Logo
image

অম্লানৰ বাবে এছিয়াডৰ দুৱাৰ মুকলি

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৫ ছেপ্টেম্বৰঃ অৱশেষত অনিশ্চয়তাৰ অন্ত পৰিল৷ অসমবাসীৰ মুখত হাঁহি বিৰিঙাই ভাল খবৰ দিলে এথলেটিক্‌ছ ফেডাৰেচন অৱ ইণ্ডিয়াই৷ এছিয়াডৰ বাবে দুৱাৰ মুকলি  হ’ল অসম সন্তান অম্লান বৰগোহাঁইৰ৷ যোগ্যতা থকা সত্ত্বেও এছিয়াডলৈ যোৱাৰ পৰা বঞ্চিত কৰা হৈছিল ২৫ বছৰীয়া অম্লান বৰগোহাঁইক৷ সেই লৈ খঙত-ক্ষোভত ফাটি পৰিছিল অসমবাসী৷ দেশৰ আন আন ঠাইতো সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ অৱশেষত চীনত হ’বলগীয়া এছিয়াডলৈ যাবলগীয়া ভাৰতীয় এথলেটিক্‌ছ টীমত অম্লান বৰগোহাঁয়ে স্থান লাভ কৰাৰ কথা সোমবাৰে ঘোষণা কৰিলে এথলেটিক্‌ছ ফেডাৰেচন অৱ ইণ্ডিয়াই৷ চীনৰ হাংঝুত অহা ২৩ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেম্‌ছলৈ যাবলগীয়া ভাৰতৰ ৬৫জনীয়া এথলেটিক্‌ছ টীমৰ পৰা কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ে বাদ দিছিল দেশৰ ‘দ্ৰুততম মানৱ’ হিচাপে পৰিচিত অসম সন্তান অম্লান বৰগোহাঁইক৷ অথচ অম্লানে বিগত ৪ আগষ্টত চীনৰ চেংডু নগৰীত অনুষ্ঠিত আন্তৰ্জাতিক বিশ্ববিদ্যালয়ৰ ক্ৰীড়া সমাৰোহত ২০.৫৫ ছেকেণ্ডতে নিদিষ্ট লক্ষ্য অতিক্ৰম কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷ সমাগত এছিয়ান গেম্‌ছৰ ২০০ মিটাৰ দৌৰত যোগ্যতাৰ মান আছিল ২০.৬১ ছেকেণ্ড৷ অম্লানে যোগ্যতা মানৰ ০.৬ ছেকেণ্ডৰ পূৰ্বেই লক্ষ্য স্পৰ্শ কৰিছিল৷ আশ্চৰ্যজনক বিষয়টো হৈছে ৪ আগষ্টতে অম্লান বৰগোহাঁয়ে এছিয়ান গেম্‌ছত প্ৰতিদ্বন্দ্বিতাৰ বাবে যোগ্যতা অৰ্জন কৰিছিল যদিও এথলেটিক্‌ছ ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ ষড়যন্ত্ৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে অম্লানক এছিয়ান গেম্‌ছৰ ভাৰতীয় খেলুৱৈৰ তালিকাৰ পৰা বাদ দিছিল৷ এই সন্দৰ্ভত সৃষ্টি হোৱা তীব্ৰ ৰাজহুৱা প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত অৱশেষত সোমবাৰে ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰণালয় আৰু এথলেটিক্‌ছ ফেডাৰেচন অৱ ইণ্ডিয়াই এই কথা ঘোষণা কৰে যে চীনত হ’বলগীয়া এছিয়ান গেম্‌ছত ভাগ ল’ব পাৰিব অম্লান বৰগোহাঁয়ে৷