Logo
image

কুশল দুৱৰীয়ে কিয় আশ্ৰয় দিছিল শুভলক্ষ্মীক

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ৭ ছেপ্টেম্বৰঃ যেন বতাহত মিলি গ’ল অভিযুক্ত এএছপি শুভলক্ষ্মী দত্ত৷ পলাতক আৰক্ষী বিষয়াই আশ্ৰয় লোৱা পাৰলে ৰেছিডেঞ্চি নামৰ এপাৰ্টমেণ্টটোত আৰক্ষীয়ে পানী নসৰকা নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ পাছতো আৰক্ষীয়ে এএছপি শুভলক্ষ্মী দত্ত আৰু তেওঁৰ কন্যা আৰু মাতৃৰ শুংসূত্ৰ উলিয়াব পৰা নাই৷ এতিয়াও আৰক্ষীয়ে পাৰলে ৰেছিডেঞ্চি এপাৰ্টমেণ্টটোৰ চাৰিওফালে আৰক্ষীৰ লোক মোতায়েন কৰি এপাৰ্টমেণ্টটোৰ প্ৰতিটো ফ্লেটত অভিযান চলাই যদিও আৰক্ষী বিষয়াগৰাকীৰ শুংসূত্ৰ উলিয়াব পৰা নাই৷ এপাৰ্টমেণ্টটোৰ কোনো এটা ফ্লেটত আৰক্ষী বিষয়াগৰাকীয়ে আত্মগোপন কৰি থকা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷ ইপিনে, বিজেপিৰ সমৰ্থিত প্ৰাক্তন বিধায়ক কুশল দুৱাৰীয়ে কিয় এএছপি শুভলক্ষ্মী দত্তক তেওঁৰ পাৰলে ৰেছিডেঞ্চি এপাৰ্টমেণ্টৰ ফ্লেটত আশ্ৰয় দিছে তাকে লৈ বিভিন্ন প্ৰশ্নৰ অৱতৰণা হৈছে৷ বিতকিৰ্ত প্ৰাক্তন বিধায়ক কুশল দুৱাৰীয়ে কি কাৰণত কি উদ্দেশ্যৰে এএছপি শুভলক্ষ্মী দত্তক আশ্ৰয় দিছিল তাকে লৈ ৰাইজৰ মাজত সৰৱ চৰ্চা আৰম্ভ হৈছে৷ কাজিৰঙাত মাছ মাৰি বিতৰ্ক সূচনা কৰা বিতকিৰ্ত প্ৰাক্তন বিধায়ক কুশল দুৱাৰীৰ লগত এএছপি শুভলক্ষ্মী দত্তৰ লগত কি সম্পৰ্ক সেয়া লৈয়ো ৰাইজৰ মাজত সৰৱ আলোচনা আৰম্ভ হৈছে৷ উল্লেখ্য যে বৰ্বৰতাৰ সীমা চেৰাই এগৰাকী আদিবাসী বনকৰা মহিলাৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তক বিচাৰি সোমবাৰে নিশা শিৱসাগৰ আৰক্ষীয়ে মহানগৰ আৰক্ষীৰ সহযোগত গুৱাহাটীৰ ছয়মাইলৰ জয়ানগৰৰ বাসভৱনত অভিযান চলাইছিল৷ মহানগৰীৰ ছয়মাইলৰ জয়ানগৰস্থিত পাৰলে ৰেছিডেঞ্চি নামৰ এপাৰ্টমেণ্টটোত আত্মগোপন কৰি থকা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছিল ৷ এই তথ্যৰ ভিত্তিত সোমবাৰৰ সন্ধিয়া ৬ বজাত শিৱসাগৰ আৰক্ষীৰ এটা দলে মহানগৰ আৰক্ষীৰ সহযোগত জয়ানগৰস্থিত পাৰলে ৰেছিডেঞ্চি এপাৰ্টমেণ্টটোত অভিযান চলায়৷ কিন্তু আৰক্ষী অহাৰ সম্ভেদ পাই পলায়ন কৰে আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই৷ মাতৃ আৰু কন্যাৰ সৈতে প্ৰায় ৪ দিন পূৰ্বে এপাৰ্টমেণ্টটোলৈ আহিছিল শুভলক্ষ্মী দত্তই৷ এপাৰ্টমেণ্টটোৰ প্ৰাক্তন বিজেপি বিধায়ক কুশল দুৱৰীৰ পাৰলে ৰেছিডেঞ্চিৰ এ ছেভেন ডি নম্বৰৰ ফ্লেটত আত্মগোপন কৰি আছিল শুভলক্ষ্মী দত্তই৷ সোমবাৰে নিশাৰ আৰক্ষীৰ অভিযানৰ পৰা এইমুহূৰ্তলৈ পাৰলে ৰেছিডেঞ্চিত সষ্টম হৈ আছে আৰক্ষীৰ এটা দল৷ বশিষ্ঠৰ সহকাৰী আৰক্ষী আয়ুক্ত প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত এটা কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলি ৰখা হৈছে সমগ্ৰ এপাৰ্টমেণ্টটোত ৷ ইপিনে, এপাৰ্টমেণ্টটোৰ চিচি টিভিৰ কেমেৰাত মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই দেৱাল পাৰ হৈ পলাই যোৱাৰ চেষ্টা চলোৱাৰ দৃশ্য ৰেকৰ্ডিং হৈ আছে৷ এপাৰ্টমেণ্টটোৰ চিচি টিভিৰ ফুটেজ চাই আৰক্ষী বিষয়াজনে এপাৰ্টমেণ্টটোৰ ভিতৰত আত্মগোপন কৰি আছে বুলি শীৰ্ষ আৰক্ষী বিষয়াই সন্দেহ প্ৰকাশ কৰিছে৷ উল্লেখ্য যে অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তৰ অমানৱীয় কাণ্ডই জোকাৰি গৈছে সচেতন মহলক৷ বনকৰা মহিলাৰ ওপৰত এনে অমানুষিক অত্যাচাৰৰ কথা ভাইৰেল হৈ পৰাৰ পিছতে সকলোৱে একেমুখে গৰিহণা জনাইছিল শুভলক্ষ্মী দত্তক৷ সচেতন মহলে কঠোৰ শাস্তিৰ দাবী জনাইছিল৷ শিৱসাগৰ জিলাৰ মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই বনকৰা মহিলাক কৰা নিৰ্যাতনৰ কথা পোহৰলৈ অহাৰ পিছতে বনকৰা মহিলাগৰাকীয়ে আৰক্ষীক গোচৰ দিছিল৷ গোচৰ দাখিল কৰাৰ পিছতে মহকুমা আৰক্ষী বিষয়া  শুভলক্ষ্মী দত্তই বিভিন্ন স্থানত আত্মগোপন কৰি আছিল৷ উল্লেখ্য, বনকৰা মহিলাক অকথ্য নিৰ্যাতন চলোৱা শুভলক্ষী দত্তক ৩০ আগষ্টত নিলম্বন কৰে বিভাগীয় কতৃৰ্পক্ষই৷ গাত উতলা গৰম পানী ঢালি, বাথৰূমত ভৰাই বনকৰা মহিলাক অকথ্য নিৰ্যাতন চলাইছিল ।