Logo
image

লোডশ্বেডিঙত বুৰিছে ৰাজ্য, মন্ত্ৰীও আন্ধাৰত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ ছেপ্টেম্বৰঃ শক্তিশীন এতিয়া যেন শক্তি বিভাগ৷ খোদ বিভাগীয় মন্ত্ৰী নন্দিতা গাৰ্লোচাই অন্ধকাৰত! উৎকট গৰমৰ মাজতে সঘন লোডশ্বেডিঙে শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যবাসীক জ্বলাকলা খুৱাইছে৷ পৰিস্থিতি এনে পৰ্যায় পাইছে গৈ যে অধিকাংশ অঞ্চলতে দিনটোৰ ১৪-১৬ ঘণ্টা পৰ্যন্ত বিদ্যুৎ কৰ্তন কৰিছে শক্তি বিভাগে৷ বিদ্যুতৰ এনে লুকা-ভাকুত  অতিষ্ঠ হৈ পৰিছে জনতা৷ যাৰ বাবে বিধায়কৰ পৰা সাধাৰণ ৰাইজলৈ সকলোৱে শক্তি বিভাগৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ ব্যক্ত কৰা দেখা গৈছে৷ আনকি ঠায়ে ঠায়ে অতীষ্ঠ হৈ পৰা ৰাইজে এপিডিচিএলৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্তও কৰিছে৷ কিন্তু চাহিদা অনুপাতে বিদ্যুৎ যোগান ধৰিব নোৱাৰি এতিয়া নিজৰ অসহায় অৱস্থাৰ কথা স্বীকাৰ কৰিছে শক্তি বিভাগে৷ মুকলি বজাৰৰ পৰা ক্ৰয় কৰা বিদ্যুতৰ মূল্য বৃদ্ধি পোৱাৰ বাবেই লোকচান ভৰি গ্ৰাহকক বিদ্যুৎ যোগান ধৰিব নোৱাৰে বুলিও স্পষ্ট কৰি দিছে শক্তি বিভাগে৷ এই মুহূৰ্তত ধৰালৈ শীতৰ আগমনৰ বাবে অপেক্ষা কৰাৰ বাহিৰে যেন বিকল্প নাই শক্তি বিভাগ তথা এপিডিচিএলৰ৷ উল্লেখ্য, বিগত প্ৰায় দুসপ্তাহ ধৰি ৰাজ্যত অব্যাহত থকা বৰষুণৰ পাছত সম্প্ৰতি প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক৷ কিন্তু  ভূতৰ ওপৰত দানহ পৰাদি ঘণ্টাৰ পাছত ঘণ্টা ধৰি বিদ্যুৎ কৰ্তন কৰাৰ ফলত সাধাৰণ ৰাইজৰ অৱস্থা কাঢ়িল হৈ পৰিছে৷ ৰাজ্যত দৈনিক বিদ্যুতৰ চাহিদা ২৫০০ মেগাৱাট যদিও চাহিদা অনুপাত বিদ্যুৎ যোগানত ব্যৰ্থ হৈছে এপিডিচিএল৷ ফলত দৈনিক ৭০০ মেগাৱাট পৰ্যন্ত বিদ্যুতৰ ঘাটি হোৱাত গাঁও অঞ্চলৰ কথা বাদেই চহৰ অঞ্চলতো বিদ্যুৎ কৰ্তন কৰিবলৈ বাধ্য হৈছে এপিডিচিএলে৷ অৱশ্যে ৰাইজৰ ক্ষোভ দেখি এপিডিচিএলে  দেশত উৎপাদন হ্ৰাস পোৱাত বিদ্যুতৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বাবে মুকলি বজাৰৰ পৰা বিদ্যুৎ ক্ৰয়ত অসমৰ্থ বুলিও স্বীকাৰ কৰিছে৷ এপিডিচিএলে এখন ৰাজহুৱা জাননীত উপভোক্তাসকলক জানিবলৈ দিয়া অনুসৰি– ‘শেহতীয়াকৈ সমগ্ৰ দেশতে শক্তি উৎপাদনৰ হাৰ অভাৱনীয়ভাৱে হ্ৰাস