Logo
image

বাঢ়িব বিদ্যুৎ মাচুল, মুখ্যমন্ত্ৰীৰ ইংগিত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ ছেপ্টেম্বৰঃ যোৱা দিনসমূহত ৰাজ্যত উৎকট গৰমৰ বাবে পাৰাস্তম্ভ যিমানেই ঊধবৰ্গামী হৈছে, সিমানেই বিদ্যুৎ গ্ৰাহকৰ যন্ত্ৰণা, ছটফটনিও বৃদ্ধি পাইছে৷ এফালে, প্ৰিপেইড মিটাৰৰ নামত গ্ৰাহকৰ পৰা পূৰ্বৰ তুলনাত কেইবাগুণো অধিক বিদ্যুৎ মাচুল আদায়ৰ অভিযোগ, আনফালে, বিদ্যুতৰ সঘন লোডশ্বেডিং, লুকাভাকু– কাৰ্যতঃ অতিষ্ঠ, ভাৰাক্ৰান্ত হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ, বিদ্যুৎ গ্ৰাহক৷ বিদ্যুতৰ চৰা দাম আৰু সঘন বিদ্যুৎ কৰ্তনে উৎকট গৰমত সাধাৰণ গ্ৰাহকক ত্ৰাহি মধুসূধন সোঁৱৰোৱাৰ লগতে বিশেষভাৱে ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক ভয়ানক ক্ষতিৰ সন্মুখীন কৰাইছে৷ ইয়াৰ মাজতে আজি বিদ্যুৎ গ্ৰাহকলৈ আকৌ আহিল এটা দুঃখবৰ৷ পুনৰ ৰাজ্যত প্ৰতি ইউনিট বিদ্যুৎ মাচুলৰ মূল্য এটকাকৈ বৃদ্ধি পাব পাৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ জনতা ভৱনত বুধবাৰে বিয়লি এক সংবাদমেলত এই কথা সদৰী কৰি কয়– ‘ৰাজ্যত যোৱা দিনকেইটাত ধাৰাবাহিকভাৱে ২,৫০০ মেগাৱাটৰ বিদ্যুতৰ প্ৰয়োজন হৈছে৷ পিক আৱাৰত পূৰ্বে কেতিয়াও ৰাজ্যত এনে হোৱা ৰেকৰ্ড নাই৷ যোৱা বছৰ কেইটামান দিনত ২,৩০০ মেগাৱাট পৰ্যন্ত বিদ্যুতৰ প্ৰয়োজন হৈছিল, কিন্তু ২,৫০০ হোৱা নাছিল৷ কিহৰ কাৰণে ৰাজ্যত ইমান বিদ্যুতৰ প্ৰয়োজন হৈছে, আমিও ভালকৈ ধৰিব পৰা নাই৷ এপিডিচিএলক সকলো দিশ চালিজাৰি চাবলৈ নিৰ্দেশ দিছোঁ৷ সাধাৰণতে আমাক পিক আৱাৰত ১,৮০০ মেগাৱাট বিদ্যুতৰ প্ৰয়োজন হয়৷ ইয়াৰ বিপৰীতে আমি ১,৬৫০ মেগাৱাট বিদ্যুৎ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰিব পাৰোঁ৷ এতিয়া দৈনিক প্ৰায় ৭০০ মেগাৱাট বিদ্যুতৰ নাটনি হৈছে৷ এই বিদ্যুতৰ ঘাটি জোৰা মাৰিবলৈ হ’লে আমি মুকলি বজাৰৰ পৰা [অ’পেন চ’ৰ্ছৰ] বিদ্যুৎ ক্ৰয় কৰিব লাগিব৷ মুকলি বজাৰৰ পৰা প্ৰতি ইউনিট বিদ্যুৎ ১০টকাকৈ কিনিব লাগিব৷ যদিহে পূৰ্ব চুক্তি থাকে তেতিয়াহে আমি ৫ টকাকৈ প্ৰতি ইউনিট বিদ্যুৎ পাম৷ এনেদৰে মুকলি বজাৰৰ পৰা বিদ্যুৎ ক্ৰয় কৰিলে আমাক দৈনিক ৬ কোটি টকা লাগিব৷ এমাহত লাগিব ১৮০ কোটি৷ ৪ মাহত লাগিব ৭০০ কোটি টকা৷ ৰাজ্যত ২৪ ঘণ্টাই বিদ্যুতৰ যোগান অব্যাহত ৰাখিবলৈ হ’লে আমি মুকলি বজাৰৰ পৰা বিদ্যুৎ ক্ৰয় কৰিব লাগিব৷ ইয়াৰ ফলত প্ৰতি ইউনিট বিদ্যুতৰ দাম এটকাকৈ বৃদ্ধি কৰিব লাগিব৷ অৱশ্যে আমি মুকলি বজাৰৰ পৰা বিদ্যুৎ কিনিম নে, সামগ্ৰিক পৰিস্থিতিৰ জোৰা মাৰিবলৈ এপিডিচিএলক কিছু পুঁজি দিম– এই