Logo
image

মুক্তি

মুক্তি সকলোৰে কাম্য৷ দুখৰ পৰা মুক্তি, দৰিদ্ৰতাৰ পৰা মুক্তি, শোষণৰ পৰা মুক্তি, অভাৱৰ পৰা মুক্তি আদি৷ জীৱনৰ প্ৰতিটো দুখ-দুৰ্ভাবনাৰ পৰা মুক্তিৰ প্ৰয়াস কৰে প্ৰতিজন নাগৰিকে৷ শৈশৱ কালত বিদ্যা আৰম্ভ কৰা এটি শিশুৱে প্ৰতিটো দিনতেই দেখে শৈশৱ কালৰ মুক্তি৷ যৌৱন কালৰ সংস্থাপনৰ অভাৱত নিবনুৱাৰ জীৱন কটোৱা প্ৰতিজন ব্যক্তিৰ কাম্য মুক্তি৷ সংস্থাপন প্ৰাপ্তিৰে জীৱন আৰম্ভ কৰা প্ৰতিজন ব্যক্তিৰ লক্ষ্য হৈ পৰে সম্পদ আহৰণৰ প্ৰয়াস৷ যৌৱন কালত সুখৰ সংসাৰ পতা একো একোজন ব্যক্তিয়ে বাৰ্ধক্য জীৱনত পুনৰ প্ৰয়াস কৰিব লাগে সন্তানৰ শিক্ষা বা সংস্থাপনৰ আৰু শেষত বিচাৰে জীৱনৰ মুক্তি৷ এনেবোৰ পৰিক্ৰমাই এটি শিশুক শৈশৱ কালৰ পৰা বাৰ্ধক্য জীৱনলৈ সন্মুখীন কৰায় মুক্তিৰ অনেক প্ৰয়াসক৷ জীৱন যুদ্ধত ব্যক্তিৰ সফলতা বা বিফলতাৰ অন্তত পোৱা ফলাফলক প্ৰকৃতাৰ্থত মুক্তিৰ এক সংজ্ঞা বুলি ক’লেও ভুল কোৱা নহ’ব৷

