Logo
image

‘ইণ্ডিয়া’ উৎখাত, আহিছে ‘ভাৰত’

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৬ ছেপ্টেম্বৰঃ দেশৰ বিৰোধী ৰাজনৈতিক জোঁট ‘ইণ্ডিয়া’ৰ নাগপাশৰ পৰা ওলোৱাৰ আপ্ৰাণ চেষ্টা কৰি এইবাৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশৰ নামকে সলাই পেলোৱাৰ যো-জা কৰিছে৷ নতুন দিল্লীত আয়োজিত হ’বলগীয়া জি-২০ বৈঠকত দেশৰ ৰাষ্ট্ৰপতিয়ে অভ্যাগত বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰনেতাৰ সন্মানাৰ্থে আগবঢ়োৱা নৈশভোজৰ নিমন্ত্ৰণী পত্ৰত পৰম্পৰা ভংগ কৰি ‘দ্য প্ৰেচিডেণ্ট অৱ ইণ্ডিয়া’ৰ ঠাইত ‘দ্য প্ৰেচিডেণ্ট অৱ ভাৰত’ লিখাৰ ফলত এই জল্পনা কল্পনা আৰম্ভ হৈছে৷ ‘ইণ্ডিয়া’ৰ স্থানত ৰাষ্ট্ৰপতিৰ পত্ৰত ‘ভাৰত’ ব্যৱহাৰ কৰাৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে মোদী চৰকাৰে অহা ১৮-২২ ছেপ্টেম্বৰলৈ আহ্বান জনোৱা সংসদৰ বিশেষ অধিৱেশনতে দেশৰ নাম সলনিৰ প্ৰস্তাৱ আগবঢ়াই বিধেয়ক উত্থাপন কৰিব বুলি প্ৰবল চৰ্চা হৈছে৷ প্ৰসংগতঃ দেশৰ  ২৬টা বিৰোধী ৰাজনৈতিক দলে গঠন কৰা নতুন ৰাজনৈতিক মঞ্চৰ নাম ‘ইণ্ডিয়া’ বুলি ঘোষণা কৰাৰ পৰাই ঘাইকৈ শাসনাধিষ্ঠিত বিজেপি জ্বলি-পকি আছে৷ সেই দিন ধৰি বিজেপিৰ বাবে ‘ইণ্ডিয়া’ নামটো অসহ্যকৰ হৈ পৰিছে৷ আনৰ কথা বাদেই, স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ইণ্ডিয়া’ জোঁটৰ বিৰুদ্ধে ঠাট্টা-মস্কৰা কৰি ৰাজহুৱা সভাত ‘কুইট ইণ্ডিয়া’ বুলি বিৰোধীক আক্ৰমণ কৰিবলগীয়া হৈছে৷ অথচ, বিজেপি আৰু আৰ এছ এছৰ তাহানিৰ নেতাই মহাত্মা গান্ধীৰ ‘কুইট ইণ্ডিয়া’ আন্দোলনৰ বিৰোধিতা কৰি বিদেশী শত্ৰু ইংৰাজক সমৰ্থন জনাইছিল৷ এতিয়া ‘ইণ্ডিয়া’ নামটো বিজেপিৰ বাবে ইমান অসহনীয় হৈ পৰিছে যে ৭৫ বছৰীয়া পৰম্পৰা ভংগ কৰি ‘প্ৰেচিডেণ্ট অৱ ইণ্ডিয়া’ৰ ‘ইণ্ডিয়া’ সলাই ‘ভাৰত’ কৰিবলগীয়াত পৰিছে৷

