Logo
image

প্ৰচণ্ড গৰমত ৰাজ্যত দুজনৰ মৃত্যু

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ ছেপ্টেম্বৰঃ লোডশ্বেডিং আৰু গ্ৰীষ্ম প্ৰবাহৰ মাজত যেন অঘোষিত প্ৰতিযোগিতাহে চলিছে অভিলেখ ভংগৰ৷ বিগত তিনিদিন ধৰি ৰাজ্যত গড় তাপমাত্ৰা ৩৮ ডিগ্ৰী চেলছিয়াছতকৈ ওপৰত থকাৰ বিপৰীতে ৰাজ্য প্ৰশাসৰ ব্যৰ্থতাৰ ফলত স্থান বিশেষে ১০/১২ ঘণ্টা পৰ্যন্ত লোডশ্বেডিঙৰ দৰে ঘটনা সংঘটিত হৈছে৷ ফলত বিপৰ্যস্ত হৈ পৰিছে সৰ্বসাধাৰণ লোকৰ স্বাভাৱিক জীৱনযাত্ৰা৷ অস্বাভাৱিক গ্ৰীষ্মপ্ৰবাহৰ ফলত মঙলবাৰে নগাঁৱত এজন লোক মৃত্যুমুখত পৰাৰ উপৰি গুৱাহাটীত এজন লোকৰ মৃত্যু হয়৷ গৰমৰ বাবেই অসুস্থ হৈ পৰিছে শতাধিক লোক৷ বিদ্যুতৰ মুঠ চাহিদাৰ অধিকাংশই পূৰণত ব্যৰ্থ হৈছে শক্তি বিভাগ৷ যাৰ ফলত বিদ্যুৎ কৰ্তন এটা স্বাভাৱিক পৰিঘটনাত পৰিণত হৈছে৷ ইতিমধ্যে এপিডিচিএল কতৃৰ্পক্ষই নিজৰ ব্যৰ্থতা ৰাজহুৱাভাৱে স্বীকাৰ কৰি আগন্তুক কিছু দিনলৈ এই পৰিস্থিতি অব্যাহত থাকিব বুলি ঘোষণা কৰি নিজৰ দায়িত্বৰ পৰা  হাত সাৰি বহি আছে৷ কিন্তু ইয়াৰ চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণ লোক৷

উৎকট গৰমত নগাঁৱৰ উৰিয়াগাঁৱত এজনৰ মৃত্যু 

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ গৰমে দহিছে ৰাজ্য৷ নগাঁৱত প্ৰচণ্ড গৰমত মঙলবাৰে এজন লোকৰ মৃত্যু ঘটে৷  নগাঁও চহৰৰ সমীপৱৰ্তী উৰিয়াগাঁৱত গৰমৰ বাবে মৃত্যু হয় লোকজনৰ৷ মৃত লোকজন পুৰণিগুদাম চলচলিৰ চিৰাজুল হক বুলি জানিব পৰা গৈছে৷ লোকজনে আজি দুপৰীয়া চাহপাত বিক্ৰীৰ বাবে উৰিয়াগাঁৱৰ এখন দোকানত সোমাইছিল৷ উৎকট গৰমত বহুদূৰ বাট চাইকেল চলাই দোকান খনত চাহপাত বিক্ৰী কৰিবলৈ আহিছিল লোকজন৷ কিন্তু তেওঁ উৎকট গৰম সহ্য কৰিব নোৱাৰি ঢলি পৰে দোকানখনতে৷ এনেদৰেই লোকজন বহুসময় সংজ্ঞাহীন হৈ পৰি ৰয় আৰু অৱশেষত অতি কৰুণ ভাৱে মৃত্যুক সাৱটি লয়৷ উৰিয়াগাঁৱৰ স্থানীয় ৰাইজ আৰু একাংশ ব্যৱসায়ীয়ে অভিযোগ কৰা অনুসৰি, তেওঁ লোকে লোকজন সংজ্ঞাহীন হৈ ঢলি পৰাৰ লগে লগেই মৃত্যুঞ্জয় ১০৮ সেৱালৈ পাঁচবাৰকৈ ফোন কৰে যদিও এক ঘণ্টাৰ পিছতো আহি উপস্থিত নহ’ল মৃত্যুঞ্জয় ১০৮ সেৱাৰ এম্বুলেন্স৷

