Logo
image

এছপি সিদ্ধাৰ্থ, ডিএছপি পুষ্কল গ্ৰেপ্তাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু ভৱানীপুৰৰ প্ৰতিবেদক, ৫ ছেপ্টেম্বৰঃ বজালী-কাণ্ডৰ সৈতে নাম সাঙোৰ খাই পৰা জিলাখনৰ তদানীন্তন আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁই আৰু ডিএছপি পুষ্কল গগৈক সোমবাৰে পুৱতি নিশা চিআইডিয়ে গ্ৰেপ্তাৰ কৰে৷ গ্ৰেপ্তাৰৰ পূৰ্বে তদানীন্তন এছপি সিদ্ধাৰ্থ বুঢ়াগোহাঁইক লগত লৈ চিআইডিৰ দল এটাই দেওবাৰে নিশা দহ বজাৰ পৰা পাঠশালাত বাহৰ পাতি অভিযান চলায়৷ পুৱতি নিশা প্ৰায় ৩.৩০ বজালৈ চলে এই অভিযান৷ আৰক্ষী অধীক্ষকৰ বাসভৱনতো চিআইডিৰ দলটোৱে অভিযান চলায়৷ আনহাতে, সমগ্ৰ দিনে-নিশাই মাৰাথান জেৰা চলোৱাৰ অন্তত ডিএছপি পুষ্কল গগৈকো চিআইডিয়ে সোমবাৰে পুৱতি নিশা গ্ৰেপ্তাৰ কৰে৷ চিআইডিয়ে চলোৱা এই জেৰাৰ সময়ত পুষ্কল গগৈৰ     বিৰুদ্ধে পৰ্যাপ্ত তথ্য-প্ৰমাণ লাভ কৰাৰ  পাছতে তেওঁক গ্ৰেপ্তাৰ কৰে৷ বজালীৰ তদানীন্তন আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁই আৰু ডিএছপি পুষ্কল গগৈক চিআইডিয়ে পাছত কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় আৰু আদালতে দুয়োকে ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে৷ উল্লেখ্য, বিগত তিনিদিন ধৰি সিদ্ধাৰ্থ বুঢ়াগোহাঁই আৰু পুষ্কল গগৈক জেৰা চলাই আছিল চিআইডিয়ে৷ আজি পুৱাৰ ভাগত চিআইডিৰ সদৰত উপস্থিত হয় অসম আৰক্ষীৰ বিশেষ ডিজিপি হৰমিৎ সিং৷ তেওঁ সমগ্ৰ ঘটনাটোৰ অগ্ৰগতিৰ বুজ লয়৷ আনহাতে, আৰক্ষী অধীক্ষক তথা উপ-আৰক্ষী অধীক্ষক পৰ্যায়ৰ দুজনকৈ বিষয়াক একে সময়তে গ্ৰেপ্তাৰ কৰাৰ পাছতে অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে টুইট কৰি কয়– ‘আপোচবিহীন আৰু অদম্য৷’ বজালী-কাণ্ডক লৈ আৰক্ষী সঞ্চালকপ্ৰধানৰ এই প্ৰতিক্ৰিয়াই বিশেষ তাৎপৰ্য বহন কৰিছে৷ বজালী-কাণ্ডত নাম সাঙোৰ খাই পৰা আৰক্ষীৰ ৬জন বিষয়া-কৰ্মচাৰী আজি পৰ্যন্ত গ্ৰেপ্তাৰ হৈছে৷ গ্ৰেপ্তাৰ হোৱা অন্য তিনিজনৰ এজন আৰক্ষী অধীক্ষকৰ অস্থায়ী গাড়ীচালক, এজন এএছপিৰ স্বামী আৰু এজন মধ্যভোগী৷ উল্লেখ্য,  যোৱা নিশা প্ৰায় দহ বজাত চি আই