অহা ৯ ছেপ্টেম্বৰত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে জি-২০ সন্মিলনত ভাগ ল’বলগীয়া ৰাষ্ট্ৰপ্ৰধানসকলৰ সন্মানাৰ্থে এটা নৈশভোজ আগবঢ়াইছে৷ সেই উপলক্ষে ৰাষ্ট্ৰপতিয়ে প্ৰেৰণ কৰা আমন্ত্ৰণ পত্ৰ দেখিয়েই দেশৰ ৰাজনীতি তল-ওপৰ হৈছে৷ পৰম্পৰাগতভাৱে আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ ক্ষেত্ৰত আমন্ত্ৰণপত্ৰ দেশত ইংৰাজীতে ছপা কৰা হয় আৰু ৰাষ্ট্ৰপতিৰ বিষয়ে তেনে পত্ৰত ‘প্ৰেচিডেণ্ট অৱ ইণ্ডিয়া’ বুলি উল্লেখ কৰা হয়৷ এতিয়া হঠাতে কিয় ‘ইণ্ডিয়া’ৰ ঠাইত ‘ভাৰত’ ব্যৱহাৰ কৰা হ’ল, সেই লৈ কংগ্ৰেছ দলে প্ৰশ্ন উত্থাপন কৰি বিজেপিক তুমুল আক্ৰমণ কৰিছে৷ বিৰোধী জোঁট ‘ইণ্ডিয়া’ৰ নাম উচ্ছাৰণ কৰিলে বিৰোধীৰ প্ৰচাৰ হোৱাৰ আশংকাতে মোদী চৰকাৰে ৰাষ্ট্ৰপতিৰ নিমন্ত্ৰণী পত্ৰৰ পৰাও ‘ইণ্ডিয়া’ নামটো প্ৰত্যাহাৰ কৰা বুলি কংগ্ৰেছে মন্তব্য কৰিছে৷ অৱশ্যে এই আক্ৰমণৰ পোনপটীয়া উত্তৰ দিয়াৰ পৰা বিৰত আছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ৷ কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশ আৰু সাংসদ গৌৰৱ গগৈয়ে এখন সংবাদমেলত এয়া দেশৰ ৰাজ্যৰ বিৰুদ্ধে কেন্দ্ৰৰ আক্ৰমণ বুলিও মন্তব্য কৰিছে৷ কিয়নো দেশৰ সংবিধানৰ প্ৰথম অনুচ্ছেদত লিখা আছে ‘ইণ্ডিয়া, ডেট ইজ ভাৰত, ছেল বি এ ইউনিয়ন অৱ ষ্টেটছ৷’ তদুপৰি দেশৰ নাম পৰিৱৰ্তন কৰিলে কি কি প্ৰতিষ্ঠানৰ নাম সলনি কৰিব লাগিব আৰু কি অসুবিধাৰ সৃষ্টি হ’ব তাকো সংবাদমেলত উল্লেখ কৰে৷

বিজেপি চৰকাৰৰ এই পদক্ষেপত প্ৰথমেই প্ৰতিক্ৰিয়া আগবঢ়াইছে সকলো বিষয়তে মন্তব্য কৰাৰ অভ্যাস থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ এক্স’ত [টুইটাৰ] লিখিছে–‘ৰিপাব্লিক অৱ ভাৰত–আমাৰ সভ্যতাই সাহসেৰে অমৃতকালৰ দিশে আগবাঢ়ি যোৱাত সন্তুষ্ট আৰু গৌৰৱান্বিত৷ এতিয়া মই পূৰ্বেই কৰা অনুমান সত্য হোৱাৰ দিশে আগবাঢ়িছে৷ কংগ্ৰেছ দলৰ ভাৰতৰ প্ৰতি তীব্ৰ বিদ্বেষ আছে৷ ইয়াৰ পৰা এয়াই প্ৰতীয়মান হয় যে ভাৰতক পৰাজিত কৰাৰ উদ্দেশ্যেই ‘ইণ্ডিয়া’ গঠন হৈছে৷’ ‘ইণ্ডিয়া’ নে ‘ভাৰত’–দেশৰ নাম কোনটো হ’ব লাগে বুলি ৰাষ্ট্ৰপতিৰ এই পত্ৰ প্ৰকাশৰ লগে লগে বিতৰ্ক আৰম্ভ হৈ গৈছে৷ লগে লগে চৰ্চা হৈছে, অহা ১৮-২২ ছেপ্টেম্বৰত অনুষ্ঠিত কৰিবলৈ লোৱা সংসদৰ বিশেষ অধিৱেশনত ‘ইণ্ডিয়া’ নামটো দেশৰ পৰা কৰ্তন কৰাৰ প্ৰস্তাৱেৰে মোদী চৰকাৰে বিধেয়ক উত্থাপন কৰিব৷ ‘এক দেশ, এক নিৰ্বাচন’ নীতি কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰাৰ লগতে মোদী চৰকাৰে দেশৰ নাম সলনিৰ বিধেয়কো উত্থাপন কৰিব বুলি দেশজুৰি প্ৰৱল চৰ্চা আৰম্ভ হৈছে৷ কিয়নো দীৰ্ঘদিন ধৰি বিজেপিৰ আদৰ্শগত সংগঠন আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে ‘ইণ্ডিয়া’ৰ পৰিৱৰ্তে ভাৰত হ’ব লাগে বুলি মন্তব্য কৰি আহিছে৷ এতিয়া বিৰোধী দলৰ জোঁট ‘ইণ্ডিয়া’ নাম লোৱাৰ লগে লগে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দেশৰ নাম সলনি কৰিবলৈ তৎপৰতা বৃদ্ধি পাইছে৷