Logo
image

ৰাষ্ট্ৰপতিৰ পৰা বঁটা ল’লে কুমুদ কলিতাই

‘আমাৰ অসম’ৰ বজালীৰ প্ৰতিবেদক ৬ ছেপ্টেম্বৰঃ পাঠশালা ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ শিক্ষক তথা পাঠশালাস্থিত বিশেষভাৱে সক্ষম শিশুসকলৰ পীঠস্থান ‘তপোবন’ৰ সঞ্চালক কুমুদ কলিতাই গ্ৰহণ কৰিলে কৃতী শিক্ষকৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ৷ উল্লেখ্য, সমাজৰ প্ৰতি অৱদান তথা অতুলনীয় কৰ্মৰাজিৰ বাবে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ে ‘ৰাষ্ট্ৰীয় শিক্ষক পুৰস্কাৰ, ২০২৩’ৰ বাবে নিৰ্বাচিত কৰিছে বজালীৰ সু-সন্তান কুমুদ কলিতাক৷ আজি পৱিত্ৰ শিক্ষক দিৱসৰ দিনা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কলিতাক প্ৰদান কৰে ৰাষ্ট্ৰীয় শিক্ষক পুৰস্কাৰ৷ এই উপলক্ষে নতুন দিল্লীস্থিত বিজ্ঞান ভৱনত আয়োজন কৰা এক বিশেষ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে কুমুদ কলিতাক প্ৰশস্তি-পত্ৰ প্ৰদান কৰে৷ উল্লেখ্য, কুমুদ কলিতাই শিক্ষকতাৰ জৰিয়তে প্ৰজ্ঞাৰ সুৱাস বিলাই অহাৰ উপৰিও অশেষ কষ্ট, ত্যাগ আৰু একাগ্ৰতাৰে তপোবন শিশুগৃহৰ জৰিয়তে সমাজৰ অৱহেলিত বিশেষভাৱে সক্ষম শিশুসকলক এক নতুন জীৱন দান কৰাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে৷ এই বঁটা গ্ৰহণ কৰি যথেষ্ট সুখ অনুভৱ কৰা বুলি কলিতাই মন্তব্য কৰে৷