Logo
image

লিভাৰ ভালে ৰখাৰ বাবে এইখিনি কৰক

লিভাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ৷ লিভাৰ ৰোগত আক্ৰান্ত হ’লে মানুহৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে৷ সেয়েহে লিভাৰ সুৰক্ষিত কৰি ৰাখিবৰ বাবে বিশেষভাৱে গুৰুত্ব দিব লাগে৷ লিভাৰজনিত সমস্যাৰ পৰাই কিডনী বিকল, ৰক্তক্ষৰণ, হজমত সমস্যা, অনিদ্ৰা আদিৰ দৰে বিসংগতিৰ সৃষ্টি হয়৷ কোনো খাদ্য হজম নহ’লে তেজত টক্সিনৰ পৰিমাণ বৃদ্ধি পায়৷ এই টক্সিনে লিভাৰৰ প্ৰচুৰ ক্ষতি কৰে৷ সেইবাবে লিভাৰৰ ক্ষতি কৰিব পৰা খাদ্য এৰাই চলিব লাগে৷ লিভাৰ পৰিষ্কাৰ ৰখাৰ বাবে এইখিনি কৰক৷

ত্ৰিফলা-মেথিঃ ত্ৰিফলা নিয়মীয়াকৈ খালে লিভাৰ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে৷ তদুপৰি ত্ৰিফলাত থকা ঔষধি গুণে লিভাৰক শক্তিশালী কৰে৷ যাৰ বাবে বিভিন্ন সংক্ৰমণৰ পৰা হাত সাৰিব পাৰি৷ একেদৰে মেথি গুটিও লিভাৰৰ বাবেও উপকাৰী৷  প্ৰতিদিনে মেথি পানীত তিয়াই ৰাখি সেই পানী খোৱাৰ অভ্যাস কৰিলে লিভাৰ ভালে থাকে৷ 

পালেং শাকঃ পালেং শাক লিভাৰৰ বাবে উতি উত্তম৷ নিয়মীয়াকৈ খাদ্যৰ সৈতে অথবা পালেং শাকৰ ৰস খালে লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি পায় আৰু লিভাৰ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে৷ 

অৰ্জুন গছৰ ছালঃ অৰ্জুন গছৰ ছালত প্ৰচুৰ পৰিমাণে ঔষধি গুণ আছে৷ অৰ্জুন গছৰ ছালৰ ৰস খালেও শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লগতে লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি পায়৷

আদা-তুলসীৰ চাহঃ  আদা-মৌ আৰু তুলসীপাতৰ চাহ খালে লিভাৰত হ’ব পৰা সংক্ৰমণ হ্ৰাস পায়৷ তদুপৰি আদা-তুলসীৰ চাহে লিভাৰ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে৷ 

নহৰু-পিঁয়াজঃ নহৰু আৰু পিঁয়াজত প্ৰচুৰ পৰিমাণে আয়ুৰ্বেদিক গুণ আছে৷ সেই বাবে খাদ্যৰ সৈতে নহৰু-পিঁয়াজ নিয়মীয়াকৈ খালে লিভাৰ পৰিষ্কাৰ কৰাত সহায় কৰে৷ 

শৰীৰ চৰ্চাঃ নিয়মীয়াকৈ শৰীৰ চৰ্চা কৰিলেও লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি পায়৷ শৰীৰ চৰ্চাৰ ফলত লিভাৰত জমা হ’ব পৰা টক্সিন সহজেই ওলাই যায়৷ এইদৰেই খাদ্যাভাস মানি চলিলে লিভাৰক বিভিন্ন ৰোগৰ সংক্ৰমণৰ পৰা বচাই ৰাখিব পাৰি৷