এইবোৰ খাদ্যই তেজত অক্সিজেনৰ পৰিমাণ বঢ়ায়
তেজত অক্সিজেন পৰ্যাপ্ত থকাটো অতি জৰুৰী৷ মানুহ এজনৰ তেজত ৯০-১০০ থাকিলে স্বাভাৱিকতে মানুহজনক সুস্থ বুলি গণ্য কৰা হয়৷ অক্সিজেনৰ পৰিমাণ ৯০ৰ কম হ’লেই দেহত জটিলতা বাঢ়ে৷ তেজত অক্সিজেনৰ পৰিমাণ কম হ’লেই মানুহৰ শ্বাস-প্ৰশ্বাসত কষ্ট হয়৷ হৃদপিণ্ডৰ স্পন্দন অস্বাভাৱিক হয়৷ দেহত তেজৰ চাপ কমিবলৈ ধৰে৷ পৰিস্থিতি জটিল হৈ পৰিলে কৃত্ৰিমভাৱে অক্সিজেন যোগান ধৰাৰ বিকল্প নাথাকে৷ এনে কিছুমান খাদ্য আছে যিবোৰ নিয়মীয়াভাৱে খালে তেজত অক্সিজেনৰ পৰিমাণ বৃদ্ধি পায়৷ তেনে খাদ্যৰ বিষয়ে আমাৰ এই আলোচনা৷
১৷ কিউইঃ কিউই এনে এবিধ ফল য’ত প্ৰয়োজনীয় বিভিন্ন ধৰণৰ ভিটামিন খনিজ পদাৰ্থ প্ৰচূৰ পৰিমাণে থাকে৷ কিউই ফলত থকা আইৰনে তেজত অক্সিজেনৰ পৰিমাণ বৃদ্ধিত সহায় কৰে৷
২৷ ডালিমঃ ডালিমত প্ৰচূৰ নাইট্ৰেটছ আৰু পলিফেনল্ছ থাকে৷ ই তেজত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰে৷ বহুতে কয় যে ডালিমৰ গুটিৰ ভিতৰত এনে এবিধ উপাদান থাকে যি ৰক্তবাহিকাৰ পথ প্ৰশস্ত কৰাত সহায় কৰে৷
৩৷ পালেং শাকঃ পালেং শাকত নাইট্ৰেট আৰু আইৰণৰ পৰিমাণ যথেষ্ট থাকে৷ দেহত ৰক্ত সঞ্চালনৰ পৰিমাণ বৃদ্ধি কৰিবলৈ ঔষধৰ পৰিৱৰ্তে যিয়ে পালেং শাক খায় তেওঁলোকে বেছি সুফল পায়৷
৪৷ কমলা টেঙাঃ তেজত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰিবলৈ কেৱল আইৰণ সমৃদ্ধ খাদ্য খালেই নহ’ব৷ কিয়নো ভিটামিন ‘চি’ অবিহনে আইৰণে একো কৰিব নোৱাৰে৷ কমলা টেঙাত ভিটামিন ‘চি’ আৰু আইৰণ দুয়োবিধ থাকে৷ তদুপৰি কমলাত থকা এণ্টি অক্সিডেণ্টে তেজত অক্সিজেনৰ পৰিমাণ বৃদ্ধিত অৰিহণা যোগায়৷
৫৷ আখৰোটঃ নিয়মিতভাৱে আখৰোট খালে তেজৰ চাপ নিয়ন্ত্ৰণত থাকে৷ তেজত অক্সিজেনৰ যোগান ঠিকমতে ৰখাৰ উপৰি ধমনীৰ মাজত যদি প্ৰদাহ হয় তাৰ পৰা নিৰাময় পোৱাত যাদুৰ দৰে কাম কৰে আখৰোটে৷