Logo
image

জালুকবাৰীত মোদীৰ ২০০ কোটি টকীয়া প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব বিতৰ্কিত ঠিকাদাৰে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ ছেপ্টেম্বৰঃ গুৱাহাটীত স্থাপন হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুউচ্ছ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি৷ দল বা চৰকাৰৰ উদ্যোগত নহয় এজন ব্যৱসায়ীৰ ব্যক্তিগত উদ্যোগত নিৰ্মাণ হ’ব ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো৷ ১৯০ ফুট উচ্ছতাৰ  বিশাল মূৰ্তিটোৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে৷ জালুকবাৰী উৰণ সেতুৰ সমীপত স্থাপন হ’ব উক্ত প্ৰতিমূৰ্তি৷ ২০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ব্ৰঞ্জৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কামৰ তদাৰক কৰিব আগশাৰী নিৰ্মাণকাৰী সংস্থা এল এণ্ড টিয়ে৷ প্ৰতিমূৰ্তি নিৰ্মাণস্থলীত ইতিমধ্যে ‘দ্য চাইট ফ’ৰ দি ষ্টেছু অব দি পি এম নৰেন্দ্ৰ মোদী, দি ৱল্ডৰ্ লীডাৰ’ শীৰ্ষক বিশাল ফলক আঁৰি দিয়া হৈছে৷ অভিজ্ঞ অভিযন্তাৰ জৰিয়তে উক্ত প্ৰকল্পৰ নক্সা প্ৰস্তুত কৰি উলিওৱা হৈছে৷ প্ৰধানমন্ত্ৰী মোদীৰ সুউচ্ছ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ ব্যয় বহন কৰিব তেওঁক মনে প্ৰাণে ভাল পোৱা ব্যৱসায়ী বিতৰ্কিত ঠিকাদাৰ নবীন বৰাই৷ উক্ত প্ৰকল্প সন্দৰ্ভত বৰাই সংবাদ মাধ্যমৰ আগত সদৰি কৰি কয় যে মুঠ ২৫০ ফুট উচ্ছতা হ’ব মোদীৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ৷ এটা ৬০ হাজাৰ বৰ্গফুটৰ অট্টালিকাত বহুওৱা হ’ব প্ৰতিমূৰ্তিটো৷ ২০১৬ চনতে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক এখন প্ৰশস্তিপত্ৰ দিছিল৷ তাৰ পাছতে প্ৰধানমন্ত্ৰী মোদীৰ সুউচ্ছ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ পৰিকল্পনাই স্থান পায় বুলি তেওঁ সংবাদ মাধ্যমক অৱগত কৰে৷ এই প্ৰতিমূৰ্তিৰ সমীপতে স্থাপন কৰা হ’ব এটা সংগ্ৰহালয়৷