Logo
image

নিৰ্বাচনৰ পূৰ্বেই ব্যাপক হাৰত সংৰক্ষণ বৃদ্ধিৰ যো-জা কেন্দ্ৰৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩ ছেপ্টেম্বৰঃ শত্ৰুৰ ক্ৰমবদ্ধিৰ্ত শক্তিত উদ্বিগ্ন হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিয়ে আগন্তুক সাধাৰণ নিৰ্বাচনত ৰাজনৈতিক প্ৰতিদ্বন্দ্বীক সংহাৰ কৰাৰ বাবে সকলোধৰণৰ অস্ত্ৰ প্ৰয়োগ কৰিবলৈ প্ৰস্তুতি চলাইছে৷ এফালে যিদৰে ইছৰোৰ মহাকাশ অভিযানৰ সাফল্যক সাৰথি কৰিছে, আনফালে মোদী চৰকাৰে ‘এক দেশ, এক নিৰ্বাচন’ৰ প্ৰক্ৰিয়া প্ৰয়োগেৰে বিৰোধী দলক শলঠেকত পেলাবলৈ পৰিকল্পনা কৰিছে৷ মোদী চৰকাৰৰ তেনে একাধিক পৰিকল্পনাৰ অন্যতম অস্ত্ৰ হৈ পৰিব লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ অনগ্ৰসৰ শ্ৰেণীৰ সংৰক্ষণ বৃদ্ধি৷ মুলতঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই মোদী চৰকাৰে নিৰ্বাচনৰ পূৰ্বেই অ’বিচি বা অন্যান্য পিছপৰা সম্প্ৰদায়ৰ সংৰক্ষণ বৃদ্ধিৰ পৰিকল্পনা হাতত লৈছে৷ মোদী চৰকাৰৰ নিৰ্দেশত দিল্লী উচ্ছ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ জি ৰোহিনী আয়োগে সাজু কৰি উলিওৱা অ’বিচি-ৰ হাজাৰ পৃষ্ঠাৰ প্ৰতিবেদন এতিয়া সাধাৰণ নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিৰ বাবে তুৰুপৰ তাচ হৈ পৰিছে বুলি দেশৰ ৰাজনৈতিক মহলত প্ৰবল চৰ্চা হৈছে৷ জি ৰোহিনী নেতৃত্বাধীন আয়োগ যোৱা জুলাইত তেওঁলোকৰ অ’বিচি সম্পৰ্কীয় বিস্তৃত প্ৰতিবেদন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতত জমা দিছে৷ সেই প্ৰতিবেদন এতিয়াও প্ৰকাশ হোৱা নাই৷ কিন্তু জিৰোহিনী আয়োগৰ হাজাৰ পৃষ্ঠাৰ প্ৰতিবেদনত অ’বিচি অৰ্থাৎ অন্যান্য পিছপৰা সম্প্ৰদায়ৰ সংৰক্ষণ এতিয়া থকা সংৰক্ষণতকৈ বৃদ্ধি কৰিবলৈ প্ৰস্তাৱ দিয়া বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে৷ বিভিন্ন জাতি-জনগোষ্ঠীৰে ভৰপুৰ ভাৰতত অন্যান্য পিছপৰা সম্প্ৰদায় বা অ’বিচিৰ সংখ্যাই অধিক, সেয়া বাস্তৱ সত্য৷ কিয়নো দেশৰ মুঠ জনসংখ্যাৰ ৫২ শতাংশই হৈছে অ’বিচি আৰু তাৎপৰ্যপূৰ্ণভাৱে দেশৰ মুঠ ভোটাৰৰ ৪০ শতাংশই হৈছে অ’বিচি বা অন্যান্য পিছপৰা সম্প্ৰদায়ৰ৷ নৰেন্দ্ৰ মোদীৰ বিজেপিৰ চকু সেই ৪০ শতাংশ অ’বিচি ভোটাৰৰ ওপৰত  নিবদ্ধ হৈছে আৰু অহা ১৮-২২ ছেপ্টেম্বৰত অনুষ্ঠিত কৰিবলৈ লোৱা সংসদৰ বিশেষ অধিৱেশনত জি ৰোহিনী আয়োগে দাখিল কৰা প্ৰতিবেদন আলোচনাৰ বাবে উত্থাপন কৰাৰ সিদ্ধান্ত লৈছে৷ ধাৰণা কৰা হৈছে, এই আলোচনাৰ পাছতে মোদী চৰকাৰে দেশৰ অন্যান্য পিছপৰা সম্প্ৰদায়ৰ সংৰক্ষণ বৃদ্ধিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব৷ দেশৰ ৪০ শতাংশ ভোটাৰৰ কথা চিন্তা কৰি আন আন বিৰোধী ৰাজনৈতিক দলে মোদী চৰকাৰৰ এই প্ৰস্তাৱৰ বিৰোধিতা কৰিবলৈ সাহ নকৰিব৷ কিন্তু সংৰক্ষণ বৃদ্ধিৰ দ্বাৰা ২০২৪ৰ সাধাৰণ নিৰ্বাচনত বিজেপিৰ বাবে অ’বিচি ভোটেই হৈ পৰিব ট্ৰাম্প কাৰ্ড৷

ভাৰতত সম্প্ৰতি চৰকাৰী চাকৰি, শিক্ষা প্ৰতিষ্ঠানত অ’বিচি-ৰ বাবে ২৭ শতাংশ সংৰক্ষণ আছে৷ এই সংৰক্ষণৰ ভিতৰত অন্তৰ্ভূক্ত হৈ আছে দেশৰ ৫-৬ হাজাৰ অন্যান্য পিছপৰা সম্প্ৰদায়৷ কিন্তু তেওঁলোকৰ মাত্ৰ ৫০টা মাত্ৰ গোষ্ঠীয়েহে সংৰক্ষণৰ মূল সুবিধা ভোগ কৰে৷ এই বিসংগতিৰ কথা জানিয়েই ২০১৭ চনৰ অক্টোবৰত দিল্লী উচ্ছ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ জি ৰোহিণীৰ নেতৃত্বত এখন আয়োগ গঠন কৰি বিস্তৃত প্ৰতিবেদন প্ৰস্তুত কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল৷ আয়োগক মুলতঃ তিনিটা দায়িত্ব অৰ্পণ কৰা হৈছিল– ১৷ দেশৰ সকলো অন্যান্য পিছপৰা সম্প্ৰদায়ৰ চিনাক্তকৰণ আৰু তেওঁলোকক উপ-ভাগত বিভক্ত কৰা, ২] অ’বিচিৰ ভিতৰতে থকা ৩০০০ৰো অধিক গোষ্ঠীৰ ক্ষেত্ৰত চলি থকা বৈষম্য বিচাৰি উলিওৱা আৰু ৩] অ’বিচি বা অন্যান্য পিছপৰা সম্প্ৰদায়ৰ সকলোৰে সুবিধা হোৱাকৈ সংৰক্ষণ বৃদ্ধিৰ সংখ্যাৰ প্ৰস্তাৱ দাঙি ধৰা, সুবিধা সঠিকভাৱে বিতৰণৰ পৰিকল্পনা দাঙি ধৰা আৰু কিদৰে সংৰক্ষণ বৃদ্ধি কৰিব  তাৰ প্ৰণালী স্থিৰ কৰা৷ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি জি ৰোহিণী আয়োগে দাখিল কৰা প্ৰতিবেদন দুভাগত বিভক্ত৷ তাৰ প্ৰথম অংশত আছে কিদৰে সংৰক্ষণ বিতৰণ কৰিব বা