Logo
image

কেন্দ্ৰীয় চৰকাৰৰ 'মাটিৰ স্বাস্থ্য আৰু উৰ্বৰতা' অভিযান সন্দৰ্ভত পৰ্যালোচনা সভা

ডিজিটেল সংবাদ, গুৱাহাটীঃ  'কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ আঁচনি : মাটিৰ স্বাস্থ্য আৰু উৰ্বৰতা'ৰ সন্দৰ্ভত মঙলবাৰে খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত আৰু খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ সহযোগত পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷ এই সভাত কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ আই এম এম (ইনট্ৰিগ্ৰেটেড নিউট্ৰীয়েণ্ট মেনেজমেণ্ট) শাখাৰ যুটীযা সচিব ড° যোগীতা ৰাণাৰ অধ্যক্ষতাত অনুষ্ঠিত এই পৰ্যালোচনা সভাত অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয়, মিজোৰাম,  মণিপুৰ , ত্ৰিপুৰা, ছিক্কিম, বিহাৰ, পশ্চিমবংগ আদি ৰাজ্যৰ কৃষি বিভাগৰ প্ৰতিনিধি বিষয়াসকলে অংশগ্ৰহণ কৰে ৷ সভাত অংশগ্ৰহণকাৰী ৰাজ্যসমূহত মাটিৰ স্বাস্থ্য আৰু উৰ্বৰতা অভিযানৰ অগ্ৰগতি সন্দৰ্ভত বুজ লোৱাৰ উদ্দেশ্যে এই পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয়৷

সভাত অংশগ্ৰহণকাৰী বিভিন্ন ৰাজ্যৰ কৃষি বিভাগৰ বিষয়াসকলক উদ্দেশ্যি ড° যোগীতা ৰাণায়ে কয় যে মাটিৰ স্বাস্থ্য আৰু উৰ্বৰতা অভিযানৰ অধীনত মাটিৰ নমুনা সংগ্ৰহ, মাটি পৰীক্ষা আৰু মাটি স্বাস্থ্য কাৰ্ড প্ৰস্তুত কৰাৰ পাছত কৃষকে যাতে এই কাৰ্ডৰ নিৰ্দেশনা অনুযায়ী মাটিৰ যাৱতীয় যত্ন লয় এই সন্দৰ্ভত কৃষক ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাটো নিতান্তই প্ৰয়োজনীয় ৷ লগতে তেওঁ কয় যে মাটিৰ স্বাস্থ্য আৰু উৰ্বৰতা অভিযানৰ মূল উদ্দেশ্য মাটিৰ অনুৰ্বৰতাৰ যি কাৰণ সেইয়া নিশ্চিত কৰি মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা ৷ এই অভিযান সফল কৰি তুলিবলৈ বিভাগীয় বিষয়াসকলক ক্ষিপ্ৰ আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ যাৱতীয় পৰামৰ্শ আগবঢ়ায় ৷

লগতে এই পৰ্যালোচনা সভাত কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ আই এম এম  ( ইনট্ৰিগ্ৰেটেড নিউট্ৰীয়েণ্ট মেনেজমেণ্ট) শাখাৰ উপসচিব ৰচনা কুমাৰ, চন্দ্ৰ শ্বেখৰ (Under Secretary), অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক ভাস্কৰ পেগু, উদ্যান শস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা প্ৰমুখ্যে কৃষি বিভাগৰ অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে ৷