গুৱাহাটীত হিট ষ্ট্ৰ’কত পথচাৰীৰ মৃত্যু

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদকঃ গুৱাহাটীৰ হেঙেৰাবাৰীৰ লিচুবাগানত গৰমৰ বাবে মঙলবাৰে এজন পথচাৰীৰ মৃত্যু হয়৷ বিয়লি প্ৰায় ৪.৩০ বজাত লিচুবাগানত পথৰ দাঁতিত এখন চালিৰ তলত এখন লোক পৰি থকা দেখি ৰাইজে দিছপুৰ আৰক্ষীক খবৰ দিয়ে৷ কিছুসময় আগলৈকে তেওঁক খোজকাঢ়ি ফুৰা দেখিছিল বহু লোকে৷ আৰক্ষীয়ে তেওঁক জিএমচিএইচলৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে৷ চিকিৎসকৰ মতে হিট ষ্ট্ৰ’কত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হৈছে৷ আনুমানিক ৫০ বছৰীয়া লোকজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই৷ মৰণোত্তৰ পৰীক্ষাৰ অন্তত তেওঁৰ মৃতদেহ ৭২ ঘণ্টাৰ বাবে জিএমচিএইচৰ মৰ্গত ৰখাৰ ব্যৱস্থা কৰা হৈছে৷