পাইছে৷ এপিডিচিএল দৰে দেশৰ শক্তি বিতৰণ কোম্পানীসমূহে শক্তি উৎপাদনকাৰী প্ৰতিষ্ঠানসমূহৰ পৰা বিদ্যুৎ ক্ৰয় কৰিবলৈ ইণ্ডিয়ান এনাৰ্জী এক্সচেঞ্জ নামৰ প্ৰতিষ্ঠানটোৰ সহায় লয়৷ সাধাৰণ ভাষাত ক’ব গ’লে ই হ’ল বিদ্যুৎ কিনা-বেচাৰ এখন বজাৰ৷ ইয়াত শক্তি উৎপাদনকাৰী প্ৰতিষ্ঠানবোৰে নিজে উৎপাদন কৰা বিদ্যুৎ বিক্ৰী কৰে আৰু এপিডিচিএলৰ দৰে বিদ্যুৎ বিতৰণকাৰী প্ৰতিষ্ঠানবোৰে তাৰ পৰা প্ৰয়োজন অনুসৰি বিদ্যুৎ ক্ৰয় কৰে৷ বৰ্তমান এই মুকলি বজাৰতো বিদ্যুতৰ নাটনিয়ে দেখা দিছে৷ সেয়েহে এপিডিচিএলৰ মুঠ চাহিদাৰ তুলনাত অতি কম পৰিমাণৰ বিদ্যুৎ ক্ৰয় কৰিবলৈ সক্ষম হৈছে৷ বৰ্তমান সময়ত ক্ৰয় কৰা উক্ত কম পৰিমাণৰ বিদ্যুতৰ পৰাই ৰাইজক বিদ্যুৎ যোগান ধৰিবলগীয়া হোৱাৰ ফলত সঘন লোড শ্বেডিং কৰা হৈছে৷ এই অৱস্থা আগন্তুক কিছু দিনলৈ চলি থাকিব৷’ অৱশ্যে এই ৰাজহুৱা জাননীৰ বিপৰীতে এপিডিচিএল কতৃৰ্পক্ষই ‘আমাৰ অসম’ক বিদ্যুৎ নাটনিৰ প্ৰকৃত কাৰণ অৱগত কৰি জানিবলৈ দিয়া অনুসৰি– বৰ্তমান ৰাজ্যত বিদ্যুতৰ চাহিদা ২৫০০ মেগাৱাট যদিও নিজা বিদ্যুৎ উৎপাদন তেনেই সামান্য৷ যাৰ ফলত এপিডিচিএলে দৈনিক মুকলি বজাৰ অৰ্থাৎ ইণ্ডিয়ান এনাৰ্জী একচেঞ্জৰ নিলামত অংশ লৈ  ব্যক্তিগত খণ্ডৰ পৰা বিদ্যুৎ ক্ৰয় কৰে৷ কিন্তু বৰ্তমান বিদ্যুতৰ নাটনিৰ বাবে মুকলি বজাৰতো বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত ১০ টকালৈ বৃদ্ধি পাইছে৷ সেয়ে অসমত দৈনিক ঘাটি প্ৰায় ৭০০ মেগাৱাট যদিও এপিডিচিএলে মুকলি বজাৰৰ পৰা  মাত্ৰ ৩০০ মেগাৱাটহে বিদ্যুৎ ক্ৰয় কৰিবলৈ ধনৰ জোৰা মাৰিব পাৰিছে৷ যাৰ বাবে বাকী ৪০০ মেগাৱাট বিদ্যুৎ গ্ৰাহকক যোগান ধৰিব নোৱাৰাৰ বাবেই বাধ্যত পৰি জোৰা-টাপলি মৰাৰ বাবে ৰাজ্যজুৰি সঘন বিদ্যুৎ কৰ্তন কৰা বুলিও জানিবলৈ দিছে৷ অৰ্থাৎ ৰাইজৰ পৰা প্ৰি-প্ৰেইড মিটাৰ জৰিয়তে আগতীয়াকৈ বিদ্যুতৰ মাচুল আদায় কৰিলেও মুকলি বজাৰৰ বৰ্তমানৰ নিৰিখত বিদ্যুৎ ক্ৰয় কৰিবলৈ হ’লে লোকচান ভৰি উপভোক্তাক বিদ্যুৎ যোগান ধৰিব লাগিব এপিডিচিএলে৷ লোকচানৰ ভয়তে ঘাটি বিদ্যুৎ ক্ৰয় কৰাৰ পৰা বিৰত থাকি এপিডিচিএল তথা শক্তি বিভাগে এই মুহূৰ্তত ৰাজ্যলৈ শীত নমাৰ বাবে অপেক্ষা কৰিছে৷ অৰ্থাৎ অসমবাসীয়ে এতিয়া শীতৰ আগমনলৈ অপেক্ষা কৰাৰ বাহিৰে যেন কোনো বিকল্প নাই!

