কি হ’ব ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ, পুনৰ নোটবন্দী?
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন,৬ ছেপ্টেম্বৰঃ ‘ৰিপাব্লিক অব ইণ্ডিয়া’ৰ নাম অচিৰেই ‘ৰিপাব্লিক অৱ ভাৰত’ হ’ব বুলি দেশজুৰি ৰাজনৈতিক বিতৰ্ক আৰু সামাজিক চৰ্চা আৰম্ভ হওঁতেই ‘পানামা পেপাৰ্ছ’ কেলেংকাৰিত পতিত হৈ থকা বলীউডৰ অভিনেতা অমিতাভ বচ্ছনে ‘ভাৰত মাতা কি জয়’ বুলি দেশৰ নাম সলনি বিতৰ্কক গতি দিছে৷ ‘পানামা পেপাৰ্ছ’ কেলেংকাৰিত জড়িত হৈ থকাৰ বাবেই অমিতাভ বচ্ছনে আগতীয়াকৈ ‘ভাৰত’ নাম উচ্ছাৰণ কৰি চৰকাৰৰ স্নেহধন্য হৈ থকাৰ প্ৰয়াস চলোৱা বুলিও জল্পনা কল্পনা আৰম্ভ হৈছে৷ মঙলবাৰৰ দিনটোত সামাজিক মাধ্যমত সৰ্বাধিক চৰ্চিত বিষয়টো হৈ পৰিছে ‘ইণ্ডিয়া’ আৰু ‘ভাৰত’৷ বিৰোধী জোঁটে ‘ইণ্ডিয়া’ নাম লোৱাৰ বাবেই মোদী চৰকাৰে দেশৰ নামকে সলাই পেলাবলৈ লোৱা বুলি দেশজুৰি বিতৰ্ক আৰম্ভ হৈছে৷
যদিহে মোদী চৰকাৰে প্ৰকৃততে দেশৰ নাম সলাই ‘ইণ্ডিয়া’ কৰ্তন কৰি ‘ভাৰত’ কৰে তেন্তে দেশৰ অসংখ্য অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম সলনি কৰিবলগীয়া হ’ব বুলিও চৰ্চা আৰম্ভ হৈছে৷ কিয়নো দেশৰ আগশাৰীৰ অসংখ্য প্ৰতিষ্ঠান যেনে আই আই টি, আই আই এম, এইমছ, এন আই টি, চি বি আই ইত্যাদিৰ নামৰ সৈতে ইণ্ডিয়া শব্দটো সংযোজিত হৈ আছে৷ দেশৰ নাম সলনি কৰিলে এই সকলোবোৰ প্ৰতিষ্ঠানৰ নামো সলনি কৰিবলগীয়া হ’ব৷ সম্প্ৰতি চন্দ্ৰ অভিযান আৰু সূৰ্য অভিযানৰ জৰিয়তে দেশবাসীৰ পৰিচিত হৈ পৰা ইছৰোৰ নামো সলনি হৈ যাব৷ তদুপৰি প্ৰধানমন্ত্ৰী মোদীয়ে শ্লোগান দি আৰম্ভ কৰা ডিজিটেল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, ষ্টাৰ্ট আপ ইণ্ডিয়া, ষ্টেণ্ড আপ ইণ্ডিয়াৰ কি হ’ব বুলিও প্ৰশ্ন উঠিছে৷ সবাটোকৈ জটিলতাৰ সৃষ্টি হ’ব ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া আৰু দেশৰ পাছপৰ্টৰ ক্ষেত্ৰত৷ কিয়নো কেন্দ্ৰীয় বেংকটোৰ নাম ৰিজাৰ্ভ বেংক অব ভাৰত কৰিলে দেশত চলি থকা নোটবোৰৰ কি হ’ব? কিয়নো দেশত প্ৰচলিত প্ৰত্যেকটো নোটতে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া লিখা আছে৷ তেনে ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰচলিত সকলো নোটৰ পৰা ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ ‘ইণ্ডিয়া’ প্ৰত্যাহাৰ কৰিব লাগিব৷ ‘ইণ্ডিয়া’ প্ৰত্যাহাৰ কৰাৰ বাবে পুনৰ বিমুদ্ৰাকৰণ কৰিব লাগিব৷ কেৱল ১০০০ আৰু ৫০০ টকীয়া নোটৰ বিমুদ্ৰাকৰণ কৰোতেই দেশৰ অৰ্থনীতি বিধবস্ত হৈ পৰিছিল৷ এইবাৰ প্ৰতিটো নোট নিষিদ্ধ কৰিলে দেশৰ অৱস্থা কি হ’ব পাৰে বুলিও প্ৰশ্ন উঠিছে৷ তদুপৰি দেশৰ কোটি কোটি নাগৰিকৰ হাতত থকা ৰিপাব্লিক অব ইণ্ডিয়া লিকা পাছপৰ্টৰ কি হ’ব? যদিহে সকলোাৱে পাছপৰ্ট সলনি কৰিবলগীয়া হয়, তেন্তে দেশত অৰাজক পৰিস্থিতিৰ সৃষ্টি হ’ব৷ ২০১৫ চনত ‘ইণ্ডিয়া’ নামটো বাতিল কৰি কেৱল ‘ভাৰত’ কৰিব নোৱাৰে বুলি মোদী চৰকাৰে উচ্ছতম ন্যায়ালয়ত এটা জনস্বাৰ্থ জড়িত গোচৰৰ উত্তৰত শপতনামা দাখিল কৰি জনাইছিল৷