Logo
image

অক্টোবৰৰ ভিতৰত পুনৰ ২২ হাজাৰ নিযুক্তি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ ছেপ্টেম্বৰঃ ৰাজ্যৰ ৩৫টা বিভাগত ৫১৪জন প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান কৰা হয়৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুক্তিৰ বাবে বাছনিভুক্তসকলক দেওবাৰে নিযুক্তি-পত্ৰ বিতৰণ কৰে৷ পূৰ্বৰ বাছনিভূক্তসকলৰ সৈতে একে কাট অব নম্বৰৰ ভিত্তিত উক্ত প্ৰাৰ্থীসকলক নিযুক্তি-পত্ৰ প্ৰদান কৰা হয়৷ পৰৱৰ্তী সময়ত আৰক্ষী বিভাগত প্ৰায় ৫ হাজাৰ, শক্তি বিভাগত  প্ৰায় ৩ হাজাৰ আৰু আন বিভাগত ২০-২২ হাজাৰ নিযুক্তিৰ প্ৰক্ৰিয়া এই মাহতে আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷ তেওঁ আৰু কয়– ছেপ্টেম্বৰ বা অক্টোবৰৰ প্ৰথম সপ্তাহত প্ৰকাশ পাব উক্ত নিযুক্তিৰ বিজ্ঞাপন৷ এই ২০-২২ হাজাৰ নিযুক্তি সম্পূৰ্ণ হ’লে মুঠ নিযুক্তিৰ সংখ্যা এক লাখ পাৰ হ’ব৷ তাৰ পাছতো বছৰি ২০-২৫ হাজাৰ চাকৰি দি থাকিম৷ সমান্তৰালভাৱে ২ লাখ যুৱক-যুৱতীৰ আত্মসংস্থাপনৰ বাবে এখন আঁচনি ল’ব খুজিছোঁ৷ পূজাৰ আগত উক্ত আঁচনি আমি অসমৰ যুৱ সমাজৰ আগত আগুৱাই দিব পাৰিম৷ বৰ্তমানৰ ৰাজ্য চৰকাৰে শাসনভাৰ লোৱাৰ পিছত প্ৰথমখন কেবিনেটত সিদ্ধান্ত লোৱা হৈছিল যে ৰ লাখ চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰা হ’ব৷ ক’ভিড মহামাৰীৰ দ্বিতীয় আৰু তৃতীয় লহৰৰ বাবে যি গতিত এই নিযুক্তি প্ৰক্ৰিয়া আগবাঢ়িব লাগিছিল তেনে গতিৰে আগবাঢ়ি যোৱাটো সম্ভৱ হৈ উঠা নাছিল৷ ক’ভিড মহামাৰীৰ পিছত এই নিযুক্তি প্ৰক্ৰিয়া দ্ৰুত গতিত আগবঢ়াই লৈ যোৱা হৈছিল৷ বৰ্তমানৰ ৰাজ্য চৰকাৰৰ দ্বিতীয়টো কাৰ্যকাল সমাপ্ত হোৱাৰ সময়লৈকে ৮৬,৮৮৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হয়৷ নিযুক্তি প্ৰদানৰ সময়ত শেষ নম্বৰত যিসকলে চাকৰি পাইছিল সেই একেটা নম্বৰতে ৮৩৫ গৰাকী প্ৰাৰ্থী আছিল৷ সেই সময়ত বিজ্ঞাপনত উল্লেখ কৰা হৈছিল যে যিসকল প্ৰাৰ্থীৰ বয়স বেছি তেনে প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হ’ব৷ কিছু সংখ্যক প্ৰাৰ্থীয়ে চাকৰিত যোগদান কৰা নাছিল৷ ইয়াৰ ফলত ৫১৪ টা পদ খালী হয়৷ এই খালী পদতে আজি নিযুক্তিপত্ৰ প্ৰদান কৰা হয়৷

আজি মেধা আৰু ভাগ্যৰ ফলত প্ৰাৰ্থীসকলে নিযুক্তিপত্ৰ লাভ কৰিছে৷  যিসকলে  ভগৱানৰ আশীৰ্বাদ লাভ কৰে সেইসকলে ভগৱানৰ বিশেষ সন্তানৰ বাবে বেছিকৈ কাম কৰিব লাগে  দৰিদ্ৰ, দিব্যাংগ আৰু পিছপৰা সকলৰ বাবে সেৱাৰ মানসিকতাৰে কাম কৰিব লাগিব৷  নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণটো মেধাৰ ভিত্তিত হৈছে৷ এই নিযুক্তিয়ে চৰকাৰী কাৰ্যালয়সমূহত এটা পৰিষ্কাৰ প্ৰক্ৰিয়াৰ সূচনা কৰিব লাগিব৷ কৰ্মচাৰীসকলে লাভ কৰা দৰমহাৰে যি মানদণ্ড লাভ কৰে তাতকৈ উদ্ধৰ্ত চিন্তা কৰিলে দুৰ্নীতিত আশ্ৰয় ল’বলগীয়া হয়৷ নৱনিযুক্ত কৰ্মচাৰীসকলক নিজৰ সক্ষমতাৰ ভিত্তিত জীৱনক আগুৱাই নিবলৈও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়৷ মুখ্যমন্ত্ৰীয়ে কয় যে চলিত বৰ্ষৰ ছেপ্টেম্বৰ অথবা অক্টোবৰ মাহৰ ভিতৰত ২০-২২ হাজাৰ পদত নিযুক্তিৰ বাবে বিজ্ঞাপন দিয়া হ’ব৷ ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে৷ প্ৰতি বছৰতে নিযুক্তি প্ৰক্ৰিয়া চলাই থকাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস চলাই যাব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক ভালদৰে পঢ়া শুনা চলাই যাবলৈ আহ্বান জনাই কয় যে ৰাজ্য চৰকাৰে মেধাৰ ভিত্তিতহে নিযুক্তি প্ৰদান কৰিব৷ ২ লাখ যুৱক-যুৱতীয়ে আত্মসংস্থাপন লাভ কৰিব পাৰে তাৰ বাবে এক নতুন আঁচনিৰ কথাও ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷         

আজিৰ এই অনুষ্ঠানত শক্তি আদি বিভাগৰ মন্ত্ৰী নন্দিতা গৰ্লোচা, সাংসদ পল্লৱলোচন দাস, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং, প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱ প্ৰমুখ্যে শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