ব্যৰ্থতাসমূহৰ উপৰি মুখ্যমন্ত্ৰীগৰাকীৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ আঁৰত আৰু কেতবোৰ কাৰক আছে বুলি মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষগৰাকীয়ে৷ 

লগতে তেওঁ কয় যে মুখত দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা,স্বচ্ছ আৰু নিকা নিযুক্তিৰ কথা কোৱা বিজেপিয়ে চাকৰিৰ নামত বৃহৎ বজাৰ এখন চলাই আছে আৰু চাকৰিৰ এই বেহা মূলতঃ বাজপেয়ী ভৱনৰ পৰা পৰিচালিত হৈ আছে। চাকৰিৰ নামত বিজেপিৰ পালিনেতাই কিদৰে তিনিলাখ টকাকৈ সংগ্ৰহ কৰি তাৰ পৰা আঢ়ৈ লাখকৈ টকা ওপৰ মহলক দিয়ে, সেইবোৰ কথা ইতিমধ্যে তেওঁলোকৰ মুখেৰেই পোহৰলৈ আহিছে। বিজেপিৰ ভিতৰচ'ৰাত সম্প্ৰতি ন-বিজেপি আৰু পুৰণি-বিজেপিৰ মাজৰ সংঘাত তুংগত উঠিছে আৰু এই সম্পৰ্কীয় কথা-বতৰাসমূহেও সাধাৰণ মানুহক অতিষ্ঠ কৰি তুলিছে। নিজৰ সাম্প্ৰদায়িক ৰাজনীতি চলাই নিবলৈ এক অনুকূল পৰিৱেশ গঢ়ি তোলাৰ স্বাৰ্থত বিজেপিয়ে ৰাজ্যত সক্ৰিয় আন এক সাম্প্রদায়িক শক্তি এ আই ইউ ডি এফৰ সৈতে অশুভ গোপন সম্পর্ক বজাই ৰখাটো সৰ্বসাধাৰণ ৰাইজে বুজি উঠিছে। স্মার্ট মিটাৰৰ জৰিয়তে বিজেপি চৰকাৰে বিদ্যুৎ গ্রাহকসকলক অভাৱনীয়ভাৱে যি লুণ্ঠন চলাইছে সেয়া কেতিয়াও গ্রহণযোগ্য হ'ব নোৱাৰে আৰু ইয়াক লৈ সৰ্বসাধাৰণ লোক অতিষ্ঠ আৰু বিৰক্ত হোৱাই স্বাভাৱিক। আনহাতে সংবাদ মেলত মেহদী আলম বৰা, গোপাল শৰ্মাকে ধৰি দলটোৰ কেইবাজনো নেতা উপস্থিত আছিল।