Logo
image

অম্লানৰ বাবে কান্দিব কোনে?

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩ ছেপ্টেম্বৰঃ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খেলত পদক জয় কৰি অসম তথা দেশৰ নাম উজ্বলাই তোলা খেলুৱৈক সম্বৰ্ধনা জনাবলৈ মানুহৰ অভাৱ নোহোৱাটো স্বাভাৱিক৷ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পদক বিজয়ী অসম সন্তানক বিমানবন্দৰৰ পৰা ঢোলে-দগৰে আদৰি অনাই নহয়, ৰাজপথত সমদল বাহিৰ কৰি  হৰ্ষ উল্লাস প্ৰদৰ্পনটো কৃপণালি নকৰে  ৰাজ্যবাসীয়ে৷ আনকি অসমক গৌৰৱান্বিত কৰা খেলুৱৈক ৰাজ্য চৰকাৰে নগদ ধনেৰে পুৰস্কৃত কৰাৰ লগতে চৰকাৰী চাকৰিও উপহাৰ দিয়া দেখা যায়৷ ইমানেই নহয়, পদক বিজয়ী খেলুৱৈৰ সৈতে ছেল্‌ফী তুলি সামাজিক মাধ্যমক বাঃ বাঃ লৈ আত্মপ্ৰশংসাত বিভোৰ হোৱা মানুহৰো অভাৱ নাই এইখন অসমত৷ কিন্তু ৰাজ্যৰ কোনো প্ৰচুৰ সম্ভাৱনা থকা এজন সুদক্ষ খেলুৱৈক দেশক প্ৰতিনিধিত্ব কৰা এখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পৰা বঞ্চিত কৰাৰ পাছতো ৰজাঘৰ-প্ৰজাঘৰ কাৰোৱে যেন কোনো ভ্ৰূক্ষেপ নাই৷ চীনৰ হাংঝুত অহা ২৩ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেম্‌ছত যোগত্য নিৰূপণ কৰাৰ পাছতো আশ্চৰ্যজনকভাৱে ভাৰতীয় এথলেটিক্‌ছৰ তালিকাৰ পৰা কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ে বাদ দিলে দেশৰ ‘দ্ৰুততম মানৱ’ হিচাপে পৰিচিত অসম সন্তান অম্লান বৰগোহাঁইক৷ অথচ অম্লানে বিগত ৪ আগষ্টত চীনৰ চেংডু নগৰীত অনুষ্ঠিত হৈ যোৱা বিশ্ব বিশ্ববিদ্যালয়ৰ ক্ৰীড়া সমাৰোহত ২০.৫৫ ছেকেণ্ডতে নিদিষ্ট লক্ষ্য অতিক্ৰম কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷ সমাগত এছিয়ান গেম্‌ছৰ ২০০ মিটাৰ দৌৰত যোগ্যতাৰ মান আছিল ২০.৬১ ছেকেণ্ড৷ অম্লানে যোগ্যতা মানৰ ০.৬ ছেকেণ্ডৰ পূৰ্বেই লক্ষ্য স্পৰ্শ কৰিছিল৷ আশ্চৰ্যজনক বিষয়টো হৈছে ৪ আগষ্টতে অম্লান বৰগোহাঁয়ে এছিয়ান গেম্‌ছত প্ৰতিদ্বন্দ্বিতাৰ বাবে যোগ্যতা অৰ্জন কৰিছিল যদিও এথলেটিক্‌ছ ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ ষড়যন্ত্ৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে অম্লানক এছিয়ান গেম্‌ছৰ ভাৰতীয় খেলুৱৈৰ তালিকাৰ পৰা বাদ দিছিল৷  দুৰ্ভাগ্যজনক বিষয়টো হৈছে, অসম তথা দেশলৈ পদক আঁজুৰি অনাৰ পূৰ্ণ সম্ভাৱনা থকা সুদক্ষ খেলুৱৈ অম্লান বৰগোহাঁইৰ সৈতে এনে অন্যায় কাৰ্য দেখিও চকু মুদা কুলিৰ ভাৱতহে অৱতীৰ্ণ হ’ল ৰাজনৈতিক নেতাই বিষয়বাব খামুচি থকা অসম এথলেটিক্‌ছ সন্থাই৷ যি সময়ত অম্লানৰ হৈ অসম এথলেটিক্‌ছ এছ’চিয়েশ্বনে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয় আৰু এথলেটিক্‌ছ ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ এই অন্যায় কাৰ্যৰ বিৰুদ্ধে জৱাবদিহি কৰি হেঁচা প্ৰয়োগ কৰিব লাগিছিল, সেই সময়ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিজেপি নেতা গীতাৰ্থ গোস্বামীৰ নেতৃত্বাধীন অসম এথলেটিক্‌ছ সন্থাই বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে৷ অৱশ্যে অম্লানক বঞ্চনাক লৈ প্ৰতিক্ৰিয়াৰ পাছতেই সন্থাৰ এজন বিষয়ববীয়াই এথলেটিক্‌ছ ফেডাৰেশ্বনৰ কৰ্মকৰ্তাৰ সৈতে এবাৰ আলোচনা কৰিয়েই দায়িত্ব সামৰাহে দেখা গৈছে৷ স্বাভাৱিকতেই অম্লান বৰগোহাঁইৰ হৈ সময় থাকোঁতে ই অসমবাসীয়ে প্ৰতিবাদ নকৰিলে অসম তথা ভাৰতে এটা পদক লাভৰ সম্ভাৱনাৰ পৰা বঞ্চিত হোৱাৰো আশংকা ঘণীভূত হৈছে৷ এছিয়াডত পদক জয় কৰাৰ পাছত আনন্দ কৰাতকৈ বিপদৰ সময়ত অম্লানৰ হৈ মাত মাতিবলৈ আৰু অম্লানৰ হৈ কান্দিবলৈয়ো মানুহৰ অভাৱ৷ অৱশ্যে অসম এথলেটিক্‌ছ এছ’চিয়েশ্বনৰ এজন বিষয়ববীয়াই কেন্দ্ৰীয় চৰকাৰে অম্লানৰ বিষয়টো বিবেচনাৰ পৰ্যায়ত ৰখা বুলিও দাবী কৰিছে৷