Logo
image

ভূপেন্দ্ৰ সংগীতৰ লহৰত সমুজ্জ্বল গোলাঘাট

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, গোলাঘাট, ৭ ছেপ্টেম্বৰঃ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত গোলাঘাটবাসী ৰাইজৰ সহযোগত বৃহস্পতিবাৰৰ পৰা গোলাঘাট নগৰৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাঙ্গণত দুদিনীয়াকৈ উদ্‌যাপন কৰিবলৈ লোৱা সুধাকণ্ঠ ড॰ ভূপেন  হাজৰিকাৰ ৯৭সংখ্যক জন্মদিন ‘সমম্বয় দিৱস’ক কেন্দ্ৰ কৰি নগৰখনত সৃষ্টি হৈছে এক উদুলি-মুদুলি পৰিৱেশ৷ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ এই কেন্দ্ৰীয় কাৰ্যসূচীত অংশ ল’বলৈ অহা অসমৰ বিভিন্ন প্ৰান্তৰ আমন্ত্ৰিত বিশিষ্ট অতিথিবৃন্দৰ থকা-খোৱাৰ ব্যৱস্থাকে ধৰি সকলো অভ্যাগতক আদৰিবলৈ উদ্‌যাপন সমিতি সম্পূৰ্ণ সাজু হৈ উঠাৰ সমান্তৰালকৈ তোৰণ, ৰভা-পৰলা আদি নিৰ্মাণক লৈ কাৰ্যসূচীস্থলীত যোৱা কেইদিনত ব্যস্ততাপূৰ্ণ এক কৰ্মমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ ভাগে ভাগে শিল্পীৰ দলে চলাই থকা ভূপেন্দ্ৰ সংগীত, আলেখ্য আদিৰ আখৰাস্থলীৰ পৰা ভাঁহি অহা গীত, কথা, সুৰ আৰু সঙ্গীতৰ মূৰ্চনাই সৃষ্টি কৰিছে অমৃতময় পৰিৱেশৰ৷ সমম্বয় দিৱসত ঐতিহ্যসম্পন্ন অসমৰ সমন্নয়ৰ সমাজখনক প্ৰতিফলিত কৰাৰ প্ৰয়াসেৰে উদ্‌যাপন সমিতিয়ে গ্ৰহণ কৰা উদ্যোগত সমাজৰ প্ৰতিটো সম্প্ৰদায় আৰু ধৰ্মাৱলম্বী লোকে নিজকে জড়িত কৰিছে৷ গোলাঘাটৰ মাৰোৱাৰী, শিখ, ভোজপুৰী, বঙ্গীয় আৰু মুছলিম সমাজে সমম্বয় দিৱসৰ সকলো অভ্যাগতক আহাৰ যোগান ধৰাৰ উপৰি সমূহ কাৰ্যসূচীতে পূৰ্ণ সহযোগিতাৰে ভাগ লোৱা পৰিলক্ষিত হৈছে৷ কাৰ্যসূচীৰ ‘সমম্বয় শোভাযাত্ৰা’তো নিজৰ নিজৰ পৰম্পৰাগত পোছাকেৰে ভিন ভিন সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰাৰ বাবে সাজু হৈছে৷ ইতিমধ্যে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত যোগদান কৰাৰ বাবে হোৱা ভিডিঅ’ অডিশ্যনৰ ফলাফল ঘোষণা কৰা হৈছে৷ ভূপেন হাজৰিকাৰ জীৱন আৰু কৰ্ম সম্পৰ্কীয় আলোকচিত্ৰ প্ৰদৰ্শনীৰ কক্ষ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে বিশিষ্ট কলা নিৰ্দেশক নুৰুদ্দিন আহমেদে৷ ৭ আৰু ৮ ছেপ্টেম্বৰৰ সমন্বয় দিৱসৰ কাৰ্যসূচী অনুসৰি ৭ছেপ্টেম্বৰৰ পুৱা বিশিষ্ট অভিনেতা পৰাণ বৰঠাকুৰে স্মৃতি তৰ্পণ আৰু ছিনেমা ফটোগ্ৰাফাৰ নলিন দুৱৰা সোঁৱৰণী আলোক চিত্ৰ প্ৰদৰ্শনী মুকলি কৰিব প্ৰখ্যাত ফটোগ্ৰাফাৰজনৰ পুত্ৰ সুমন দুৱৰাই৷ বিশিষ্ট সংগীত পৰিচালক প্ৰয়াত বসন্ত বৰদলৈ সোঁৱৰণী মঞ্চ আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা উদ্বোধন কৰিব মাণিক বৰদলৈয়ে৷ বিয়লি ৪ বজাত মুকলি সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচনী সভা৷ বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে