Logo
image

গুৱাহাটী ৩৮.২, শিলচৰ ৩৯.৪ অনুভৱ হৈছে ৫২ ডিগ্ৰীৰো অধিক

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৫ ছেপ্টেম্বৰঃ গোলকীয় উত্তাপ, জলবায়ুৰ পৰিবৰ্তন, বনাঞ্চলৰ আৱৰণৰ পৰিমাণ দ্ৰুতগতিত হ্ৰাস, জলাশয় ধবংস, নগৰীকৰণকে ধৰি বিভিন্ন কাৰকৰ বাবে দেশৰ আন কেবাখনো ৰাজ্যৰ দৰে অসমতো অব্যাহত আছে তীব্ৰ গ্ৰীষ্ম প্ৰৱাহ৷ আনকি ভাদ মাহৰ আধা দিন পাৰ হোৱাৰ পাছতো তিনি - চাৰিদিন ধৰি অসমত  পুনৰ জুন-জুলাই মাহৰ দৰে গ্ৰীষ্মপ্ৰবাহ চলি আছে৷  প্ৰণিধানযোগ্য যে ৰাজ্যখনত দৈনিক পাৰাস্তম্ভ বৃদ্ধি পোৱাৰ ফলত এক প্ৰকাৰ স্থবিৰ হৈ পৰিছে জনজীৱন৷ জুন, জুলাই,  আগষ্ট মাহৰ দৰে ছেপ্টেম্বৰ  মাহ আৰম্ভ হোৱাৰ সময়তে গৰমে অভিলেখ ভংগ কৰিছে৷ গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি সোমবাৰৰ দিনটোত উত্তৰ পূব ভাৰতৰ ভিতৰতে বৰাক উপত্যকাৰ শিলচৰ চহৰৰ তাপমাত্ৰাই ছেপ্টেম্বৰ মাহৰ সৰ্বকালৰ অভিলেখ ভংগ কৰিছে৷ সোমবাৰৰ দিনটোত শিলচৰ চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল ৩৯.৪ ডিগ্ৰী চেলচিয়াছ৷ যিটো স্বাভাবিককৈ ৭.৪ ডিগ্ৰী চেলচিয়াছ অধিক আছিল৷ ইয়াৰ পূৰ্বে ২০০৫ চনৰ ২ ছেপ্টেম্বৰত শিলচৰ চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল ৩৮.২ ডিগ্ৰী চেলচিয়াছ৷ ইফালে বায়ুৰ আদ্ৰতাৰ পৰিমাণৰ তাৰতম্যৰ বাবে ৩৯.৪ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাক শিলচৰ চহৰৰ ৰাইজে প্ৰায় ৫২ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাৰ দৰে অনুভব কৰিব লগা হৈছে৷ শিলচৰ চহৰৰ পাছতেই সোমবাৰৰ দিনটোত উত্তৰ পূব ভাৰতৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক তাপমাত্ৰা আছিল উত্তৰ পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীৰ৷ সোমবাৰ দিনটোত গুৱাহাটীৰ তাপমাত্ৰা সৰ্বাধিক আছিল ৩৮.২ ডিগ্ৰী চেলচিয়াছ৷ যিটো স্বাভাৱিকতকৈ ৬.৪ ডিগ্ৰী অধিক৷ যিটো ৰাইজে প্ৰায় ৫০ ডিগ্ৰী চেলচিয়াছৰ দৰে অনুভব কৰিবলগীয়া হৈছে৷ সাধাৰণতে শাওন মাহৰ দৰে ভাদ মাহ আৰম্ভ হোৱাৰ সময়ৰে পৰা দক্ষিণ পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত অসমৰ বেচিভাগ ঠাইতে মজলীয়াৰ পৰা ধাৰাষাৰ পৰিমাণৰ বৰষুণ হয়৷ কিন্তু গোলকীয় উত্তাপ, জলবায়ু পৰিবৰ্তন, অবাধ বন ধবংসকে ধৰি বিভিন্ন কাৰণৰ বাবে ভাদ মাহৰ আকাশ মেঘাছন্ন হৈ বৰষূণ হোৱাৰ সলনি ফৰকাল হৈ আছে৷ ফলত বৰষূণৰ পৰিমাণ কমি যোৱাৰ বিপৰীতে বৃদ্ধি পাইছে তাপমাত্ৰা৷ পুৱা পোহৰ হোৱাৰ লগে লগেই সূৰ্য্য দেৱতাই যেন খাও খাও মূৰ্তি ধৰি উঠি আহিছে৷ যাৰ বাবে দিনৰ ৯ মান বজাতেই দুপৰীয়া বাৰ বজাৰ দৰে গৰম অনুভব হৈছে৷ তীব্ৰ গৰমৰ প্ৰকোপে ৰাইজক বাৰুকৈয়ে জ্বলাকলা খুওৱা পৰিলক্ষিত হৈছে৷  বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে সাধাৰণতে ছেপ্টেম্বৰ মাহৰ আৰম্ভণিত অসমৰ বেছিভাগ অঞ্চলতে স্বাভাৱিক তাপমাত্ৰা সৰ্বাধিক ২৮ৰ পৰা ৩২ ডিগ্ৰীৰ ভিতৰত থাকিব লাগে৷ কিন্তু ৰাজ্যখনৰ বেছিভাগ অঞ্চলতে বৰষুণৰ পৰিমাণ কমি যোৱাত তাপমাত্ৰা অস্বাভাৱিকভাবে বৃদ্ধি পাইছে৷  ইফালে উদ্বেগজনক