শিলচৰ, গুৱাহাটী, উত্তৰ লখিমপুৰৰ তাপমাত্ৰাই ভংগ কৰিলে অভিলেখ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদকঃ  ভাদ মাহ নহয় যেন জেঠ বা আহাৰ মাহহে৷ কিয়নো ভাদ মাহৰ ১৮ দিন পাৰ হোৱাৰ পাছতো ৰাজ্যত যি গ্ৰীষ্মপ্ৰৱাহ চলি আছে, সেয়া জেঠ,  আহাৰ মাহৰ গৰমকো চেৰ পেলাইছে৷ আনকি বিগত তিনিদিন ধৰি পাহাৰীয়া জিলা দুখনক বাদ দি বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বেচিভাগ অঞ্চলৰে গড় তাপমাত্ৰা ৩৮ ডিগ্ৰী চেলচিয়াছৰ ওপৰত আছে৷ যিটো স্বাভাবিক তাপমাত্ৰাকৈ গড় হিচাপত প্ৰায় ৬ ৰ পৰা ৭ ডিগ্ৰী চেলচিয়াছৰ ওপৰত আছে৷ সাধাৰণতে ভাদ মাহ পৰিলে তাপমাত্ৰা জুন বা জুলাই মাহৰ তুলনাত কমি যাব লাগে৷ নিশাৰ ভাগত অনুভূত হ’ব লাগে কিছু শীতৰ৷ পুৱতি নিশা পৰিব লাগে পাতলীয়া কুঁৱলী৷ সন্ধিয়াৰ পাছত পৰিব লাগে নিয়ৰৰ আৱৰণ৷ এই সময়ত হব লাগে মজলীয়াৰ পৰা ধাৰাষাৰ বৰষূণ৷  কিন্তু গোলকীয় উত্তাপ, জলবায়ুৰ পৰিবৰ্তন, বনাঞ্চলৰ আৱৰণৰ পৰিমাণ দ্ৰুতগতিত হ্ৰাস, জলাশয় ধবংস, নগৰীকৰণকে ধৰি বিভিন্ন কাৰকৰ বাবে ভাদ মাহতো ইয়াৰ এটাও হোৱা নাই৷ বৰঞ্চ বতৰৰ ওলোটা যাত্ৰাহে আৰম্ভ হোৱাৰ দৰে হৈছে৷ আনকি ভাদ মাহৰ ১৮ টাকৈ দিন পাৰ হোৱাৰ পাছতো তিনিদিন ধৰি অসমত বহু অঞ্চলৰ তাপমাত্ৰা ৩৮ ডিগ্ৰী চেলচিয়াছতকৈ ওপৰত আছে৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে এই সময়ত অসমৰ গড় তাপমাত্ৰা সৰ্বাধিক ৩২ ডিগ্ৰীৰ আশে পাশে থাকিব লাগে৷  গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি মঙলবাৰৰ দিনটোত উত্তৰ পূব ভাৰতৰ ভিতৰত উত্তৰ লখিমপুৰৰ তাপমাত্ৰাই ছেপ্টেম্বৰ মাহৰ সৰ্বকালৰ অভিলেখ ভংগ কৰিছে৷ মঙলবাৰৰ দিনটোত উত্তৰ লখিমপুৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল ৩৮.৪ ডিগ্ৰী চেলচিয়াছ৷ যিটো স্বাভাবিককৈ ৭.৭ ডিগ্ৰী চেলচিয়াছ অধিক আছিল৷ একে সময়তে গুৱাহাটী আৰু শিলচৰৰ সৰ্বাধিক তাপমাত্ৰাৰ পৰিমাণ আছিল ক্ৰমে - ৩৮.০ আৰু ৩৮.২ ডিগ্ৰী চেলচিয়াছ৷ সোমবাৰে শিলচৰৰ সৰ্বাধিক তাপমাত্ৰাৰ পৰিমাণ আছিল ৩৯.২ ডিগ্ৰী চেলচিয়াছ৷ যিটো উত্তৰ পূবৰ ভিতৰতে আছিল সৰ্বাধিক৷ ইফালে ৩ ছেপ্টেম্বৰৰ পৰা ৫ ছেপ্টেম্বৰ পৰ্যন্ত গুৱাহাটী আৰু শিলচৰৰ তাপমাত্ৰা ৩৮ ডিগ্ৰী চেলচিয়াছতকৈ ওপৰত থকাৰ বিপৰীতে ধুবুৰীৰ বাহিৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ বেচিভাগ অঞ্চলৰে তাপমাত্ৰা ৩৭ ডিগ্ৰী চেলচিয়াছতকৈ ওপৰত আছে৷ বতৰ বিজ্ঞান কেন্দ্ৰই এই পৰিস্থিতি অহা তিনিদিন ধৰি অব্যাহত থাকিব বুলি সদৰি কৰিছে৷ ৮ ছেপ্টেম্বৰৰ পাছত দক্ষিণ পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত অসমৰ বিভিন্ন প্ৰান্তত পাতলীয়া বৰষুণ আহিব পাৰে বুলি আগলি বতৰা দিছে৷ তাৰ পাছতহে গ্ৰীষ্মপ্ৰৱাহৰ যাত্ৰাত ভেটা পৰিব পাৰে৷ অৰ্থাৎ বৰষূণ নহালৈ গৰমৰ সৈতে সহাবস্থান কৰাৰ বাহিৰে কোনো বিকল্প নাই৷ উল্লেখ্য যে  উদ্বেগজনক ভাবে তাপমাত্ৰা স্বাভাৱিকতকৈ বেছিভাগ অঞ্চলৰে তাপমাত্ৰা ৫ৰ পৰা ৭.৭ ডিগ্ৰীৰো অধিক হোৱাত ৰাইজে অস্বাভাৱিক গৰমৰ সৈতে মোকাবিলা কৰিব লগা হৈছে৷  বতৰ বিজ্ঞানীসকলৰ মতে যিহেতু অসমত বায়ুত জলীয় বাষ্পৰ পৰিমাণ বহুত বেছি পৰিমাণে থাকে, সেয়েহে তাপমান ৩৭ ডিগ্ৰী চেলছিয়াছ হলেও ইয়াৰ অনুভৱ উত্তৰ ভাৰতৰ ৰাজ্য সমূহৰ দৰে ৫২ ডিগ্ৰী চেলছিয়াছৰ দৰে হয়৷ প্ৰকৃতিৰ ওপৰত হোৱা ধবংসলীলাৰ বাবে অসমত বিগত বৰ্ষৰ তুলনাত এইবাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠিছে৷ আনকি উত্তৰ-পূবৰ স্কটলেণ্ড খ্যাত শীতল ঠাই শ্বিলঙতো গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে৷ মংগলবাৰে বৰষূণৰ বাবে বিখ্যাত চেৰাপুঞ্জীত সৰ্বাধিক তাপমাত্ৰা আছিল ৩১.৬ ডিগ্ৰী চেলচিয়াছ৷ যিটো স্বাভাবিকতকৈ ৯.১ ডিগ্ৰী চেলচিয়াছ অধিক আছিল৷ মংগলবাৰৰ দিনটোত ৰাজ্যৰ কেবাখনো চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল এনে ধৰণৰ - ডিব্ৰুগড়ত ৩৭.২ ডিগ্ৰী চেলছিয়াছ,  তেজপুৰত ৩৭.৩ ডিগ্ৰী চেলছিয়াছ, ধুবুৰীত ৩৪.৬ ডিগ্ৰী চেলছিয়াছ, যোৰহাটত ৩৭.৩ ডিগ্ৰী চেলছিয়াছ৷ 

