
বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন
শেহতীয়াভাৱে এটা অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে ভাৰতৰ বতৰ ক্ৰমাৎ অস্বাভাৱিক হৈ পৰিছে৷ জলবায়ুৰ পৰিৱৰ্তনৰ বাবে এনে হোৱা বুলি মন্তব্য কৰিছে বতৰ বিজ্ঞানীসকলে৷ দেশৰ কেইবাখনো ৰাজ্য শেহতীয়াকৈ প্ৰবল গ্ৰীষ্মপ্ৰবাহৰ প্ৰকোপত পৰিছে৷ এইক্ষেত্ৰত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনো ব্যতিক্ৰম নহয়৷ আগষ্টৰ শেষভাগত ৰাজ্যৰ বিভিন্ন ঠাইত হোৱা বৰষুণে উৎকট গৰমৰ পৰা ৰাজ্যবাসীক কিছু সকাহ দিছিল যদিও শেহতীয়া কেইটামান দিনত গুৱাহাটীকে ধৰি অসমৰ আন ঠাইবোৰত গ্ৰীষ্মপ্ৰবাহে দুৰ্বিষহ কৰি তুলিছে জনজীৱন৷ এই উষ্ণ পৰিৱেশৰ লগতে সঘনাই বিদ্য়ুৎ কৰ্তনে জীয়াতু ভোগাইছে সৰ্বসাধাৰণক৷ ৰাজধানী গুৱাহাটীত সোমবাৰৰ দিনটোত তাপমাত্ৰা আছিল সৰ্বোচ্ছ ৩৮.২ ডিগ্ৰী চেলছিয়াছ৷ ছেপ্টেম্বৰ মাহত সাধাৰণতে অসমত ইমান গৰম নহয়৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি গুৱাহাটী আৰু শিলচৰত সোমবাৰে ছেপ্টেম্বৰ মাহৰ সৰ্বোচ্ছ তাপমানৰ পূৰ্বৰ অভিলেখ ভংগ কৰিছে৷ শিলচৰত সোমবাৰে সৰ্বোচ্ছ তাপমাত্ৰা আছিল ৩৯.৪ ডিগ্ৰী চেলছিয়াছ৷ তাৎপৰ্যপূৰ্ণ যে গুৱাহাটীত ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহত সৰ্বোচ্ছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল ২০০৯ চনৰ ২৮ ছেপ্টেম্বৰত৷ সেইদিনা গুৱাহাটীৰ তাপমান আছিল ৩৭.৮ ডিগ্ৰী চেলছিয়াছ৷ আনহাতে, ২০০৫ চনৰ ২ ছেপ্টেম্বৰত শিলচৰৰ তাপমাত্ৰা আছিল ৩৮.২ ডিগ্ৰী চেলছিয়াছ৷ সোমবাৰৰ আগলৈকে সেয়াই আছিল ছেপ্টেম্বৰ মাহত শিলচৰৰ সবোৰ্চ্ছ উষ্ণতা৷ কেৱল গুৱাহাটী আৰু শিলচৰেই নহয়, অস্বাভাৱিক গ্ৰীষ্মপ্ৰবাহে ৰাজ্যৰ আন ঠাইতো স্বাভাৱিক জীৱনযাত্ৰাত প্ৰভাৱ পেলাইছে৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি সোমবাৰৰ দিনটোত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাধিক তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল শিলচৰত৷ সাধাৰণতে ছেপ্টেম্বৰ মাহত উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যকেইখনৰ লগতে অসমতো তাপমাত্ৰা হ্ৰাস পাবলৈ ধৰে৷ কিন্তু শেহতীয়াভাৱে দেখা গৈছে দুৰ্গা পূজাৰ সময়লৈকে গ্ৰীষ্মৰ প্ৰভাৱ৷ দেশৰ আন বহু ঠাইৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলতো বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে৷ দেশৰ অন্যতম সেমেকা ঠাই হিচাপে পৰিচিত চেৰাপুঞ্জীতো অস্বাভাৱিকভাৱে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ৷ জুন-জুলাই মাহত সাধাৰণতে অসমত যথেষ্ট বৰষুণ হয় আৰু বৰষুণৰ ফলত তাপমানো কিছু হ্ৰাস পায়৷ কিন্তু শেহতীয়া তথ্য অনুসৰি উত্তৰ-পূৰ্বাঞ্চলত বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে আৰু ইয়াৰ প্ৰভাৱ অসমৰ লগতে প্ৰতিবেশী ৰাজ্যকেইখনত পৰিছে৷
উল্লেখ্য, জলবায়ুৰ পৰিৱৰ্তন কেৱল ভাৰতৰে সমস্যা নহয়৷ বিশ্বৰ প্ৰায়বোৰ দেশতে ইয়াৰ প্ৰভাৱ পৰিছে৷ এই পৰিৱৰ্তনৰ বাবে বহু পৰিমাণে মানুহেই জগৰীয়া৷ নগৰীকৰণৰ নামত বনাঞ্চল ধবংস কৰাৰ ফলত বৃদ্ধি পাবলৈ ধৰিছে গ্ল’বেল ৱাৰ্মিং৷ কেৱল সেয়াই নহয়, কল-কাৰখানা, যান-বাহনৰ পৰা নিৰ্গত ধোঁৱাই বায়ুমণ্ডল দূষিত কৰাৰ ফলতো তাৰ কুফল ভুগিবলগীয়া হৈছে মানৱ জাতিয়ে৷ কোনো কোনো অঞ্চলত বৰষুণৰ পৰিমাণ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ বিপৰীতে আন কোনো অঞ্চলত সমস্যা হৈ পৰিছে অনাবৃষ্টি৷ পৰিৱেশজনিত এই সমস্যাই বিশ্বৰ অৰ্থনীতিতো বিৰূপ প্ৰভাৱ পেলাইছে৷ ইণ্ডিয়ান ইন্সটিটিউট অৱ ছায়েন্সৰ অৱসৰপ্ৰাপ্ত অধ্যাপক এন এছ বিশ্বনাথৰ মতে, বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞান বিভাগে প্ৰস্তুত কৰা প্ৰতিবেদনে দেশত জলবায়ু পৰিৱৰ্তনে বেছিকৈ ক্ষতি কৰিব পৰা অঞ্চলবোৰ চিনাক্ত কৰি সেই অঞ্চলবোৰত ক্ষয়-ক্ষতিৰ পৰা হাত সৰাৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত সহায় কৰিব৷ কিছুদিনৰ আগলৈকে গুৱাহাটীৰ চাৰিওদিশত আছিল বহুতো গছ-গছনি৷ কিন্তু নিৰ্মাণকাৰ্যৰ বাবে শেহতীয়াকৈ গুৱাহাটীৰ আশে-পাশে থকা বহু গছ কাটি পেলোৱা হ’ল৷ চহৰখনৰ উষ্ণতা আৰু প্ৰদূষণৰ মাত্ৰা বৃদ্ধিৰ এয়া এক অন্যতম কাৰক৷ অসমত সেউজ পৰিৱেশ গঢ়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে শেহতীয়াকৈ আৰম্ভ কৰিছে অমৃত বৃক্ষ আন্দোলন আঁচনি৷ এই আঁচনিৰ অধীনত ৰাজ্যখনৰ বিভিন্ন ঠাইত এক কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে৷ নিঃসন্দেহে চৰকাৰৰ এয়া এক ইতিবাচক পদক্ষেপ৷ কিন্তু প্ৰশ্ন হৈছে গছপুলি ৰোপণৰ পাছত গছবোৰৰ প্ৰতিপালনৰ দায়িত্ব ল’ব কোনে? কেৱল গছপুলি ৰোৱাতে দায়িত্ব সামৰিলে এনেধৰণৰ আঁচনিৰ কিবা কামত আহিবনে?