Logo
image

নামঘোষা বিশ্বৰেই এক উল্লেখযোগ্য সাহিত্যকৃতি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, বৰপেটা, ৪ ছেপ্টেম্বৰঃ নামঘোষা বিশ্বৰেই এক উল্লেখযোগ্য সাহিত্যকৃতি৷ মাধৱদেৱে জীৱনত অৰ্জিত সমস্ত জ্ঞান, দৰ্শন, আধ্যাত্মিকতা শেষ বয়সৰ এই ঐতিহাসিক সৃষ্টিত সন্নিৱিষ্ট কৰিছিল৷ মুক্তিত নিষ্পৃহ যিটো... বুলি শংকৰদেৱেই শিষ্য মাধৱদেৱক নামঘোষাৰ পাতনি মেলি দিছিল৷ আশ্চৰ্যৰ কথা, মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱৰ অধিকাংশ উল্লেখযোগ্য সৃষ্টি বৰপেটাত বাহৰ পাতি থকাৰ সময়তে৷ এই মন্তব্য বিশিষ্ট সাংবাদিক-সাহিত্যিক, ‘আমাৰ অসম’ কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীৰ৷ মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ উপলক্ষে দেওবাৰে সন্ধিয়া বৰপেটা সত্ৰৰ দালানৰ সন্মুখত দক্ষিণ বৰপেটা শ্ৰীশ্ৰীমাধৱদেৱ সোঁৱৰণী সমিতিৰ উদ্যোগত অনুষ্ঠিত ধৰ্মালোচনা সভাত ভাষণ প্ৰদান কৰি বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে কয়– বৰপেটা সত্ৰই যি সংস্কৃতি ধৰি ৰাখিছে সেয়া অতি প্ৰশংসনীয়৷ মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ নামঘোষাৰ সাহিত্যিকৰূপ গোটেই বিশ্বত বিৰল৷ বিশ্ব সাহিত্যত এনেধৰণৰ সাহিত্যিক গুণসম্পন্ন সৃষ্টি বহু কম আছে৷ মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ জীৱন পৰিক্ৰমা, সৃষ্টিৰাজিৰ মূল্যায়ন কৰি গোস্বামীয়ে কয় যে,  মাধৱদেৱৰ কৈশোৰ-যৌৱন আজিৰ যুৱ প্ৰজন্মৰ কৈশোৰ-যৌৱনৰ সৈতেও বহু মিল আছে৷ এক সংঘাতপূৰ্ণ জীৱনযাত্ৰাৰ মাজেৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱে আগবাঢ়ি যাবলগা হৈছিল৷ উদ্ধৱ চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত ধৰ্মালোচনা সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে অসম আৰক্ষী অনাতাঁৰ সংগঠনৰ আৰক্ষী অধীক্ষক [যোগাযোগ] চিত্তৰঞ্জন ওজা আৰু বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড॰ গোকুল গগৈয়ে৷ ইপিনে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰিয়তম শিষ্য ‘বঢ়াৰ পো’ শ্ৰীশ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি মহোৎসৱৰ মূল সবাহ কাইলৈ মহাপুৰুষজনাই স্থাপন কৰা ‘তিনিও ৰাজ্যৰ বন্দনী থান’ বৰপেটা সত্ৰত পালন কৰা হ’ব৷ সত্ৰীয়া পৰম্পৰা অনুসৰি কাইলৈ চৈধ্য প্ৰসংগৰ উপৰি ভকতসকলে নাম ছন্দ, শৰণ ছন্দ আৰু কেইবাটাও ঘোষা গাই নামৰ সামৰণি মৰাৰ পাছতে ভাগৱত আৰু পাঠপঢ়াৰ অন্তত ভকতসকলৰ মাজত প্ৰসাদ বিতৰণ কৰা হ’ব৷ দিনৰ ভাগত গায়ন-বায়নে গুৰুঘাটা বজোৱাৰ পাছত ভোজন ব্যৱহাৰ অংক ৰূপায়ণ কৰাৰ লগতে ঝুমুৰা প্ৰদৰ্শন কৰা হ’ব৷ বিয়লি ঘোষা কীত্তৰ্ন, ব্যাহ কীত্তৰ্ন কৰাৰ পাছত থুল দক্ষিণহাটীৰ বাপুসকলে সত্ৰত কৰভাৰ প্ৰদান কৰিব৷  এই কৰভাৰত চাউল, কাচকল, কোমোৰা, ঔ টেঙা, মিঠাতেল, নিমখ আদি প্ৰদান কৰা হ’ব৷ উল্লেখ্য, এই কৰভাৰ প্ৰদান বৰপেটা সত্ৰৰ কীত্তৰ্ন মহোৎসৱৰ অন্যতম আকৰ্ষণীয় অনুষ্ঠান৷ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে মথুৰাদাস বুঢ়া আতাক বৰপেটা সত্ৰৰ অধিকাৰ পাতি কৰ আগবঢ়াইছিল৷ পৰৱৰ্ত্তী সময়ত শ্ৰীশ্ৰী নাৰায়ণদাস ঠাকুৰ আতা, শ্ৰীশ্ৰী বৰবিষ্ণু আতা, শ্ৰীশ্ৰী গোপাল আতাকে আদি কৰি আতা পুৰুষসকলেও বৰপেটা সত্ৰলৈ কৰ আগবঢ়াইছিল৷ এই পৰম্পৰাৰ ভিত্তিতে কীত্তৰ্ন মহোৎসৱত কৰভাৰ দিয়া প্ৰথা প্ৰৱত্তিৰ্ত হৈছিল৷