Logo
image

ধেমাজিত জন্মাষ্টমী প্ৰসাদত বিষক্ৰিয়াঃ ৯টি শিশুসহ ২৪জন চিকিৎসাধীন

ডিজিটেল সংবাদ, ধেমাজিঃ জন্মাষ্টমীৰ উল্লাস-উদ্দীপনাৰ মাজতে জন্মাষ্টমীৰ প্ৰসাদ খাই চিকিৎসাধীন হ'বলগা হৈছে ইজনৰ পিছত সিজন লোক৷ ধেমাজিত সংঘটিত হোৱা এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ জানিব পৰা মতে, জন্মাষ্টমী উপলক্ষে বুধবাৰে দক্ষিণ ধেমাজিৰ শলিকুচি কোচ গাঁও, চান্দনি গাঁও আৰু শলিকুছি অয়েঙীয়া গাঁৱত সমূহীয়াভাৱে আয়োজিত জন্মাষ্টমীৰ নামকীৰ্তনত মাহ-প্ৰসাদ খাই ২৪ জনকৈ লোক বিষক্ৰিয়াত আক্ৰান্ত হৈ ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হ'ব লগা হৈছে ৷ 

নিশাই মাহ-প্ৰসাদ গ্ৰহণ কৰা লোকসকলৰ পুৱাৰ পৰা তীব্ৰ পেটৰ অসুখ, বমি আৰু প্ৰচণ্ড মূৰৰ বিষত আক্ৰান্ত হোৱাত তেওঁলোকক চিকিৎসালয়ত ভৰ্ত্তি কৰা হয় ৷ আক্ৰান্তসকলৰ ভিতৰত ৯টি শিশু আৰু ১৫ জন পুৰুষ-মহিলাকে ধৰি মুঠ ২৪ জন বৰ্তমান ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ আক্ৰান্তৰ সংখ্যা আৰু অধিক হোৱাৰ আশংকা আছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ৷ ইয়াৰ উপৰি আক্ৰান্ত গাঁও তিনিখনৰ কেইবাটাও পৰিয়ালে ঘৰতে আয়োজন কৰা পূজাৰ প্ৰসাদ খায়ো অনুৰূপ ধৰণেৰে আক্ৰান্ত হোৱাৰ অভিযোগ উঠিছে ৷ ইপিনে কি কাৰণত এনে ঘটনা সংঘটিত হ'বলৈ পালে তাক লৈ সংশ্লিষ্ট বিভাগে তদন্ত আৰম্ভ কৰিছে ৷