কথাবিলাক দুই-এদিনৰ ভিতৰতহে চূড়ান্ত হ’ব৷ অহা জ্জ্ব ছেপ্টেম্বৰত ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হ’ব৷ এই বৈঠকত বিদ্যুৎ মাচুল বৃদ্ধি বা আন কি কৰিব পৰা যায় এই সন্দৰ্ভত বিষদভাৱে আলোচনা হ’ব৷ সেইদিনাই সিদ্ধান্ত চূড়ান্ত কৰা হ’ব৷ যদিহে এইকেইদিন লোড শ্বেডিঙৰ দ্বাৰা দুই হাজাৰ মেগাৱাটলৈ দৈনিক চাহিদা হ্ৰাস কৰিব পৰা যায় তেন্তে হয়তো বিদ্যুৎ মাচুল বৃদ্ধি নকৰিলেও হ’ব৷ আৰু কেইদিনমানৰ পাছত ৰাজ্যত স্বাভাৱিকতে বিদ্যুতৰ চাহিদা এনেও কমি যাব৷’ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে ৮ ছেপ্টেম্বৰৰ কেবিনেটত এপিডিচিএলে চৰকাৰক আচল পিকচাৰখন দিয়াৰ পাছতহে বিদ্যুৎ ক্ৰয়ৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব৷ হয়তো ৰে’লৱে বৈদ্যুতিকৰণৰ বাবে প্ৰতিদিনে ৫০ মেগাৱাট বিদ্যুতৰ প্ৰয়োজন হোৱা বা উদ্যোগীকৰণ, ৰাতি দেৰিলৈকে নগৰ, চহৰত দোকান খোলা ৰখাৰ বাবেই আমাক আজিৰ তাৰিখত প্ৰতিদিনে ৫০০-৭০০ মেগাৱাট বিদ্যুতৰ অধিক প্ৰয়োজন হৈছে৷ মুখ্যমন্ত্ৰীৰ মন্তব্য– ‘যোৱা ২০ দিন আগলৈকে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ২৪ ঘণ্টাৰ বিদ্যুৎ গ্ৰাহকক আমি দিয়েই আছিলোঁ৷ মাত্ৰ ২০ দিনৰ কিবা এটাৰ বাবেই গোটেই চৰকাৰখন বিফল হৈ নাযায়৷ দুই বছৰতে ২৪ ঘণ্টাৰ বিদ্যুতৰ যোগান দিবলৈ হাতত আলাউদ্দিনৰ চাকি নাই৷ ২৪ ঘণ্টা বিদ্যুৎ দিবলৈ হ’লে দাম বঢ়াবই লাগিব৷ ২০১৬ চনত দিয়া প্ৰতিশ্ৰুতিৰ কথা নকও৷ আপোনালোকে পলিটিকেল কৰি দিব৷ মোৰ চৰকাৰৰ দুটা বছৰহে হৈছে৷ মই ২৬ত প্ৰচাৰত গ’লে ক’ম– ২৪ ঘণ্টাই বিদ্যুৎ যোগান দিছোঁ৷ যোৱা দুটা বছৰত আমি যথেষ্টখিনি কাম কৰিছোঁ৷ মহানদীৰ সৈতে ১,২০০ মেগাৱাটৰ চুক্তি হৈছে, এটিপিচিৰ ১৫৪ মেগাৱাটৰ চুক্তি হৈছে, হাটামপুৰৰ এনইউপিপিএলৰ সৈতে ৪৯২ মেগাৱাটৰ চুক্তি হৈছে, কাৰ্বি লাংপিত ২২ মেগাৱাট আৰু মিডল কাৰ্বি লাংপিত ২৪ মেগাৱাটৰ নিজাকৈ বিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ কৰা হৈছে৷ পূৰ্বৰ কোনো চৰকাৰে এনে চিন্তা কৰিব পৰা নাছিল৷’ ইফালে, ৰাজ্যত বৰ্তমান নিজাকৈ কোনো বিদ্যুৎ উৎপাদন নাই বুলিও সংবাদমেলত স্পষ্ট কৰে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে কয়– ‘ৰাজ্যৰ গ্ৰামাঞ্চলত ক’তো ৫/১০ ঘণ্টা বিদ্যুৎ কৰ্তন হোৱা নাই৷ বিদ্যুৎ কৰ্তন হৈছে যদি ১৫ মিনিট বা আধা ঘণ্টাহে হৈছে৷ ইয়াতকৈ যদি কিবা কাৰণত বিদ্যুৎ কৰ্তন হৈছে তেন্তে ট্ৰেন্সফৰ্মাৰ বেয়া বা আন কাৰণত হৈছে৷ গৌৰীপুৰ, ধুবুৰী, মানকাচৰ আদিৰ দৰে ডিষ্ট্ৰিবিউচন সমস্যাৰ বাবে বিদ্যুৎ কৰ্তন হৈছে৷’