লোডশ্বেডিঙত অতিষ্ঠ ডিফুবাসী

‘আমাৰ অসম’ৰ ডিফুৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ এফালে তীব্ৰ গৰম, প্ৰায় ৩৬ডিগ্ৰী ছেলছিয়াছ৷ অনুভূতি প্ৰায় ৪৪ডিগ্ৰী৷ ইয়াৰ লগতে সমান্তৰালকৈ প্ৰতিযোগিতাত নামিছে লোডশ্বেডিং আৰু এই দুয়োটাৰ মাজত অতিষ্ঠ ডিফুৰ জনজীৱন৷ গছ-গছনি কাটি পৰিৱেশ ভাৰসাম্য বিনষ্ট কৰা মানৱকুলে এতিয়া এই গৰম সহ্য কৰিবই লাগিব৷ সেয়ে ছেপ্টেম্বৰৰ আৰম্ভণিতো জুন-জুলাইৰ পৰিৱেশ৷ আনহাতে, ভূতৰ ওপৰত দানহ পৰাদি প্ৰতিযোগিতাত নামিছে বিদ্যুৎ বিভাগেও৷ ২৪ ঘণ্টাৰ মাজত মাত্ৰ ৩ৰ পৰা ৪ ঘণ্টা বিদ্যুৎ উপলব্ধ হৈছে৷ গতিকে, গৰম আৰু লোডশ্বেডিঙত  অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ৷ এপিডিচিএলৰ ডিফু বিদ্যুৎ সংমণ্ডলৰ সহকাৰী মহাপ্ৰবন্ধকৰ লগত এই সন্দৰ্ভত যোগাযোগ কৰাত তেওঁ জানিবলৈ দিয়া মতে, ডিফু বিদ্যুৎ সংমণ্ডলৰ অধীনত আছে ডিফু, বোকাজান আৰু লামডিং৷ ডিফু ছাব ষ্টেচনৰ মাজত আছে ধনশিৰিৰ পৰা বৰলাংফেৰলৈকে৷ এই ডিফু ছাব ষ্টেচনৰ বাবেই প্ৰয়োজন ১২ মেগাৱাট৷ কিন্তু তেওঁ দিয়া তথ্য মতে, যোৱা ৩০ আগষ্টত ৬ টা বজাত লাভ কৰা গৈছে ৬ মেগাৱাট আৰু ১০.৩০ বজাত ইয়াতকৈও কম ৫.৮ মেগাৱাট৷ ৩১ আগষ্টত ৩ বজাত লাভ কৰা গৈছে ৮.৫মেগাৱাট৷ অৱশ্যে, ১ ছেপ্টেম্বৰৰ নিশা ১.৩০ টা বজাত প্ৰয়োজনীয় সম্পূৰ্ণ মেগাৱাট লাভ কৰা হৈছে যদিও পুৱা ১০.৩০ টা বজাত ৯.৫ মেগাৱাট লাভ কৰাৰ বিপৰীতে ৩ বজাত মাত্ৰ ২.৫ মেগাৱাট আৰু ৭ বজাত ৭.৫ মেগাৱাট লাভ কৰা গৈছে৷ এই ২.৫ মেগাৱাট দি কোনোপধ্যেই অত্যাৱশ্যকীয় ক্ষেত্ৰতো বিদ্যুৎ যোগান সম্ভৱ নহয়৷ উদাহৰণ হিচাপে তেওঁ কয় যে– আমি অন্তত ডিফু চিকিৎসা মহাবিদ্যালয়ক লোডশ্বেডিঙৰ আউটিৰ বাহিৰত ৰাখিবলৈ চেষ্টা কৰোঁ৷ কিন্তু, ২.৫ মেগাৱাটত সিদিনা সেয়াও সম্ভৱ হোৱা নাছিল৷ সম্ভৱতঃ বঙাইগাঁও টাৰ্মেলত কিছু মেৰামতিৰ কাম চলি থকাৰ বাবেই এই বিদ্যুতৰ নাটনি হোৱা বুলি জানিবলৈ দিয়াৰ লগতে এয়া এক সাময়িক সমস্যা আৰু দুই-এদিনৰ মাজতে এই সমস্যাৰ সমাধান হ’ব বুলিও তেওঁ আশ্বস্ত কৰে৷ কিয়নো ২ ছেপ্টেম্বৰৰ দিনা গোটেই দিনটো ৭.