ভাবে তাপমাত্ৰা স্বাভাৱিকতকৈ বেছিভাগ অঞ্চলতে তাপমাত্ৰা ৫ৰ পৰা ৭ ডিগ্ৰীৰো অধিক হোৱাত ৰাইজে অস্বাভাৱিক গৰমৰ সৈতে মোকাবিলা কৰিব লগা হৈছে৷ ফলত ব্যাহত হৈছে স্বাভাৱিক জনজীৱন৷ একে সময়তে ৰাজ্যৰ বহু অঞ্চলত শক্তি বিভাগৰ সঘন বিদ্য়ুৎ কৰ্তন তথা লোড শ্বেদিংয়ে ৰাইজক বাৰুকৈয়ে জ্বলা কলা খুৱাইছে ৷ বতৰ বিজ্ঞানীসকলৰ মতে যিহেতু অসমত বায়ুত জলীয় বাষ্পৰ পৰিমাণ বহুত বেছি পৰিমাণে থাকে, সেয়েহে তাপমান ৩৭ ডিগ্ৰী চেলছিয়াছ হলেও ইয়াৰ অনুভৱ উত্তৰ ভাৰতৰ ৰাজ্য সমূহৰ দৰে ৫০ ডিগ্ৰী চেলছিয়াছৰ দৰে হয়গৈ৷ এনে পৰিস্থিতিত হিট ষ্টক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ মন কৰিব লগীয়া কথা যে প্ৰকৃতিৰ ওপৰত হোৱা ধবংসলীলাৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিগত বৰ্ষৰ তুলনাত এইবাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠিছে৷ কেৱল গুৱাহাটী বা অসমেই নহয়, উত্তৰ-পূবৰ স্কটলেণ্ড খ্যাত শীতল ঠাই শ্বিলঙতো গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে৷  আনহাত সোমবাৰৰ দিনটোত ৰাজ্যৰ কেবাখনো চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল এনে ধৰণৰ– ডিব্ৰুগড়ত ৩৭.৮ ডিগ্ৰী চেলছিয়াছ,  তেজপুৰত ৩৭.৯ ডিগ্ৰী চেলছিয়াছ, ধুবুৰীত ৩৩.৫ ডিগ্ৰী চেলছিয়াছ, যোৰহাটত ৩৭.২ ডিগ্ৰী চেলছিয়াছ, উত্তৰ লখিমপুৰত ৩৭.৮ ডিগ্ৰী চেলছিয়াছ আছিল৷ ইফালে বৰষুণৰ বাবে বিখ্যাত মেঘালয়ৰ চেৰাপুঞ্জীত সোমবাৰে ৩.২ মিলিমিটাৰ পৰিমাণৰ অলপ পাতলীয়া বৰষুণহে হৈছে৷ একাংশ পৰিৱেশবিদে সদৰি কৰা অনুসৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই সন্দৰ্ভত শেহতীয়াকৈ কেইবাখনো প্ৰতিবেদন প্ৰকাশ কৰিছে৷ য’ত গ্লবেল ৱামিঙ বা গোলকীয় উত্তাপৰ বাবেই পৰিস্থিতি অৱনতি ঘটা বুলি প্ৰকাশ পাইছে৷ এনে পৰিস্থিতিৰ বাবে অনাগত দিনতো কেতিয়াবা অধিক বৰষুণ হ’ব, কেতিয়াবা খৰাং হ’ব, আন কেতিয়াবা আকৌ ধুমুহা আহি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব৷ একেদৰে গৰম বৃদ্ধি বা শীত কালো হ্ৰাস পাব পাৰে৷ আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ছেপ্টেম্বৰ মাহত দ্বিতীয় বা তৃতীয় সপ্তাহৰ পৰা অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ বেছিভাগ অঞ্চলতে আকাশ ডাৱৰীয়া হৈ পাতলীয়া বৰষুণ আৰু কেতবোৰ অঞ্চলত গাজনী, ঢেৰেকনিৰ সৈতে মজলীয়াৰ পৰা প্ৰবল বৃষ্টিপাত হব পাৰে বুলি আগজাননী দিছে৷  অৱশ্যে বৰষুণ আহিলে বৰ্তমানতকৈ তাপমাত্ৰা কিছু হ্ৰাস পাব বুলি সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ অৰ্থাৎ বৰষুণ নহালৈ ৰাইজে গৰমৰ সৈতে সহাবস্থান কৰাৰ বাহিৰে আন কোনো বিকল্প পথ নাই বুলিয়ে সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ অৱশ্যে ইয়াৰ বিপৰীতে বিগত প্ৰায় দুই সপ্তাহ ধৰি চুবুৰীয়া অৰুণাচল প্ৰদেশৰ বহু অঞ্চলত স্বাভাবিকতকৈ অধিক পৰিমাণৰ বৰষূণ হৈ আছে৷ যাৰ বাবে দুটা দিন আগলৈকে শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰাৰ লগতে উত্তৰ অসমৰ কেবাখনো জিলা বানপানীৰ কবলত পৰিছিল৷