Logo
image

‘দীৱাৰ’ৰ ডায়লগেৰে মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ ভূপেনৰ

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ৫ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ আৰু বিজেপি ভাই-ককাই সম্পৰ্ক বুলি কৰা মন্তব্যক লৈ আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ আজি ডিব্ৰুগড় ৰাজীৱ ভৱনত এই সম্পৰ্কে এক সংবাদ মেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰীৰ মন্তব্যক হিন্দী বোলছবি ‘দীৱাৰ’ ছবিখনৰ সৈতে তুলনা কৰে কংগ্ৰেছ সভাপতিজনে৷ ছবিখনৰ কাহিনীৰ আঁতধৰে মুখ্যমন্ত্ৰী ‘অভিতাভ বচ্ছন’ হ’লে ভূপেন বৰা হৈছে কিশোৰ কুমাৰ৷ মুখ্যমন্ত্ৰীয়ে দীৱাৰ ছৱিখনৰ অমিতাভ বচ্ছনৰ ভাষাত ক’ব যে, মোৰ বাগান,  হোটেল, টিভি চেনেল, নিউজ পেপাৰ, ক্ষমতা, ধনসম্পদ আছে বুলি ক’ব৷ কিন্তু ভূপেন বৰাৰ কি আছে? ‘দীৱাৰ’ ছবিৰ সংলাপৰ আৰ্হিত ভূপেন বৰাই মুখ্যমন্ত্ৰীৰ ভাষ্যৰ প্ৰত্যুত্তৰ দিলে এনেদৰে– মোৰ লগত অসমীয়া আইৰ আশীৰ্বাদ আছে৷ অসমীয়া মানুহৰ আশীৰ্বাদ আছে৷ বাগানে বাগানে মোক দিয়া গামোচাৰে চাহ শ্ৰমিকৰ চকুপানী মচিছোঁ৷ মোৰ গামোচাবিলাক মানুহৰ চকুপানী সাচি লৈ গুৱাহাটীলৈ গুচি যাম৷ আৰু কোনোবা ডিব্ৰুগড়লৈ আহিলে ৰিজ’ৰ্ট এটা কিনি থৈ যায়৷ এইটোৱেই পাৰ্থক্য আছে ককাই-ভাইৰ মাজত৷ আমি ধন আৰু ক্ষমতা সৰ্বস্ব ৰাজনীতিত বিশ্বাস নকৰোঁ৷ আমি নীতি-আদৰ্শ আৰু মূল্যবোধৰ ওপৰত বিশ্বাস কৰোঁ৷ আমি আজি ছোনীয়া গান্ধী, কাইলৈ নৰেন্দ্ৰ মোদী গুৰু, আজি এজিপি অফিচ বিবাহ ভৱন হ’ব, কাইলৈ এজিপি আহি কেবিনেটত বহিব, আজি হাগ্ৰামাৰ ঘৰত ভোজ খাম বুলি কম আদি কথাৰে আমি ৰাজনীতি নকৰোঁ৷ একেটা সংবাদ মেলত কংগ্ৰেছ সভাপতি ভূপেন বৰাই বিজেপি চৰকাৰে মাধৱদেৱৰ বঁটা বন্ধ কৰি ৰখাক লৈ ক্ষোভ প্ৰকাশ কৰিছে৷ ২০০৫ চনতে ‘সদিচ্ছা’ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে আৰম্ভ কৰা এই বঁটা তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ দিনতে চৰকাৰীকৰণ হৈছিল৷ কিন্তু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে এবাৰ এই বঁটা প্ৰৱৰ্তন কৰি পৰৱৰ্তী সময়ত সম্পূৰ্ণৰূপে উপেক্ষা কৰা হ’ল বুলি ক্ষোভ প্ৰকাশ কৰিছে৷ সংবাদ মেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈয়ো মন্তব্য কৰিছে কংগ্ৰেছ সভাপতিজনে৷ মুখ্যমন্ত্ৰীক এবেলাৰ বাবে বাগানলৈ আহিবলৈ অনুৰোধ জনাই কংগ্ৰেছ সভাপতিজনে কয়, মুখ্যমন্ত্ৰী হেলিকপ্টাৰত আহিব, মই ৰৈ থাকিম তলত৷ মুখ্যমন্ত্ৰীৰ লগতে বাগানলৈ একেলগে যাম৷ ৮ দিনত ভূপেন বৰাই ৩০খন বাগিচা ভ্ৰমণ কৰাৰ কথা উল্লেখ কৰি আজিৰ সংবাদ মেলৰ জৰিয়তে ৫খন বাগিচাৰ জ্বলন্ত সমস্যাৰ বিষয়ে অৱগত কৰিলে ভূপেন বৰাই৷ ফুকনৰ বাম চাহ বাগিচাত উজ্জ্বলা আঁচনিৰ বিনামূলীয়া ৰন্ধন গেছৰ বাহিৰে বিজেপিৰ নেতাসকলৰ মুখ উজ্জ্বলাইছে বুলি কটাক্ষ কৰি কয়, বিজেপিৰ উজ্জ্বলা আঁচনি এতিয়া নজ্বলা আঁচনি হ’ল৷ টেঙাপানি চাহ বাগিচাত ৰাস্তাৰ অৱস্থা শোচনীয়৷ বিভিন্ন সমস্যা আছে৷ ৰাস্তাৰ বাবে কোনো নাহে৷ স্বয়ং মই নিজেই আহোঁতেই এঘণ্টা পলম হ’ল৷ বাগিচাৰ মানুহে উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰবোৰ টেবুলৰ দৰে ব্যৱহাৰ কৰিছে৷ উজ্জ্বলা আঁচনিক বাগানৰ শ্ৰমিকে নাম দিছে নজ্বলা আঁচনি৷ বাগানৰ মানুহক মুখ্যমন্ত্ৰীয়ে ঘৰে ঘৰে বিদ্য়ুৎ যোগানৰ কথা কৈছিল৷ কিন্তু বাগানৰ শ্ৰমিকৰ অৱস্থা না জল, না থল অৱস্থা৷ বিদ্য়ুতৰ খুঁটা পথৰ কাষত আছে, কিন্তু বিদু্যত নাই৷ মাহে ৩হাজাৰ টকালৈকে বিদ্য়ুতৰ বিল দিবলগীয়া হৈছে৷ আমি বাগানৰ মানুহৰ ওচৰলৈ কোনো ভোট বিচাৰি যোৱা নাই৷ ৰাইজৰ সৈতে আলোচনা কৰিবলৈ গৈছোঁ৷ চৰকাৰ আহিলে দুশ ইউনিট বিজুলী বিনামূলীয়া দিম৷ বাগানৰ কাৰ্যসূচীত আমি মিটিঙলৈ নাহিলে লিষ্টৰ নাম কাটি দিম বুলি মানুহ মাতি অনা নাই৷ মিটিঙলৈ স্বতস্ফূৰ্তভাৱে মানুহ আহিছে৷ ইফালে নাজিৰাৰ মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই অনিমা দত্তক নিৰ্যাতন চলোৱা প্ৰসংগত মুখ্যমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি ল’লে কংগ্ৰেছ সভাপতিজনে৷ এই প্ৰসংগত কংগ্ৰেছ সভাপতি ভূপেন বৰাই কয়, অসমৰ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিয়ন্ত্ৰণৰ নতুন ফৰ্মূলা হৈছে ৰিজাৰ্ভ ক্ল’জ৷ সেইবাবে আজিলৈকে অনিমা প্ৰজাই ন্যায় নাপালে৷ আজিৰ এই সংবাদ মেলত কংগ্ৰেছ নেতা অপূৰ্ব গোস্বামী, জিলা কংগ্ৰেছৰ সভাপতি দেৱৰঞ্জন গগৈ, প্ৰশাসনিক সাধাৰণ সম্পাদক ৰাজকুমাৰ নীলনেত্ৰ নেওগকে ধৰি ভালেকেইজন কংগ্ৰেছৰ বিষয়ববীয়া উপস্থিত থাকে৷

কি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

অসমত কংগ্ৰেছ বুলি একো নাই, অসমৰ কংগ্ৰেছক বিজেপিৰ বি টীম বুলি ক’লে বেয়া শুনি ককাই-ভাই বুলিব পাৰি৷ এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ আৰু কয়– কংগ্ৰেছ বুলি অসমত যিখিনি মানুহ আছে মোৰেই মানুহ৷ তেওঁলোকক লৈ চিন্তা নাই৷ যিয়ে য’লৈকে যায় গধুলি আহি মোকেই খবৰ দিয়ে৷ তেওঁলোক আমাৰে ভাই ককাই৷ অসমত বিজেপিৰ বাহিৰে আন কোনো পাৰ্টি নাই৷ অকল আমিয়েই আছো, টিপ-টপ বাগানে বাগানে কেৱল বিজেপি৷ কংগ্ৰেছ বাগানলৈ গৈছে মানে বিজেপি চাব গৈছে৷ বাগানত তিনি চাৰি হাজাৰ মানুহ থাকে৷ তাৰ  ৫০-৬০জন কংগ্ৰেছৰ সভালৈ আহিছে৷ এইটো একো ডাঙৰ কথা নহয়৷