বিদ্য়ুৎ যোগানত চূড়ান্ত ব্যৰ্থ অসম চৰকাৰ; অকৰ্মণ্য এ পি ডি চি এলঃ ছাত্ৰ সন্থা

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ ২৪ ঘণ্টাই বিদ্য়ুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি নেতৃত্বাধীন অসম চৰকাৰে অসমৰ জনসাধাৰণক নিয়মীয়া বিদ্য়ুৎ যোগানত চূড়ান্ত ব্যৰ্থ হৈছে৷ এ পি ডি চি এলে চূড়ান্ত অকৰ্মণ্যতা প্ৰদৰ্শন কৰিছে৷ ফলত সঘন ল’ড শ্বেডিঙে ৰাজ্যখনৰ জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে৷ অসম চৰকাৰ তথা এ পি ডি চি এলে নিয়মীয়া বিদ্য়ুৎ যোগানৰ বাবে শীঘ্ৰেই ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰক৷– এই দাবী সদৌ অসম ছাত্ৰ সন্থাৰ৷ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়- নিয়মীয়া বিদ্য়ুৎ যোগানত অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা আৰু এ পি ডি চি এলৰ অকৰ্মণ্যতাৰ প্ৰতিবাদত ৰাইজে ৰাজপথলৈ ওলাই আহিছে৷ ছাত্ৰ সন্থাৰ বিভিন্ন গোটে ৰাইজৰ অভিভাৱকত্বত ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰিছে৷ ৰাজ্যখনত উৎকট গৰম৷ পাৰাস্তমভ ৩৭ ডিগ্ৰী চেলচিয়াচ স্পৰ্শ কৰিছে৷ এনে পৰিস্থিতিত ভুতৰ ওপৰত দানব পৰাদি ঘনে ঘনে হোৱা ল’ড শ্বেডিঙে জনসাধাৰণক জৰ্জড়িত কৰি তুলিছে৷ ২৪ ঘণ্টাই বিদ্য়ুৎ যোগান দিয়াৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰতিশ্ৰুতি অসাৰ হৈ পৰিছে৷ বছৰত দুই তিনিবাৰ বিদ্য়ুতৰ মাচুল বৃদ্ধি কৰি ৰাইজক ৰামটাঙোন শোধোৱা এ পি ডি চি এলৰ অদূৰদৰ্শিতা আৰু অকৰ্মণ্যতা ওলাই পৰিছে৷ ৰাজ্যখনত প্ৰতিদিনে প্ৰায় ২৫০০ মেগাৱাট বিদ্য়ুতৰ প্ৰয়োজন৷ এতিয়া প্ৰায় ১৮০০-২০০০ মেগাৱাট বিদ্য়ুতৰ সংগ্ৰহ কৰিবলৈহে চৰকাৰ সক্ষম হৈছে৷ প্ৰতিদিনে প্ৰায় ৫০০-৭০০ মেগাৱাটৰ নাটনি চলি আছে৷ এই নাটনি দূৰ কৰাৰ দায়িত্ব অসম চৰকাৰ আৰু এ পি ডি চি এলৰ৷ এই কাম কৰাত অসম চৰকাৰ আৰু এ পি ডি চি এল ব্যৰ্থ হৈছে৷ উন্নয়নৰ ঢাক ঢোল বজাই থকা অসম চৰকাৰে শীঘ্ৰেই নিয়মীয়া বিদ্য়ুৎ যোগানৰ ব্যৱস্থা কৰি জনসাধাৰণক সকাহ দিয়ক৷ 

