Logo
image

সফল কক্ষপথ পৰিৱৰ্তন আদিত্য এল-১ৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৪ ছেপ্টেম্বৰঃ উৎক্ষেপণৰ ২৪ ঘণ্টাৰ পাছতে দেওবাৰে ইছৰোৱে চন্দ্ৰ অভিমুখে প্ৰেৰণ কৰা আদিত্য এল-১ৰ কক্ষপথ প্ৰথমবাৰলৈ সলনি কৰিছে৷ দেওবাৰে দিনৰ ১২ বজাত আদিত্য এল-১ৰ কক্ষপথ পৰিৱৰ্তন কৰাৰ খবৰ জনায় ইছৰোৱে৷ দ্বিতীয়বাৰ আদিত্য এল-১ৰ কক্ষপথ পৰিৱৰ্তন কৰা হ’ব অহা মঙলবাৰে বিয়লি তিনি বজাত৷ পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ টান এৰি আঁতৰি যাবলৈ এতিয়াও আদিত্য এল-১ক ২২,৪৫৯ কিলোমিটাৰ পথ বাকী আছে৷ এনেদৰে পাঁচবাৰ কক্ষপথ পৰিৱৰ্তনৰ পাছত আদিত্য এল-১ পোনে পোনে সূৰ্যৰ দিশে ধাৱমান হ’ব৷ তাৰ পাছত  লেগৰেঞ্জ নামৰ যি স্থানলৈ আদিত্য এল-১ক প্ৰেৰণ কৰা হৈছে সেই স্থান পাবলৈ সময় লাগিব আৰু ১১০ দিন৷ উল্লেখ্য শনিবাৰে ইছৰোৱে অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান কেন্দ্ৰৰ পৰা আদিত্য এল-১ নামৰ উপগ্ৰহটোৰ সফল উৎক্ষেপণ সম্পন্ন কৰে৷ দিনৰ ১১.৫০ বজাত পি এছ এল ভি ৰকেটৰ জৰিয়তে সফলভাৱে আদিত্য এল-১ক উৎক্ষেপণ কৰাৰ লগে লগে ভাৰতো সূৰ্য অভিযান চলোৱা সীমিত কেইখনমান দেশৰ অন্যতম হৈ পৰে৷ উল্লেখ্য, আমেৰিকাই ’৭০ৰ দশকতে পায়নিয়াৰ প্ৰগ্ৰেমৰ জৰিয়তে সূৰ্যমুখী অভিযান আৰম্ভ কৰিছিল৷ সম্প্ৰতি আমেৰিকাৰ নাছাৰ এটা উপগ্ৰহ পাৰ্কাৰ ছ’লাৰ প্ৰ’বে লেগাৰেঞ্জ অঞ্চলত অৱস্থান গ্ৰহণ কৰি সূৰ্যক প্ৰদক্ষিণ কৰি থকাৰ লগতে আমাৰ সৌৰজগতৰ শক্তিৰ উৎস সূৰ্যক পৰ্যৱেক্ষণ কৰি আছে৷ নাছাৰ পাৰ্কাৰ প্ৰ’বৰ দৰেই ভাৰতৰ আদিত্য এল-১ নামৰ উপগ্ৰহটোও প্ৰকৃততে এটা সূৰ্য পৰ্যৱেক্ষণ কেন্দ্ৰ৷ আদিত্যয়ো লেগৰেঞ্জ অঞ্চল-১ৰ পৰা ‘অৱজাৰভেটৰি’ বা পৰ্যবেক্ষণ কেন্দ্ৰ হিচাপে বাধাহীনভাৱে সূৰ্যক প্ৰদক্ষিণ কৰাৰ লগতে পৰ্যৱেক্ষণো কৰিব৷ লেগৰেঞ্জ অঞ্চলৰ পৰা কোনো প্ৰতিবন্ধকতা নোহোৱাকৈ সূৰ্যক পৰ্যবেক্ষণ কৰাৰ সুবিধা আছে, কিয়নো সেই স্থানত সূৰ্য আৰু আদিত্যৰ মাজত সূৰ্যগ্ৰহণ কিম্বা কোনো মহাজাগতিক প্ৰচ্ছায়াই বাধা দিব নোৱাৰে৷ যি স্থানৰ পৰা আদিত্য এল-১য়ে সূৰ্যক প্ৰদক্ষিণ কৰিব সেই ‘হেলো