উদ্বোধন কৰিবলগীয়া এই সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট নিৱন্ধকাৰ ডাঃ অজিত বৰুৱা আৰু নুমলীগড় তেল শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মহাপ্ৰবন্ধক ড॰  কাজল শইকীয়াই৷ এই সভাত অসম সাহিত্য সভাৰ সভাপতি সূৰ্য কান্ত হাজৰিকাই উন্মোচন কৰিব স্মৃতিগ্ৰন্থ ‘সমন্বয়’ আৰু ‘ভূপেন্দ্ৰ জ্যোতি’ উন্মোচন কৰিব ৰতিমোহন নাথে৷ ইয়াৰ পাছতে অনুষ্ঠিত হ’ব ভূপেন্দ্ৰ সংগীতৰ পৰ্যালোচনা আৰু প্ৰতিযোগিতাৰ লগতে বঁটা বিতৰণী অনুষ্ঠান৷ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক সংগীত পৰিচালক তৰালি শৰ্মাই এই অনুষ্ঠানত পৰ্যালোচকৰূপে ভাগ ল’ব৷ সন্ধিয়া অনুুুষ্ঠিত হ’ব প্ৰয়াত শিৱপ্ৰসাদ ঠাকুৰ সোঁৱৰণী সাংস্কতিক অনুষ্ঠান৷ বিশিষ্ট বোলছবি পৰিচালক দীনেশ গগৈয়ে উদ্বোধন কৰিবলগীয়া এই অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰিব নিজৰা ঠাকুৰে৷ এই অনুষ্ঠানত বিশিষ্ট সংগীত পৰিচালক মাণিক বৰাক সম্বৰ্ধনা জনোৱা হ’ব৷ ৮ ছেপ্টেম্বৰত সূধাকণ্ঠৰ জন্মদিনৰ পুৱা ৯ বজাত ৯৭সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি সমাজৰ ভিন্ন ক্ষেত্ৰৰ ৯৭ গৰাকী বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰিব ৯৭খন পতাকা৷ পতাকা উত্তোলন কৰিবলগীয়া সমাজৰ ভিন্ন ক্ষেত্ৰৰ ৯৭ গৰাকী বিশিষ্ট লোকক এন চি চি জোৱান আৰু একোগৰাকী ছাত্ৰীয়ে আদৰণি জনাব৷ পুৱা ১০ বজাত বৰ্ণাঢ্য সমন্বয় শোভাযাত্ৰা উদ্বোধন কৰিব গোলাঘাট জিলাৰ আয়ুক্ত ডাঃ পি উদয় প্ৰবীণে৷ বিয়লি ৫ বজাত বঁটা প্ৰদান অনুষ্ঠানত ‘ভূপেন হাজৰিকা সমন্বয় বঁটা ২০২৩’ বঁটা প্ৰদান কৰা হ’ব নগালেণ্ডৰ বিশিষ্ট সমাজকৰ্মী নিকেতু ইৰালুক৷ ‘সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা হিতৈষী বঁটা ২০২৩’ মৰণোত্তৰভাৱে আগবঢ়োৱা হ’ব বিশিষ্ট সংগীতশিল্পী ডাঃ উপেন কাকতি আৰু বিশিষ্ট লেখক ড॰  দিলীপ কুমাৰ দত্তলৈ৷ সন্ধিয়া ৬ বজাত বিশিষ্ট চলচ্ছিত্ৰ পৰিচালক প্ৰয়াত মুনিন বৰুৱা সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান৷ এই অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰিব মঞ্জুলা বৰুৱাই আৰু উদ্বোধন কৰিব ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ অধ্যক্ষ মংগল সিং হাজোৱাৰীয়ে৷ সমন্বয় দিৱস ২০২৩উদ্‌যাপন সমিতিৰ সভাপতি ড॰ জয়ন্ত বাৰুকিয়াল, কাৰ্যকৰী সভাপতি শান্তনু গগৈ, যুটীয়া সম্পাদক ড॰ যদুমণি দাস আৰু দীপমণি খাটনিয়াৰে সকলো কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে৷ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ দ্বাৰা আয়োজিত সমন্বয় দিৱসৰ বাবেই এতিয়া ভূপেন হাজৰিকাৰ গীতেৰে সমুজ্জ্বল হৈ পৰিছে সমগ্ৰ গোলাঘাট৷