সমগ্ৰ দেশতে বিদ্যুতৰ সাময়িক নাটনি হৈছেঃ পৱিত্ৰ মাৰ্ঘেৰিটা

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ ৰাজ্যত অব্যাহত থকা অভাৱনীয় লোডশ্বেডিং সন্দৰ্ভত মত প্ৰকাশ কৰি সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই কয়– বিদ্য়ুতৰ নাটনিৰ খবৰ শুদ্ধ৷ প্ৰবল তাপ বৃদ্ধিৰ বাবে বিদ্য়ুতৰ চাহিদা আৰু ব্যৱহাৰ বহু শতাংশ বাঢ়ি যোৱাৰ লগতে অসমত আৰু দুটা কাৰকৰ বাবে বিদ্য়ুতৰ নাটনি হৈছিল; অৱশ্যে ক্ৰমে লাহে লাহে ই সুস্থিৰ হৈ আহিবলৈ লৈছে৷ ৰাষ্ট্ৰীয় পৰ্যায়তো বিদুৎ কিনা-বেছা কেন্দ্ৰতো চাহিদা অনুযায়ী বিদুৎ যোগান দিব পৰা নাই৷ সম্প্ৰতি সমগ্ৰ দেশতে বিদ্য়ুতৰ চাহিদা বৃদ্ধি আৰু সাময়িক নাটনি হৈছে৷ এই নাটনি জোৰা মাৰিবলৈ এ পি ডি চি এলে প্ৰতিটো ইউনিটত দহ টকা পৰ্যন্ত খৰচ কৰি ৰাজ্যবাসীক ছটকা মূল্যত বিদুৎ যোগান ধৰি আহিছে৷ নামনি অসমত ভূটান-অসম লাইন প্ৰাকৃতিক দুৰ্যোগৰ বাবে বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বঙাইগাঁৱৰ এন টি পিচিৰ উৎপাদন সাময়িকভাৱে কমি যোৱাত এই পৰিস্থিতিৰ সৃষ্টি হৈছে যদিও কম দিনৰ ভিতৰতে পুনৰ পূৰ্বৰ সুস্থিৰ অৱস্থা ঘূৰি আহিব বুলি নিশ্চিভাৱে আশা কৰিব পৰা যায়৷ 