৫ মেগাৱাট লাভ কৰা গৈছে৷ এই সমগ্ৰ বিষয়টো প্ৰয়োজন আৰু যোগানৰ বিষয়৷ সময়ে সময়ে প্ৰয়োজনৰ তুলনাত যোগান কম হয়৷ যেনে এপিজিচিএল বিদ্যুৎ উৎপাদন কৰে আৰু প্ৰয়োজন সাপেক্ষে ভূটান বা অন্যান্য স্থানৰ পৰাও পাৱাৰ গ্ৰীডৰ ৱেব ছিষ্টেম জৰিয়তে সৰ্বভাৰতীয় পৰ্যায়ৰ বিদ্যুৎ ক্ৰয় আৰু যোগান ধৰা হয়৷ বিদ্যুতৰ উৎপাদনৰ বিষয়টো সম্পৰ্কে বিতংকৈ বুজাই কয় যে– যেনে পশ্চিম কাৰ্বি আংলং জিলাত কাৰ্বি লাংপি হাইড্ৰ’ প্ৰজেক্ট আছে৷ কিন্তু, শীতকালত সেই স্থানত পানীৰ পৰিমাণ কমি যোৱাত টাৰ্বাইন চলোৱা কষ্টকৰ হৈ পৰে৷ কিন্তু এই সময়ত কাৰ্বি আংলং জিলা বিদ্যুতৰ পৰা বঞ্চিত নহয়৷ কাৰণ, সেই সময় বাহিৰৰ পৰা ক্ৰয় কৰা বিদ্যুতেৰেই জিলাখন চলি থাকে৷ আচলতে বিদ্যুৎ ক’ত উৎপাদন হৈ আছে আৰু ক’ত গৈছে সেয়া বুজাবলৈ হ’লে আমি যিদৰে চাউল ক্ৰয় কৰোঁ আৰু সেয়া ক’ৰ পৰা আহিছে আমিও নাজানোঁ তেনে এটা বিষয়৷ আজি কাৰ্বি আংলঙত চাউলৰ উৎপাদন কম হ’লেও যিদৰে সাধাৰণ জনতাই চাউলৰ পৰা বঞ্চিত নহয় বিদ্যুতৰ বিষয়টোও  একেই৷ শেষত মহাপ্ৰবন্ধকে আশ্বস্ত কৰি কয় যে লোডশ্বেডিঙৰ বিষয়টো সাময়িক, এতিয়া বহু নতুন উন্নীতকৰণ আৰু সংশোধনৰ প্ৰকল্প গ্ৰহণ কৰা হৈছে৷ ধনশিৰিত ছাব ষ্টেচন, ডিলাই তিনিআলি আৰু চকীহোলাত ছাব ষ্টেচন হ’ব৷ সম্ভৱতঃ পশ্চিম কাৰ্বি আংলং জিলাৰ টুম্প্ৰেঙতো এটা ছাব ষ্টেচন হ’বলৈ গৈ আছে৷ তদুপৰি, আৰডিএছএছ আঁচনিৰ অধীনত এলটিওয়েবি কেবুল লগোৱাৰ কাম আৰম্ভ হ’ব৷ ইয়াৰ ফলত ইমানদিনে চলি অহা বতাহ-বৰষুণৰ দিনত বিদ্যুতৰ তাঁৰৰ ওপৰত সামান্য এটা গছৰ ডাল ছিঙি পৰিলেও য’ত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছিল সেয়া আৰু হৈ নুঠে৷ বিদ্যুৎ বিভাগ এটি অতি সংবেদনশীল বিভাগ৷ আৰু অহা জুন মাহৰ ভিতৰত এই সকলো পৰিকল্পনা কাৰ্যকৰী হৈ উঠিব বুলি জানিবলৈ দিয়ে সহকাৰী মহাপ্ৰবন্ধকজনে৷