Logo
image

লোকসভাৰ পাছতহে পঞ্চায়ত নিৰ্বাচন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ ছেপ্টেম্বৰঃ ‘লোকসভাৰ নিৰ্বাচনৰ পাছতহে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব৷ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে পঞ্চায়তৰ সমষ্টিৰ ব্যাপক পুনৰ গঠন হ’ব৷’– এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ শনিবাৰে তিনিচুকীয়াত অনুষ্ঠিত বিজেপি মিত্ৰজোঁটৰ বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰি কয় যে অহা জানুৱাৰী মাহত ৰাজ্যৰ আৰক্ষী তথা পুলিচ-প্ৰশাসনৰো ব্যাপক ৰদ-বদল হ’ব৷ কাৰ্যতঃ মুখ্যমন্ত্ৰীৰ ভাষ্যৰ পৰা এটা কথা স্পষ্ট হ’ল যে হয়তো লোকসভাৰ নিৰ্বাচন আগুৱাব পাৰে৷ ইফালে, পঞ্চায়তৰ সমষ্টি পুনৰ গঠনৰ অংশ হিচাপে ৭ ছেপ্টেম্বৰত ৰাজ্যিক নিৰ্বাচন আয়োগে অধিসূচনা প্ৰকাশ কৰিব পাৰে৷ বৈঠকত এই কথাও মুখ্যমন্ত্ৰীয়ে সদৰী কৰা বুলি জানিব পৰা গৈছে৷ বিজেপি তথা অসমৰ এন ডি এ মিত্ৰজোঁটৰ এক উচ্ছস্তৰীয় সূত্ৰই মুখ্যমন্ত্ৰীৰ উদ্ধৃতিৰে এই কথা সদৰি কৰি কয় যে পঞ্চায়তৰ  পুনৰ গঠনৰ লগতে পঞ্চায়ত নিৰ্বাচন প্ৰক্ৰিয়াৰ আমোল পৰিৱৰ্তন হ’ব৷ পূৰ্বৰ দৰে পঞ্চায়তৰ সভাপতিৰ নিৰ্বাচন নহয়৷ গাঁথনি সলনি হ’ব পঞ্চায়তৰ৷ প্ৰতীক চিহ্ন বিহীনভাৱে ৱাৰ্ড সদস্যৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ ৱাৰ্ড সদস্যৰ সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত পঞ্চায়তৰ সভাপতিৰ বাচনি কৰা হ’ব৷ ৱাৰ্ড আৰু পঞ্চায়তৰ সভাপতিৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ তিনি মাহৰ পাছত জিলা পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ এই নিৰ্বাচনত দলীয় প্ৰতীক চিহ্ন থাকিব৷ আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধিৰ নিৰ্বাচন প্ৰক্ৰিয়া কেনে হ’ব সেই সন্দৰ্ভত সকলো দিশ চোৱাচিতা কৰাৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, অগপৰ সভাপতি অতুল বৰা আৰু ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োক লৈ এখন কমিটী গঠন কৰি দিয়া বুলিও জানিব পৰা গৈছে৷ কাৰ্যতঃ এই কমিটীৰ প্ৰতিবেদনৰ ভিত্তিতে আঞ্চলিক পঞ্চায়তৰ কমিটী গঠন হ’ব৷ ৭ ছেপ্টেম্বৰত ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়তৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ অধিসূচনা প্ৰকাশ কৰাৰ পাছতে ৰাজনৈতিক দল তথা ব্যক্ত সংগঠনৰ সৈতে শুনানি অনুষ্ঠিত কৰিব৷