এপিডিচিএলৰ সংগৃহীত ধন অন্য কামত ব্যৱহাৰৰ অভিযোগ কংগ্ৰেছৰ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ ২৪ ঘণ্টাই বিজুলী যোগানৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে এতিয়া অসমৰ গ্ৰাম্যঞ্চলত ন্য়ূনতম ৮ ঘণ্টাও বিদ্য়ুৎ যোগান ধৰিব পৰা নাই৷ সঘন বিদ্য়ুৎ কৰ্তনেৰে ৰাজ্যখনৰ ৬৩ লাখ গ্ৰাহকক প্ৰতাৰণা কৰিছে অসম চৰকাৰে৷ যিকোনো বিষয়ত তপৰাই মাত মতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লোডশ্বেডিঙৰ ক্ষেত্ৰত নীৰৱ কিয় বুলি আজি প্ৰশ্ন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে৷ ৰাইজৰ প্ৰতি ৰাজ্যৰ শক্তি বিভাগ দায়ৱদ্ধ নহয় বুলি অভিযোগ কৰি এক বিবৃতিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ ভৰত চন্দ্ৰ নৰহ আৰু উপাধ্যক্ষ বেদব্ৰত বৰাই কয়– ২৪ ঘণ্টা বিজুলী যোগানৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুজৰাট মডেল ব্যৱহাৰ কৰিবলৈ দায়িত্ব গ্ৰহণ কৰাৰ কেইমাহমান পিছৰে পৰা এপিডিচিএল, এপিজিচিএল আৰু এইজিচিএলৰ প্ৰতিনিধিক গুজৰাটৰ শক্তি বিভাগৰ জ্ঞান ল’বলৈ ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰিছিল৷ পৰৱৰ্তী সময়ত অসমৰ বিদ্য়ুৎ বিভাগৰ অৱস্থা কি হৈছে ৰাইজে সেয়া দেখিছে৷ শক্তি বিভাগৰ তিনিটা কোম্পানীৰ মাজত কোনোধৰণৰ সু-সমন্বয় নথকাৰ লগতে পৰিকল্পনা আৰু বাজেটৰ অভাৱ৷ সঘন বিদু্যৎ কৰ্তনৰ বাবে ৰাজ্যৰ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকল চূড়ান্ত সমস্যাৰ সন্মুখীন হৈছে৷ প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ সময়ত ৰাইজক ন্যুনতম বিজুলী সেৱা যোগান ধৰিব নোৱৰা চৰকাৰখনে সঘনাই কেবিনেট বৈঠক অনুষ্ঠিত কৰি হোৱাটোক নোহোৱ আৰু নোহোৱাটোক হোৱা কৰ আহিছে যদিও মানুহৰ প্ৰাথমিক সমস্যা সমাধানত ব্যৰ্থ হৈছে৷ সঘন বিদ্য়ুৎ কৰ্তনৰ বাবে গ্ৰামাঞ্চলৰ চিকিৎসালয়সমূহত ৰোগী আৰু অভিভাৱকে যমৰ যাতনা পোৱাৰ লগতে চিকিৎসা সম্পৰ্কীয় পৰীক্ষা-নীৰিক্ষা কৰাৰ পৰাও বঞ্চিত হৈছে৷ শিশু আৰু বৃদ্ধসকল ইতিমধ্যে প্ৰচণ্ড গৰমত বহু অঞ্চলত অসুস্থ হৈ পৰিছে৷ গৰমৰ পৰা ৰক্ষা পাবলৈ পানীত জাঁপ দিয়া বহু লোকৰ ইতিমধ্যে সলিল সমাধি ঘটা বুলিও সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈছে৷ ৰাইজৰ পৰা স্মাৰ্ট মিটাৰ সংযোগ কৰি আগতীয়াকৈ বিদ্য়ুৎ যোগানৰ নামত ধন সংগ্ৰহ কৰ৷ ৰাইজৰ পৰা সংগ্ৰহ কৰা ধন এপিডিচিএলে অন্য কামত ব্যৱহাৰ কৰিছে নে ৰাজহ জমা শিতানত বন্ধকত ৰাখিছ? চৰকাৰে প্ৰতিমাহে হাজাৰ হাজাৰ কোটি টক৷ বিভিন্ন শিতানত ঋণ লৈ ৰাইজক বুনিয়াদী সেৱাখিনিও প্ৰদান কৰিব নোৱৰাতো আশ্চৰ্যজনক৷ ইমানৰ পিছতো নিয়মীয়া বিদ্য়ুৎ যোগানৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বিষয়টোৱে চৰকাৰখনে ৰাইজৰ দুখ-দুৰ্দশাক তিলমানো গুৰুত্ব নিদিয়ে সেই কথা প্ৰমাণিত হৈছে৷