উত্তৰ-পূৰ্বাঞ্চলৰ সম্পদশালী ৰাজ্য হিচাপে পৰিচিত অসমত স্বৰাজোত্তৰ কালৰে পৰা নাগৰিকৰ জীৱনশৈলী দেশৰ বাকী ৰাজ্যৰ তুলনাত সহজ আৰু শান্ত বুলি ক’ব পাৰি৷ কৃষিপ্ৰধান অসমত নাগৰিকে খাদ্যৰ অভাৱত কেতিয়াও খালী পেটত জীৱনৰ সংগ্ৰাম কৰিবলগীয়া হোৱা নাই৷ ৰাজ্যৰ প্ৰতিখন গাঁৱত শান্তিৰে শুব পাৰে নাগৰিকে৷ শিক্ষাৰ বহল প্ৰসাৰে শিক্ষিত কৰা নৱপ্ৰজন্মই আজি প্ৰতিযোগিতাৰ পথাৰখনত ফেৰ মাৰিব পৰা হৈছে৷ জীৱনৰ সংজ্ঞা বিচাৰি পোৱা নৱপ্ৰজন্মই সপোন দেখিব পৰা হৈছে৷ অসমৰ কীৰ্তিমান ছাত্ৰ-ছাত্ৰীয়ে সৰ্বভাৰতীয় পৰীক্ষাত স্থান লাভ কৰি অনুপ্ৰাণিত কৰিছে অনুজ ছাত্ৰ-ছাত্ৰীক৷ সকলো ঠিকেই আছে, কিন্তু যেন ঠিকে থকা নাই অসমৰ ৰাজনৈতিক পথাৰখন৷ ২০২১ চনত ৰাজ্যত অনুষ্ঠিত হৈ যোৱা বিধানসভাৰ নিৰ্বাচনৰ পাছৰে পৰা সলনি হৈছে ৰাজ্যৰ ৰাজনৈতিক বতাহ৷ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলৰ মাজত পুনৰ আৰম্ভ হৈছে লোকসভাৰ সমাগত নিৰ্বাচনৰ আখৰা৷ সাধাৰণ নাগৰিকৰ সুখ-দুখৰ প্ৰতি সৰৱ হৈছে প্ৰাথিত্বপ্ৰত্যাশী নেতা-পালিনেতাসকল৷ সুবিধা পালেই সাংবাদিকৰ সন্মুখত টেঁটুফালি নিজৰ ৰাজনৈতিক সচেতনতা বা দক্ষতাৰ প্ৰমাণ দিবলৈ অহা নেতাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ শাসক-বিৰোধীৰ মাজত চলা বাকযুদ্ধই পাৰ কৰিছে শালীনতাৰ সকলো সীমা৷ ভাৰতৰ ৰাজনৈতিক পথাৰত ভুমুকি মৰা সামান্যসংখ্যক মহিলাৰ চৰিত্ৰহননত কুণ্ঠাবোধ কৰা নাই পুৰুষে৷ সেইদৰে পুৰুষৰ প্ৰৰোচনাত গাৰ বস্ত্ৰ খুলি চৰকাৰী পক্ষক শ’লঠেকত পেলাবলৈ আত্মপ্ৰকাশ কৰিছে একাংশ মহিলা৷ কোনজন নেতাৰ আছে মহিলাৰ লগত অবৈধ সম্পৰ্ক বা কোনগৰাকী নেত্ৰীৰ চলি আছে পৰপুৰুষৰ লগত অবৈধ প্ৰেম, কোনজন নেতাই ৰাজ্যৰ ছিণ্ডিকেট চলাই কোটিপতি হৈছে, কোনজন নেতাই অসমৰ বাহিৰত অট্টালিকা সাজিছে, কোনজন নেতাই চাহ বাগান খুলিছে আদি অনেক অভিযোগ আৰু প্ৰতি অভিযোগে কলুষিত কৰি ৰাখিছে ৰাজ্যৰ ৰাজনীতি৷ সাংবাদিকৰ প্ৰশ্নত বিব্ৰত হৈ কাৰোবাক পেণ্ট খুলি উলংগ কৰিম বুলি ভাবুকি দিয়া ক্ষমতাশালী নেতাৰ বক্তব্যই হতবাক কৰিছে সাধাৰণ নাগৰিকক৷ সত্যটো হৈছে শাসকীয় আৰু বিৰোধীৰ মাজত চলা বাকযুদ্ধত ব্যৱহৃত হৈছে একো একাগৰাকী মহিলাৰ গোপন কথা [সত্যই হওক বা অসত্যই হওক]৷ ৰাজনৈতিক দলৰ কাৰ্যালয়ত নিশা মহিলাকৰ্মীৰ প্ৰৱেশ যেন এটা ডাঙৰ কথা হৈ পৰিছে৷ কাৰ্যতঃ মহিলাকৰ্মীসকলে ইতস্ততাবোধ কৰা হৈছে দলৰ কাৰ্যালয়ত৷ ব্যক্তিগত পৰ্যায়ত বাকযুদ্ধত লিপ্ত হোৱা নেতাসকলৰ ভিতৰত স্থান পাইছে মন্ত্ৰী, বিৰোধী দলৰ দলপতি আৰু আন ৰাজনৈতিক দলৰ সভাপতি৷ এনেবোৰ নেতাৰ অভিযোগ আৰু প্ৰতিঅভিযোগত প্ৰচাৰিত বাতৰিয়ে পাহৰাই দিছে নাগৰিকৰ মৌলিক সমস্যাৰ বাতৰিবোৰ৷ চিকিৎসালয়ত মৃত্যুৰ ক্ষণ গণা দৰিদ্ৰৰ জীৱনগাথা, অস্থিৰতাৰ মাজত থকা অসমীয়া মধ্যবিত্ত পৰিয়ালৰ সমস্যা, সংস্থাপনৰ অভাৱত মানসিক দ্বন্দ্বই সুৰাসক্ত কৰা যুৱক-যুৱতীৰ জীৱন বা পিতা-পুত্ৰৰ সংঘাতে পৰিয়াললৈ অনা অন্ধকাৰৰ বাতৰিবোৰ মূল্যহীন হৈ পৰিছে সমাজজীৱনত৷ ৰাজনৈতিক নেতাসকলৰ বাক্যই প্ৰকৃতাৰ্থত শান্তিৰ পৰিৱেশ বিঘ্নিত কৰে সমাজত৷ গ্ৰামাঞ্চলৰ নাগৰিকৰ মাজত সক্ৰিয় হৈ থকা ৰাজনৈতিক নেতাসকলেও দলৰ মুৰব্বী বা নেতাৰ মুখৰ বাক্যবোৰ প্ৰচাৰ কৰে সাধাৰণ কম¹সকলৰ মাজত৷ এখন গাঁৱত বাস কৰা নাগৰিকৰ মাজত অংকুৰিত ৰাজনৈতিক শত্ৰুতাই ভাগ ভাগ কৰিবলৈ ধৰিছে সাতামপুৰুষীয়া ঐক্য-সম্প্ৰীতিৰ৷ দিনত সাংবাদিকৰ সন্মুখত প্ৰচণ্ড কাজিয়া কৰা আৰু নিশা একেলগে পাৰ্টী কৰা নেতাৰ বহু কথাই গম নাপাই সাধাৰণ কৰ্মীয়ে৷ যি সময়ত এটা অনুদানৰ গৃহৰ তালিকাত নামভৰ্তি কৰিব নোৱাৰি মাৰপিটত লিপ্ত হৈছে দৰিদ্ৰ নাগৰিক, সেই সময়ত দলৰ নেতাৰ সম্পত্তিৰ তালিকাখন হৈছে আকাশলংঘী৷ কোন হিন্দু বা কোন মুছলমান, কোন উচ্ছবৰ্ণৰ বা কোন নিম্নবৰ্গৰ, কোন উজনি অসমৰ বা কোন নামনি অসমৰ তেনেবোৰ বিশ্লেষণৰ মাজতেই সীমাবদ্ধ হৈ আছে অসমৰ ৰাজনীতি৷ এনে এক ক্ষণত কামনা কৰিছোঁ মুক্তিৰ৷ মুক্তি– অশুভ চিন্তাৰ পৰা শুভদিনলৈ৷