Logo
image

পাৱাৰ বেংক কিনাৰ সময়ত মনত ৰাখিবলগীয়া কথা

উৎসৱৰ বতৰলৈ আৰু বেছিদিন নাই৷ পুজাৰ সময়ত বাহিৰত ঘূৰি ফুৰোতে মোবাইলৰ চাৰ্জ কেতিয়া শেষ হয় হয়তো আপুনি গমেই নাপাব৷ কিন্তু য’তেই সমস্যা ত’তেই সমাধান আছে৷ মোবাইলৰ চাৰ্জ শেষ হ’লে যিকোনো স্থানতে মোবাইলটো চাৰ্জ কৰিবলৈ পাৱাৰ বেংক আছে৷ বাহিৰলৈ গ’লেই সচৰাচৰ পাৱাৰ বেংক অতি প্ৰয়োজনীয় সম্পদ হৈ পৰে৷ কিন্তু এটা কথা বজাৰত বহুত ধৰণৰ পাৱাৰ বেংক পোৱা যায়৷ সঠিকমতে চাইচিতি এইবিধ সম্পদ ক্ৰয় নকৰিলে দুদিনমানৰ পিছতে  অকামিলা হৈ পৰে৷ গতিকে পাৱাৰ বেংক কিনাৰ আগতে ভালদৰে চাইচিতিহে কিনিব৷ বিশেষকৈ পাৱাৰ বেংক কিনাৰ সময়ত তলৰ কথাখিনি মনত ৰাখিব৷

স্মাৰ্ট ফোনৰ বেটাৰীঃ পাৱাৰ বেংক আৰু আপোনাৰ স্মাৰ্ট ফোনৰ বেটাৰীৰ ক্ষমতা মিলি থকাটো অতি প্ৰয়োজনীয়৷ যদি আপোনাৰ মোবাইল ফোনৰ বেটাৰীৰ ক্ষমতা ৫,০০০ এমএএইচ হয় তেতিয়াহ’লে পাৱাৰ বেংক কিনিব লাগিব তাতোকৈ অধিক ক্ষমতাসম্পন্ন৷ পাৱাৰ বেংক যদি ১০,০০০ এমএএইচ ক্ষমতাসম্পন্ন হয় তেন্তে মোবাইল দুবাৰ সুন্দৰকৈ চাৰ্জ দিব পাৰিব৷ 

কেপাচিটিঃ আপুনি  পাৱাৰ বেংকত মোবাইটো কিমান সময় চাৰ্জ দিব পাৰিব তাক নিৰ্ভৰ কৰিব আপোনাৰ পাৱাৰ বেংকৰ কেপাচিটিৰ ওপৰত৷ পাৱাৰ বেংকৰ ক্ষমতা যদিহে বেছি হয়, তেতিয়া হ’লে বেছি সময়লৈকে  মোবাইল চাৰ্জ দিব পাৰিব৷ 

কানেক্টিভিটিঃ কানেক্টিভিটি বিষয়টো খুব গুৰুত্বপূৰ্ণ৷ আপোনাৰ পাৱাৰ বেংকত একে সময়তে অনেক যন্ত্ৰ সংযোগ কৰা হৈছে নেকি তাক চাই লওক৷ খেয়াল ৰাখক যাতে আপোনাৰ পাৱাৰ বেংকত সকলোধৰণৰ মোবাইল চাৰ্জ দিব পৰা আৰু লগতে সকলো ডিভাইছ পাৱাৰ বেংকত সংযোগৰ সুবিধা থাকে৷ এই টিপছ্‌সমূহ মনত ৰাখিহে ফোন চাৰ্জ দিবৰ কাৰণে পাৱাৰ বেংক ক্ৰয় কৰক৷