Logo
image

স্বামী, লিংকমেনসহ গ্ৰেপ্তাৰ এএছপি গায়ত্ৰী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ ছেপ্টেম্বৰঃ অৱশেষত গ্ৰেপ্তাৰ হ’ল বজালীৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱাল৷ চুপাৰি ব্যৱসায়ী ৰবিউল ইছলামক ড্ৰাগছ, সোণৰ বিস্কুটৰ লুকুৱাই ৰখাৰ মিছা অভিযোগত মাৰপিট কৰাৰ লগতে পাঁচ কোটি টকা ধন দাবী কৰা গোচৰত নাম সাঙোৰ খাই পৰিছিল বৰ্তমান গুৱাহাটী আৰক্ষী আয়ুক্তালয়ত কৰ্মৰত এ পি এছ বিষয়া গায়ত্ৰী সোণোৱালৰ৷ এ এছ পি গায়ত্ৰী সোণোৱালেই নহয়, গায়ত্ৰী সোণোৱালৰ স্বামী সুভাষ চন্দ্ৰা ওৰফে ববী সিং ওৰফে   চনী শৰ্মাই পিষ্টল লৈ ভুক্তভোগী ব্যৱসায়ীজনক ধন দাবী কৰি এনকাউণ্টাৰৰ ভাবুকি দিয়াৰ অভিযোগ উঠিছিল৷ বজালীৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ কুমাৰ বুঢ়াগোহাঁই আৰু ডি এছ পি পুষ্কল গগৈৰো নাম সাঙোৰ খাই পৰা এই গোচৰটোত দুদিন ধৰি চলোৱা জেৰাৰ অন্তত শনিবাৰে চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল ভৱানীপুৰ থানাৰ এ এছ আই দেৱজিৎ গিৰি, এছ পিৰ গাড়ী চালক দিপজ্যোতি কলিতা, আৰক্ষীৰ অস্থায়ী গাড়ী চালক নবিৰ আহমেদ আৰু এ এছ পিৰ দেহৰক্ষী কনিষ্টবল ইনজামামুন হুছেইনক৷ এই চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাছতেই শনিবাৰে নিশা গুৱাহাটীস্থ চৰকাৰী আৱাসৰ পৰা চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে বজালীৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱাল আৰু তেওঁৰ স্বামী স্বয়ম্ভু এনকাউণ্টাৰ স্পেচিয়েলিষ্ট সুভাষ চন্দ্ৰাক৷ আনহাতে শনিবাৰে নিশাই ৰবিউল ইছলামৰ ধন দাবী কাণ্ডৰ দালাল কিশোৰ বৰুৱাক আটক কৰাৰ পাছত দেওবাৰে গ্ৰেপ্তাৰ কৰে৷ অৱশ্যে এই গোচৰটোত এজাহাৰত নাম থকা এছ পি সিদ্ধাৰ্থ বুঢ়াগোহাঁই, ডি এছ পি পুষ্কল গগৈ, এ এছ আই শশাংক দাস আৰু অ’ চি অনুপজ্যোতি পাতিৰক তিনিদিন ধৰি জেৰা কৰিছে যদিও ৰহস্যজনক কাৰণত বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰা নাই৷ উল্লেখ্য, ১৬ আগষ্টৰ নিশা ৰবিউল ইছলামক বৰপেটাৰ ঘৰৰ পৰা তুলি আনি সম্পূৰ্ণ দুটা দিন থানাত আৱদ্ধ কৰি ৰাখি নিৰ্মম অত্যাচাৰ চলোৱাৰ লগতে ধন দাবী কৰিছিল বজালী আৰক্ষীয়ে৷ আনকি দাবীকৃত ধন দিবলৈ অস্বীকাৰ কৰাত এ এছ পি গায়ত্ৰী সোণোৱালৰ স্বামী সুভাষ চন্দ্ৰাই ৰবিউলক এটা পৰিত্যক্ত ডিটাৰজেন ফেক্টৰিলৈ নি নিজকে ডি জি পিৰ এনকাউণ্টৰ স্পেচিয়েলিষ্ট বুলি পৰিচয় দি পিষ্টল দেখুৱাই এনকাউণ্টাৰ কৰাৰ ভাবুকি দিছিল৷ এই ভাবুকিৰ পাছতেই প্ৰাণ ৰক্ষাৰ স্বাৰ্থত ৰবিউল ইছলামে পৰিয়ালৰ লোকৰ জৰিয়তে বজালী আৰক্ষীক নগদ দহ লাখ টকা দিয়াৰ লগতে ৰবিউলৰ মাতৃৰ পৰা ২১খন চেকত দহ লাখ টকাকৈ স্বাক্ষৰ কৰোৱাই লৈছিল আৰক্ষীয়ে৷ আনকি ইয়াৰ পাছতো এ এছ পি গায়ত্ৰী সোণোৱালে ৰবিউলৰ লগতে ৰবিউলৰ পৰিয়ালৰ লোকক বাকী দাবীকৃত ২.৫০ কোটি টকা আদায় দিবলৈও বাৰে বাৰে ভাবুকি দিছিল৷ তদুপৰি ৰবিউলৰ ভনী জোঁৱায়েকক নিজৰ চৰকাৰী আৱাসলৈ ফোন কৰি মাতি আনি এখন ইন’ভা বাহন উপহাৰ বিচৰাৰ লগতে ৰবিউলৰ পৰা জব্দ কৰা মোবাইল, পাচপৰ্ট, এটিএম কাৰ্ড আদি মোকলাই দিয়াৰ বাবদো পাঁচ লাখ টকা দাবী কৰিছিল এ এছ পি গায়ত্ৰী সোণোৱালে৷ বজালী আৰক্ষীয়ে এই ধনদাবী কৰা কাৰ্যত দালাল হিচাপে কিশোৰ বৰুৱাক ব্যৱহাৰ কৰিছিল৷ তাৎপৰ্যপূৰ্ণভাৱে চি আই ডিয়ে গ্ৰেপ্তাৰৰ পাছতেই এ এছ পি গায়ত্ৰী সোণোৱালে বেমাৰৰ ভাও ধৰিছিল যদিও দেওবাৰে তদন্তকাৰী আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ তদন্তত চি জে এম আদালতত হাজিৰ কৰোৱাই গায়ত্ৰী সোণোৱালৰ লগতে তেওঁৰ সাক্ষী সুভাষ চন্দ্ৰা আৰু দালাল কিশোৰ বৰুৱাক আৰক্ষীয়ে তিনি দিনৰ জিম্মাত লৈছে৷ অৱশ্যে এজাহাৰত নাম থকাৰ পাছতো এছ পি সিদ্ধাৰ্থ বুঢ়াগোহাঁই আৰু ডি এছ পি পুস্কল গগৈক বৰ্তমানলৈ গ্ৰেপ্তাৰ নকৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কিন্তু ৰাইজৰ সন্দেহৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধনদাবী কাৰ্যত জড়িত কাকো ৰেহাই দিয়া নহয় বুলিও ঘোষণা কৰিছে৷ ইফালে চি আই ডিৰ এটা শীৰ্ষ সূত্ৰই জানিবলৈ দিয়া অনুসৰি ধন দাবী কাৰ্যত এজন অৱসৰপ্ৰাপ্ত শীৰ্ষ আৰক্ষী বিষয়া জড়িত থকাৰ তথ্য লাভ কৰিছে৷ সূত্ৰটোৰ মতে দালাল কিশোৰ বৰুৱাক অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে কৰ্মৰত অৱস্থাত নিজৰ ইনফৰ্মাৰ হিচাপে ব্যৱহাৰ কৰিছিল৷ শেহতীয়াকৈ ইনফৰ্মাৰ কিশোৰ বৰুৱাই চুপাৰি ব্যৱসায়ী ৰবিউল ইছলামৰ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত শীৰ্ষ আৰক্ষী বিষয়াজনক খবৰ দিয়াৰ পাছতেই বজালী আৰক্ষীয়ে ৰবিউলক ঘৰত অভিযান চলাইছিল বুলিও চি আই ডিৰ সূত্ৰটোৱে দাবী কৰিছে৷ আনকি ৰবিউলৰ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে ফোন কৰি বজালীৰ এছপিক অৱগত কৰিছিল বুলিও তদন্তকাৰী বিষয়াৰ সূত্ৰটোৱে জানিবলৈ দিছে৷