Logo
image

আজমলৰ হাতে-ভৰিয়ে ধৰিহে নিৰ্বাচনত জয়ী হৈছিল গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈঃ মন্ত্ৰী পীয়ূষ হাজৰিকা

ডিজিটেল সংবাদ, জাগীৰোডঃ জাগীৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ বিপণী 'বান্ধোন' উদ্বোধন কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ 'বান্ধোন' উদ্বোধন কৰি সীতাজখলাৰ মিঠাইৰ সোৱাদ ল'বলৈ সকলোকে আহ্বান জনাই মন্ত্ৰীজনে।

এই অনুষ্ঠানতে সাংবাদিকৰে হোৱা কথোপকথনত মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈয়ে বদৰুদ্দিন আজমলৰ হাতে-ভৰিয়ে ধৰি কাকুতি-মিনতি কৰিহে নিৰ্বাচনত জয়ী হৈছিল ৷ বিগত লোকসভা আৰু বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এআইইউডিএফ একেলগে অৱতীৰ্ণ হৈছিল৷ এতিয়াও প্ৰদ্যুৎ বৰদলৈক লেং মাৰি ইউডিএফৰ সহায়ত নগাঁও লোকসভা সমষ্টিত নিৰ্বাচন খেলিবলৈ আগবাঢ়িছে গৌৰৱ গগৈ৷ গতিকে ভাই-ককায়েকতকৈ ভাল সম্পৰ্ক গৌৰৱ গগৈ আৰু বদৰুদ্দিন আজমলৰ মাজত৷ বিজেপি আৰু এ আই ইউ ডি এফৰ মাজত ককাই-ভাইৰ সম্পৰ্ক আছে বুলি সাংসদ গৌৰৱ গগৈৰ মন্তব্যৰ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷ 

আনহাতে বান্ধোন শুভ অনুষ্ঠানটোত জাগীৰোড মহাবিদ্যালয় অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগ, সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতি অধ্যক্ষ ৰঞ্জীৱ শৰ্মা, জাগীৰোড বিজিপি মণ্ডলৰ সভাপতি প্ৰবীণ ডেকা, জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ, সাহিত্যিক পেঞ্চনাৰ  নাৰায়ণ ৰাডু কাকতি প্ৰমুখ্যে কেইবাজনো ব্যক্তি উপস্থিত থাকে ৷