Logo
image

উক্তি-বক্ৰোক্তি

চন্দ্ৰযান-৩ৰ সাফল্যৰ পাছত ভাৰতে সফলতাৰে মহাকাশ যাত্ৰা অব্যাহত ৰাখিছে৷ ভাৰতৰ সূৰ্য অভিযানৰ প্ৰথম পদক্ষেপ হিচাপে আদিত্য এল-১ৰ সফল উৎক্ষেপণৰ বাবে মই দেশৰ বিজ্ঞানী আৰু অভিযন্তাসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ৷ 

– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী


বিজেপি চৰকাৰে অসমীয়া নাৰীৰ কাপোৰ খুলিলে৷ শিলসাঁকোত অসমীয়া নাৰীৰ মৰ্যাদা হানি কৰিলে৷ 

– বিধায়ক অখিল গগৈ


ভাৰত এখন হিন্দু ৰাষ্ট্ৰ আৰু সকলো ভাৰতীয়ই হিন্দু আৰু সকলো হিন্দুৱে ভাৰতক প্ৰতিনিধিত্ব কৰে৷ 

– আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত


বস্ত্ৰহৰণকাৰী দুঃশাসনৰ অসমত স্থান নাই৷ পীয়ূষ হাজৰিকাই অসমীয়া জাতিৰ বিৰোধী সত্তা আৰু বিৰোধী কণ্ঠৰ বস্ত্ৰহৰণ কৰিব বুলি কৈছে৷ 

– কংগ্ৰেছৰ সভাপতি ভূপেন বৰা


আমি বিৰোধী দলসমূহে ৬০ শতাংশ ভাৰতীয় জনতাক প্ৰতিনিধিত্ব কৰিছোঁ৷ সেয়ে বিজেপিৰ বাবে এইবাৰৰ বিজয় সহজ নহ’ব৷ বিজেপিৰ চৰকাৰে দুই-তিনিজন ধনকুবেৰক সেৱা কৰে৷ আমাৰ চৰকাৰে দেশৰ দৰিদ্ৰৰ সেৱা কৰিব৷ 

– কংগ্ৰেছ নেতা ৰাহুল গান্ধী


নগাঁৱৰ হিন্দু সমাজৰ প্ৰতি দুৰ্ঘোৰ অন্যায় হৈছে৷ সেয়া মই সদায় ক’ম৷ ইয়াৰ অন্তৰালত কোন আছে সেয়া মই জানো৷ ইয়াক লৈ মোৰ দুখ থাকি যাব৷

–প্ৰাক্তন বিজেপি সাংসদ ৰাজেন গোহাঁই


এসময়ত হিন্দী ছবিত অভিনয় কৰাটো মোৰ স্কুলে সমৰ্থন কৰা নাছিল৷ মোক কৈছিল, মোৰ হিন্দী ছবিত অভিনয়ে বাকী ছাত্ৰ-ছাত্ৰীৰ ওপৰত বেয়া প্ৰভাৱ পেলাব৷ সেয়ে মই স্কুল সলনি কৰিবলগীয়া হৈছিল৷ 

– বৰ্ষীয়ান অভিনেত্ৰী শৰ্মিলা ঠাকুৰ


হিমন্ত বিশ্ব শৰ্মা, তোমাৰ সাহস আছে যদি তুমি শিলসাঁকোলৈ আহা৷ তুমি যে শিলসাঁকোত বুলড’জাৰ লগাই ঘৰ ভাঙিছা, তোমাক প্ৰশ্ন কৰিছোঁ– বাজপেয়ী ভৱন বুলড’জাৰ লগাই কিয় নাভাঙা? বাজপেয়ী ভৱনত নাৰী নিৰ্যাতন চলিছে, সেয়া তুমি নাজানা নেকি? 

– তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা


২০২৪ চনত যদি বিৰোধীয়ে বিজেপিক পৰাস্ত কৰিব নোৱাৰে তেন্তে নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী হ’ব আৰু তাৰ পাছত তেওঁ কোনোদিনেই ভাৰতত নিৰ্বাচন অনুষ্ঠিত নকৰিব৷ 

– সমাজবাদী পাৰ্টীৰ সাংসদ কপিল ছিবাল


কাপোৰ খোলাটো যদি অপসংস্কৃতি, তেন্তে অপসংস্কৃতিৰ মূল বাহক হৈছে ভূপেন বৰা৷

– মন্ত্ৰী পীয়ূষ হাজৰিকা