ডাঃ ৰবি কান্ননলৈ এছিয়াৰ নোবেল বঁটাঃ এক আশাৰ বতৰা
ফিলিপাইনছৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ সোঁৱৰণত আন্তৰ্জাতিক বুজাপৰা, সাংবাদিকতা, সাহিত্য আৰু সৃষ্টিশীল কৰ্মৰাজি, সমাজসেৱা, চৰকাৰী সেৱা, ৰাজহুৱা নেতৃত্ব আদি দিশত অনবদ্য অৱদান আগবঢ়োৱা মেগছেছে বঁটা লাভ কৰি এক বিৰল কৃতিত্ব লাভ কৰিছে দেশৰ প্ৰখ্যাত চিকিৎসক, পদ্মশ্ৰী ডাঃ ৰবি কান্ননে৷ বাংলাদেশৰ কৰভি ৰাকচান্দ, ইষ্ট টিম’ৰৰ ইউজেনিঅ’ লেম’ছ, ফিলিপাইনছৰ মিৰিয়াম কৰোনেল ফেৰেৰৰ সৈতে ‘এছিয়াৰ নোবেল’ ৰূপে জনাজাত মেগছেছে বঁটাৰ বাবে অসমৰ কাছাৰ কৰ্কট চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰৰ সঞ্চালক ডাঃ ৰবি কান্নন নিৰ্বাচিত হোৱাটো অসম তথা দেশৰ বাবে গৌৰৱৰ বিষয়৷ ‘হিৰ’ ফ’ৰ হলিষ্টিক হেল্থ কেয়াৰ’ শিতানত এইবাৰ দেশৰ পৰা একমাত্ৰ ভাৰতীয় ৰূপে সন্মানীয় বঁটাটো লাভ কৰা ডাঃ কান্নন সঁচা অৰ্থত এজন হিৰ’৷ মেগছেছে বঁটা ফাউণ্ডেছনৰ ৱেবছাইটত ডাঃ কান্ননক এই সন্মানীয় বঁটাৰ বাবে নিৰ্বাচন কৰাৰ কাৰণ হিচাপে কোৱা হৈছে যে তেওঁৰ উচ্ছ আদৰ্শ, মানৱ সেৱাৰ মনোভাৱ, দৰিদ্ৰ ৰাইজক স্বাস্থ্য সেৱা, অসংখ্য অসহায় কৰ্কট ৰোগীৰ বাবে কৰা মুকলি সেৱা, দক্ষতা আৰু সামাজিক দায়বদ্ধতাই বহু অসহায় লোকৰ জীৱনলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে৷ চেন্নাইৰ আদিয়াৰ কৰ্কট প্ৰতিষ্ঠানত কৰ্কট বিশেষজ্ঞ ৰূপে কাৰ্যনিৰ্বাহ কৰা ডাঃ ৰবি কান্ননে ২০০৭ চনত কাছাৰ কৰ্কট চিকিৎসালয়ত যোগদান কৰাৰ পাছৰ পৰাই সমগ্ৰ চিকিৎসা ব্যৱস্থাৰ লগতে পৰিচালন প্ৰক্ৰিয়াটোত আমূল পৰিৱৰ্তন আৰম্ভ হয়৷ ২৮টা বিভাগ থকা চিকিৎসালয়খনত ডাঃ কান্ননৰ নেতৃত্বত দৰিদ্ৰ, অসহায় ৰোগীক বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে উৎকৃষ্ট মানৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে অসমৰ উপৰি ত্ৰিপুৰা, মণিপুৰ, নাগালেণ্ড, মিজোৰাম আদি ৰাজ্যৰ ৰোগীসকলৰ সোঁত ববলৈ আৰম্ভ কৰে৷ এজন কৰ্মযোগী, দায়িত্বৰ প্ৰতি সদা-সচেতন ডাঃ কান্ননে এক বিৰল আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰাৰ সময়তো ব্যস্ত আছিল অপাৰেচন কক্ষত এজন ৰোগীৰ জীৱন ৰক্ষাৰ কামত৷ সাংবাদিক তথা