Logo
image

কলেষ্টেৰ’লৰ মাত্ৰা কমিলেও কাণেৰে কম শুনিব পাৰে

বয়স বৃদ্ধিৰ লগে লগে অনেকেই কাণেৰে কম শুনে৷ শ্ৰৱণ শক্তি কমি যোৱাৰ বাবে বহু সমস্যা হয়৷ শেহতীয়াকৈ গৱেষণাৰ দ্বাৰা এই কথা গৱেষকসকলে প্ৰমাণিত কৰিছে যে মাত্ৰ বয়সেই নহয় কলেষ্টেৰ’লৰ বাবেও শ্ৰৱণ শক্তি কমি যায়৷ অৰ্থাৎ কলেষ্টেৰ’লৰ মাত্ৰা কমি গ’লেও কাণেৰে আপুনি কম শুনিব পাৰে৷  সেই কথা শেহতীয়াকৈ এদল বিজ্ঞানীয়ে গৱেষণাৰ দ্বাৰা প্ৰমাণ কৰিছে৷ ইনষ্টিটিউট অৱ ফাৰ্মাক’লজি স্কুল অৱ মেডিচিনৰ বিভাগীয় প্ৰধান গৱেষক এম ইউজেনিয়া গোমজ কাছাটিৰ নেতৃত্বাধীন এদল গৱেষকে পৰীক্ষা কৰি দেখে যে তেজত কলেষ্টেৰ’লৰ মাত্ৰা কম হোৱাত এন্দুৰৰ  অন্তঃকৰ্ণত থকা বিশেষ এটি ছেন্সৰি কোষে সঠিকভাৱে কাম কৰা নাই৷ ফলত কাণেৰে শুনাত সমস্যাৰ সৃষ্টি হয়৷ কলেষ্টেৰ’লৰ ঘাটি পূৰণত ফাইটোষ্টেৰ’লৰ প্ৰয়োগৰ পাছত এই ধৰণৰ সমস্যা নিয়ন্ত্ৰিত হয় বুলি গৱেষক দলটোৱে মতপোষণ কৰিছে৷ এই তথ্য সম্প্ৰতি অপেন এক্সচেজ জাৰ্ণাল পিএলঅ’এছ বায়’লজী পত্ৰিকাত প্ৰকাশ পাইছে৷ গৱেষকসকলৰ ধাৰণা শ্ৰৱণ শক্তি কমি যোৱাৰ নেপথ্যত কাণৰ আউতাৰ হেয়াৰ ছেলছৰ মাজত থকা কলেষ্টেৰ’লৰ উপস্থিতি প্ৰসংগতঃ অন্তৰ্নিহিত হৈ আছে৷ কাণৰ ভিতৰৰ বিশেষ এই কোষত কলেষ্টেৰ’ল থাকে৷ বয়স বৃদ্ধিৰ লগে লগে এই কোষৰ পৰিমাণ কমি আহে আৰু শ্ৰৱণ শক্তি হ্ৰাস পায়৷ সেই ধাৰণা লৈয়ে গৱেষণা আৰম্ভ কৰে বিজ্ঞানীৰ দলটোৱে৷ দলটোৱে এন্দুৰৰ শৰীৰত বাহিৰৰ পৰা উদ্ভিজ্জ কলেষ্টেৰ’ল প্ৰয়োগ কৰে৷ বেছ কিছুদিন ধৰি এই প্ৰক্ৰিয়া চলোৱাৰ পাছত বিজ্ঞানীৰ দলটোৱে লক্ষ্য কৰে যে বয়স বাঢ়িলে কাণৰ চেন্সৰি কোষত থকা কলেষ্টেৰ’লৰ মাত্ৰাত তাৰ প্ৰভাৱ পৰে৷ ফলত শ্ৰৱণ শক্তি লোপ পায়৷