ডায়েবেটিছ, উচ্ছ ৰক্তচাপ এইবিধ ফলে নিয়ন্ত্ৰণ কৰে
ডিমৰু ফল প্ৰায়ভাগৰেই পৰিচিত৷ পিছে ডিমৰুত থকা ঔষধি গুণৰ বিষয়ে বহুতেই নাজানে৷ লক্ষ্ণৌৰ প্ৰখ্যাত আয়ুৰ্বেদাচাৰ্য ডাঃ জীতেন্দ্ৰ শৰ্মাৰ মতে ডিমৰু স্বাস্থ্যৰ বাবে উপকাৰী৷ ৰাতি একাপ পানীত এটা বা দুটা শুকান ডিমৰু তিয়াই থৈ পিছদিনা পুৱা সেই পানী শুদা পেটত খালে উপকাৰ পোৱা যায়৷ ডিমৰু পানীৰ সৈতে আখৰোট বা বাদামো খাব পাৰে৷ ডাঃ শৰ্মাৰ মতে ডিমৰু ডায়েবেটিছ ৰোগীৰ বাবে অতি উপকাৰী৷ ইয়াত প্ৰচুৰ পৰিমাণে পটাছিয়ামৰ লগতে ক্লৰ’জেনিক এচিড থাকে৷ এইবিধ উপাদানে তেজত শৰ্কৰাৰ মাত্ৰা কমোৱাত সহায় কৰে৷ টাইপ-২ ডায়েবেটিছ ৰোগীসকলে তিয়াই ৰখা ডিমৰু খালে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে৷
⬛কোষ্ঠকাঠিন্যৰ লগতে পেটৰ বিভিন্ন সমস্যা নিৰাময়ৰ ক্ষেত্ৰতো ডিমৰু ফলে কাম কৰে৷ ডিমৰুত থকা ফাইবাৰে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে৷
⬛শৰীৰ সুস্থ ৰাখিবলৈ হ’লে নিতৌ শুকান ডিমৰু পানীত তিয়াই খাব লাগে৷ ডিমৰুত জিংক, মেংগানিজ, মেগনেছিয়াম আৰু আয়ৰণ থাকে৷ তদুপৰি এইবিধ ফলত থকা উচ্ছ এণ্টিঅক্সিডেণ্টযুক্ত উপাদানে মহিলাৰ পিৰিয়ড সংক্ৰান্তীয় সমস্যা দূৰ কৰাত সহায় কৰে৷
⬛ওজন কমোৱাৰ ক্ষেত্ৰতো ডিমৰু ফল কাৰ্যকৰী৷
⬛স্থূলতা কমোৱাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে ডিমৰু ফলে৷ ইয়াত থকা এণ্টিঅক্সিডেণ্টে শৰীৰটোক ফ্ৰী ৰেডিকেলৰ পৰা মুক্তি পোৱা আৰু ৰক্তচাপ কমোৱাত সহায় কৰে৷
⬛বিভিন্ন গৱেষণাত পোৱা তথ্যমতে ডিমৰুৱে ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা কমোৱাত সহায় কৰে৷ ফলত হৃদযন্ত্ৰ সুস্থ থাকে৷