শুভাকাংক্ষীয়ে এনে এক দুৰ্লভ সন্মান কঢ়িয়াই অনাৰ বাবে অভিনন্দন জনোৱাৰ সময়তো ডাঃ কান্ননে এই সফলতাৰ ভাগ কেৱল নিজে নলৈ অতি বিনম্ৰতাৰে কৈছিল– পদ্মশ্ৰী আৰু মেগছেছে বঁটা প্ৰকৃততে চিকিৎসালয়ত কৰ্মৰত প্ৰতিজন ব্যক্তিৰে সন্মান, প্ৰত্যেকৰে ইয়াত অৰিহণা আছে৷’ সাম্প্ৰতিক সময়ত অসম তথা উত্তৰ-পূবৰ প্ৰায় প্ৰতিখন ৰাজ্যতে কৰ্কট ৰোগীৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ ধঁপাতযুক্ত সামগ্ৰীৰ অবাধ প্ৰচলন, খাদ্যাভাস, জীৱনশৈলী আদি বিভিন্ন কাৰণত কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে যদিও মানুহৰ মাজত যেনে ধৰণৰ সজাগতাৰ প্ৰয়োজন সেয়া গঢ় লৈ উঠা নাই৷ ডাঃ কান্ননে এই সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে এই ক্ষেত্ৰত চৰকাৰৰ লগতে সমাজৰ প্ৰতিটো অংশই সতৰ্কতাৰে কাম কৰাৰ সময় সমাগত৷ লক্ষণীয় বিষয় যে বৰ্ধিত কৰ্কট ৰোগীৰ বিপৰীতে অসমকে মুখ্য কৰি উত্তৰ-পূবৰ ৰাজ্যসমূহত যেনে ধৰণৰ চিকিৎসালয়ৰ প্ৰয়োজন সেয়াও অতি কম৷ কৰ্কট ৰোগৰ পৰীক্ষা-নিৰীক্ষা, কেম’, অপাৰেশ্যন আদি অতি ব্যয়বহুল হোৱাৰ বাবেও বহু ৰোগীয়ে দৰিদ্ৰতাৰ বাবে প্ৰকৃত চিকিৎসাৰ পৰা বঞ্চিত হৈ অকালতে মৃত্যুক সাৱটি লৈছে৷ অসমত বি বৰুৱা কৰ্কট চিকিৎসালয়, মেডিকেল কলেজ আদিত কৰ্কট ৰোগীৰ চিকিৎসা ব্যৱস্থা কৰা হৈছে যদিও কৰ্কট বিশেষজ্ঞৰ সংখ্যা আশানুৰূপ নহয়৷ শেহতীয়াকৈ অসম চৰকাৰে নতুনকৈ কেইবাখনো কৰ্কট চিকিৎসালয় স্থাপনৰ বাবে যো-জা কৰাটো আশাৰ বতৰা হ’লেও পৰ্যাপ্ত বিশেষজ্ঞ চিকিৎসক আৰু অন্যান্য সা-সুবিধা অবিহনে এয়া কিমান ফলপ্ৰসূ হ’ব সেয়া সন্দেহৰ বিষয়৷ কৰ্কট ৰোগৰ সজাগতা, চিকিৎসা আদিৰ ক্ষেত্ৰত ডাঃ তপন শইকীয়াৰ দৰে বিশেষজ্ঞৰ ভূমিকাও প্ৰশংসনীয়৷ আজিৰ মুহূৰ্তত অসমৰ লগতে উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ বাবে প্ৰয়োজন ডাঃ ৰবি কান্নন, ডাঃ তপন শইকীয়াৰ দৰে বহু মানৱ দৰদী, দক্ষ চিকিৎসকৰ৷ বৰ্তমান সময়ত চিকিৎসা সেৱা অতি ব্যয়বহুল হোৱাৰ লগতে একাংশ চিকিৎসকে ৰোগীক কেৱল উপভোক্তাৰ দৃষ্টিভংগীৰে গণ্য কৰাৰ সময়ত ডাঃ কান্ননলৈ এছিয়াৰ নোবেল বঁটা আগবঢ়োৱাতো সমগ্ৰ চিকিৎসক সমাজখনৰ বাবে এক অনুপ্ৰেৰণাৰ বিষয়৷