কৰা উচিত তাৰ উপায়৷ দ্বিতীয় অংশত আছে সমগ্ৰ দেশৰ ২৬০০ অ’বিচি সম্প্ৰদায়ৰ সকলো গোষ্ঠীৰ নৱতম তালিকা৷ সংৰক্ষণৰ ক্ষেত্ৰত সমতা অনাৰ বাবে প্ৰতিবেদনত অ’বিচিৰ ভিতৰতে কেইবাটাও ‘ছাব কেটেগৰী’ বা উপ বিভাগ সৃষ্টি কৰাৰ প্ৰস্তাবো চৰকাৰক দিয়া হৈছে৷ জানিব পৰা মতে জি ৰোহিণী আয়োগৰ প্ৰতিবেদনৰ প্ৰস্তাৱ মোদী চৰকাৰৰ মনঃপুত হৈছে৷ সেয়ে মোদী চৰকাৰে সংসদৰ বিশেষ অধিৱেশনত এই প্ৰতিবেদন আলোচনা কৰি ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বেই নতুন বিধেয়ক উত্থাপন কৰি বলবৎ কৰাৰ পৰিকল্পনা কৰিছে৷ মোদী চৰকাৰৰ বিশ্লেষণ, সংৰক্ষণ বৃদ্ধি কৰিব পাৰিলে অহা নিৰ্বাচনত শাসনাধিষ্ঠিত বিজেপি লাভাস্থিত হ’ব৷ 

অন্যান্য পিছপৰা সম্প্ৰদায়ৰ সংৰক্ষণ বৃদ্ধি কৰিলে সেয়া কাটি নিব লাগিব অসংৰক্ষিত শ্ৰেণীৰ পৰা৷ কিয়নো সংবিধান অনুসৰি পূৰ্বে সংৰক্ষিত শ্ৰেণীৰ পৰা কোনো শতাংশই কৰ্তন সম্ভৱ নহ’ব৷ তেনে পৰিস্থিতিত চৰকাৰৰ উচ্ছপদ উচ্ছ বৰ্ণৰ তুলনাত, যি নিজৰ অৰ্হতাৰে পদ লাভ কৰে, তেওঁলোকতকৈ  অ’বিচিৰ সংখ্যা বৃদ্ধি পাব আৰু দেশৰ সামাজিক সমীকৰণেই সলনি হৈ যাব৷ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰ অৱশ্যে এটা আশংকাও আছে৷ কিয়নো বিশ্বনাথ প্ৰতাপ সিং মন্ত্ৰীসভাই মণ্ডল আয়োগৰ পৰামৰ্শ বলবৎ কৰিবলৈ গৈ কেৱল মন্ত্ৰীসভাই হেৰুওৱা মাছিল, দেশৰ ৰাজনীতিত নিশ্চিহ্ন হৈ গৈছিল উত্তৰ ভাৰতত সেই সময়ৰ সবাটোকৈ গ্ৰহণযোগ্য প্ৰধানমন্ত্ৰী কিম্বা ৰাজনৈতিক  নেতাজন৷ সেই পদক্ষেপ আছিল পিছপৰা সম্প্ৰদায়ৰ সপক্ষে৷ পিছে দেশৰ উচ্ছবৰ্ণৰ লোক সেই সিদ্ধান্তত ক্ষোভিত হোৱাত বিশ্বনাথ প্ৰতাপ সিঙৰ পতন ঘটিছিল৷ পিছে জি ৰোহিনী আয়োগৰ প্ৰতিবেদনৰ পৰামৰ্শৱলী মোদী চৰকাৰৰ মনঃপুত হৈছে৷ এই পৰামৰ্শৱলী বলবৎ কৰিলে সেয়া মণ্ডল আয়োগৰ পৰামৰ্শৱলীৰ দৰে বুমেৰাং নহ’ব বুলিয়েই বিজেপিৰ ‘ৰিচাৰ্চ গোট’ৰ ধাৰণা৷ সেয়ে নৰেন্দ্ৰ মোদী চৰকাৰে লোকসভা নিৰ্বাচনৰ পূৰ্বেই জি ৰোহিণী আয়োগৰ প্ৰতিবেদন বলবৎ কৰি দেশত অন্যান্য পিছপৰা সম্প্ৰদায়ৰ সংৰক্ষণ বৃদ্ধি কৰাৰ বাবে একপ্ৰকাৰ মন বান্ধিছে৷