অৰবিট’ বুলি কোৱা হয়৷  আদিত্য এল-১ৰ যাত্ৰা হ’ব ১২৫ দিনীয়া৷ জানুৱাৰীৰ মাজভাগত আদিত্য এল-১ গৈ লেগৰেঞ্জ-১ পইণ্ট অঞ্চলত উপনীত হ’ব৷ সেই স্থানৰ পৰাই অনিৰ্দিষ্ট কাললৈ আদিত্য এল-১ উপগ্ৰহে সূৰ্যক প্ৰদক্ষিণ কৰিব৷ উল্লেখ্য, চন্দ্ৰযান-৩ৰ দুৰ্দান্ত সাফল্যৰ পাছত ইছৰোৱে যোৱা ২৮ আগষ্টত সূৰ্য অভিযানৰ দিন-ক্ষণ ঘোষণা কৰিছিল৷ শনিবাৰে প্ৰেৰণ কৰা আদিত্য এল-১ লেগৰেঞ্জ পইণ্ট নামৰ এটা অঞ্চলত উপনীত হ’ব, য’ত সূৰ্য আৰু পৃথিৱীৰ আকৰ্ষণ আৰু বিকৰ্ষণ সমানে ক্ৰিয়াশীল৷ সেয়ে লেগৰেঞ্জ পইণ্টত উপনীত হ’লে আদিত্য এল-১ সেই স্থানত স্থিৰ হৈ থাকিব৷ লেগৰেঞ্জ পইণ্ট-১ৰ দূৰত্ব পৃথিৱীৰ পৰা ১৫ লাখ কিলোমিটাৰ৷ আনহাতে, পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব ১৫ কোটি কিলোমিটাৰ৷ পৃথিৱীৰ বাৰ্ষিক গতিৰ ফলত সেই দূৰত্বৰ অৱশ্যে তাৰতম্য ঘটি থাকে৷ ভাৰতে আদিত্য এল-১ক যি স্থানলৈ প্ৰেৰণ কৰিব সেই দূৰত্ব পৃথিৱী আৰু সূৰ্যৰ মূল দূৰত্বৰ ১ শতাংশ৷ অৰ্থাৎ আদিত্য এল-১ পৃথিৱীৰ পৰা সূৰ্যৰ দিশে মাথোঁ ১ শতাংশ দূৰত্বলৈহে আগবাঢ়ি যাব৷ লেগৰেঞ্জ-১ পইণ্টত উপনীত হ’লে আদিত্য এল-১ নামৰ উপগ্ৰহটোৱে সেই দূৰত্বৰ পৰা সূৰ্যক প্ৰদক্ষিণ কৰি থাকিব৷ এয়া হৈছে ভাৰতৰ প্ৰথমটো সূৰ্য অভিযান৷ আদিত্য এল-১ উপগ্ৰহটোৱে লেগৰেঞ্জ অঞ্চলৰ পৰা সূৰ্যক নিৰীক্ষণ কৰিব আৰু মহাকাশৰ পৰিৱেশ, বতৰ, তাৰ ওপৰত সূৰ্যৰ কেনে প্ৰভাৱ থাকে সেয়া উদ্‌ঘাটনৰ চেষ্টা কৰিব৷ সূৰ্যৰ গতিশীলতা আৰু সেই অংশৰ উত্তাপ পৰিমাপ কৰিব আদিত্য এল-ৰয়ে৷ আদিত্য এল-১ত মুঠতে ৭টা পে-লোড বা যন্ত্ৰ থাকিব৷ ইয়াৰে ৪টা পে-লোডে সূৰ্যক পৰ্যবেক্ষণ কৰিব৷ আন ৩টা পে-লোডে বিভিন্ন কণা আৰু ক্ষেত্ৰৰ বিশ্লেষণ কৰিব৷ সামগ্ৰিকভাৱে এই ৭টা পে-লোডে ফটোস্ফিয়াৰৰ পৰা ক্ৰমোস্ফিয়াৰ, সূৰ্যৰ একেবাৰে বাহিৰৰ দিশৰ স্তৰ কৰোণা পৰ্যবেক্ষণ কৰিব৷ সূৰ্যৰ উত্তাপ, সৌৰপদাৰ্থৰ নিঃসৰণ, সৌৰধুমুহাৰ দৰে সূৰ্য সম্পৰ্কিত বিভিন্ন বিষয় আদিত্য এল-১ৰ জৰিয়তে ইছৰোৰ বিজ্ঞানীয়ে জানিব পাৰিব৷ আদিত্য এল-১ৰ পে-লোডত বিদ্যুৎ চৌম্বকীয় কণা আৰু চৌম্বকীয় ক্ষেত্ৰ ডিটেক্টৰ ব্যৱহাৰ কৰা হৈছে৷