ডিৰ এটা বৃহৎ দলে বজালী জিলাৰ সদৰ পাঠশালাত বাহৰ পাতে৷ চি আই ডিৰ দলটোৱে লগত নিছিল বজালীৰ তদানীন্তন এছ চি সিদ্ধাৰ্থ বুঢ়াগোহাঁইক৷ চিআইডিৰ দলটোৱে এখন মোবাইলৰ দোকানৰ মোবাইল ৰিপেয়াৰিং কৰা জিতু ওৰফে জুবু নামৰ যুৱকজনক নিশা প্ৰায় ১০-৩০ বজাত মাতি আনি সোধা পোছা কৰে৷ জিতু ওৰফে জুবু নামৰ যুৱকজনক বজালীৰ আৱৰ্ত ভৱনলৈ নিও চি আই ডিৰ দলটোৱে দীৰ্ঘ সময় ধৰি সোধা পোছা কৰে৷ জিতু ওৰফে জুবুৱে জনোৱা মতে, যোৱা ১৬ জুলাইৰ পিছত সেই সময়ৰ বজালী এছ পি সিদ্ধাৰ্থ বুঢ়াগোহাঁইয়ে নিজৰ গাড়ী চালক গৃহৰক্ষী বাহিনীৰ জোৱান দ্বীপজয় ৰয়ৰ জৰিয়তে এটা লেপটপৰ চফ্‌টৱেৰ আপডেট কৰিবলৈ দিছিল আৰু জিতু ওৰফে জুবুৱে লেপটপটো ফ’ৰমেট কৰি আপডেট কৰি দিছিল৷ সেই লেপটপটো আছিল ৰবিউল ইছলামৰ৷ সোধা পোছাৰ অন্তত জিতু ওৰফে জুবুক নিশাৰ ভাগতেই চি আই ডিয়ে আৰক্ষীৰ গাড়ীৰে ঘৰত থৈ আহে৷ ইয়াৰ পিছতে তদানীন্তন এছ পি সিদ্ধাৰ্থ বুঢ়াগোহাঁইক লগত লৈ চি আই ডিৰ দলটোৱে বজালী জিলা আৰক্ষী অধীক্ষকৰ চৰকাৰী বাসভৱনত প্ৰায় তিনি ঘণ্টা ধৰি তালাচী চলায়৷ আজি পুৱতি নিশা ৩-৩০ বজালৈকে আৰক্ষী অধীক্ষকৰ চৰকাৰী বাসভৱনত তালাচী চলাই বহু নথি পত্ৰ জব্দ কৰে৷ আনহাতে আজি মোবাইল ৰিপেয়াৰিং কৰা যুৱক জিতু ওৰফে জুবুক পুনৰ চি আই ডিয়ে গুৱাহাটীৰ কাৰ্যালয়লৈ তলব কৰিছে৷ ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ হৈছিল বজালীৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱাল৷ চুপাৰি ব্যৱসায়ী ৰবিউল ইছলামক ড্ৰাগছ, সোণৰ বিস্কুটৰ লুকুৱাই ৰখাৰ মিছা অভিযোগত মাৰপিট কৰাৰ লগতে পাঁচ কোটি টকা ধন দাবী কৰা গোচৰত নাম সাঙোৰ খাই পৰিছিল এ পি এছ বিষয়া গায়ত্ৰী সোণোৱালৰ৷ এ এছ পি গায়ত্ৰী সোণোৱালেই নহয়, গায়ত্ৰী সোণোৱালৰ স্বামী সুভাষ চন্দ্ৰা ওৰফে ববী সিং ওৰফে চনী শৰ্মাই পিষ্টল লৈ ভুক্তভোগী ব্যৱসায়ীজনক ধন দাবী কৰি এনকাউণ্টাৰৰ ভাবুকি দিয়াৰ অভিযোগ উঠিছিল৷ বজালীৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ কুমাৰ বুঢ়াগোহাঁই আৰু ডি এছ পি পুষ্কল গগৈৰো নাম সাঙোৰ খাই পৰা এই গোচৰটোত দুদিন ধৰি চলোৱা জেৰাৰ অন্তত শনিবাৰে চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল ভৱানীপুৰ থানাৰ এ এছ আই দেৱজিৎ গিৰি, এছ পিৰ গাড়ী চালক দিপজ্যোতি কলিতা, আৰক্ষীৰ অস্থায়ী গাড়ী চালক নবিৰ আহমেদ আৰু এ এছ পিৰ দেহৰক্ষী কনিষ্টবল ইনজামামুন হুছেইনক৷ এই চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাছতেই শনিবাৰে নিশা গুৱাহাটীস্থ চৰকাৰী আৱাসৰ পৰা চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে বজালীৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱাল আৰু তেওঁৰ স্বামী স্বয়ম্ভু এনকাউণ্টাৰ স্পেচিয়েলিষ্ট সুভাষ চন্দ্ৰাক৷ আনহাতে শনিবাৰে নিশাই ৰবিউল ইছলামৰ ধন দাবী কাণ্ডৰ দালাল কিশোৰ বৰুৱাক আটক কৰাৰ পাছত দেওবাৰে গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য, ১৬ আগষ্টৰ নিশা ৰবিউল ইছলামক বৰপেটাৰ ঘৰৰ পৰা আনি সম্পূৰ্ণ দুটা দিন থানাত আৱদ্ধ কৰি ৰাখি নিৰ্মম অত্যাচাৰ চলোৱাৰ লগতে ধন দাবী কৰিছিল বজালী আৰক্ষীয়ে৷ আনকি দাবীকৃত ধন দিবলৈ অস্বীকাৰ কৰাত এ এছ পি গায়ত্ৰী সোণোৱালৰ স্বামী সুভাষ চন্দ্ৰাই ৰবিউলক এটা পৰিত্যক্ত ডিটাৰজেন ফেক্টৰিলৈ নি নিজকে ডি জি পিৰ এনকাউণ্টৰ স্পেচিয়েলিষ্ট বুলি পৰিচয় দি পিষ্টল দেখুৱাই এনকাউণ্টাৰ কৰাৰ ভাবুকি দিছিল৷ এই ভাবুকিৰ পাছতেই প্ৰাণ ৰক্ষাৰ স্বাৰ্থত ৰবিউল ইছলামে পৰিয়ালৰ লোকৰ জৰিয়তে বজালী আৰক্ষীক নগদ দহ লাখ টকা দিয়াৰ লগতে ৰবিউলৰ মাতৃৰ পৰা ২১খন চেকত দহ লাখ টকাকৈ স্বাক্ষৰ কৰোৱাই লৈছিল আৰক্ষীয়ে৷ এ এছ পি গায়ত্ৰী সোণোৱালে ৰবিউলৰ লগতে ৰবিউলৰ পৰিয়ালৰ লোকক বাকী দাবীকৃত ২.৫০ কোটি টকা আদায় দিবলৈও বাৰে বাৰে ভাবুকি দিছিল৷ তদুপৰি ৰবিউলৰ ভনী জোঁৱায়েকক নিজৰ চৰকাৰী আৱাসলৈ ফোন কৰি মাতি আনি এখন ইন’ভা বাহন উপহাৰ বিচৰাৰ লগতে ৰবিউলৰ পৰা জব্দ কৰা মোবাইল, পাচপৰ্ট, এটিএম কাৰ্ড আদি মোকলাই দিয়াৰ বাবদো পাঁচ লাখ টকা দাবী কৰিছিল এ এছ পি গায়ত্ৰী সোণোৱালে৷ বজালী আৰক্ষীয়ে এই ধনদাবী কৰা কাৰ্যত দালাল হিচাপে কিশোৰ বৰুৱাক ব্যৱহাৰ কৰিছিল৷ পৰৱৰ্তী সময়ত চি আই ডিৰ তদন্তত সমগ্ৰ ঘটনাটোৰ সৈতে সাঙোৰ খাই পৰে ইজনৰ পিছত সিজনকৈ আৰক্ষীৰ লোক৷