Logo
image

ঘৰ ঘৰ অন্ধকাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ ছেপ্টেম্বৰঃ ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনতে বিজেপি দলে অসমৰ ৰাইজক ‘ঘৰে ঘৰে ২৪X৭’ ঘণ্টা বিদ্যুৎ যোগানৰ গেৰাণ্টী দিছিল৷ এই প্ৰতিশ্ৰুতি ভোটাৰ ৰাইজৰ বাবে প্ৰতিয়মান আৰু বিশ্বাসযোগ্য কৰি তুলিবৰ বাবে বিজেপি দলে ৰাজ্যৰ চৌদিশে বৃহৎ বৃহৎ হ’ৰ্ডিঙো ওলোমাইছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোণোৱাল আৰু ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ফটোসম্বলিত বিজ্ঞাপন, পুস্তিকা তথা সংকল্প-পত্ৰত বিস্তাৰিতভাৱে এই প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছিল৷ তেতিয়াৰে পৰা বুঢ়ালুইতৰ বুকুৰে বহু পানী বাগৰিল, কিন্তু বিজেপি দল-চৰকাৰৰ সেই প্ৰতিশ্ৰুতি পূৰণ নহ’ল৷ কাৰ্যতঃ ফুটুকাৰ ফেনত পৰিণত হ’ল বিজেপিৰ ২৪ ঘণ্টা বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি৷ ৰাজ্যত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হ’ল, তেওঁৰ পাছতে মুখ্যমন্ত্ৰীৰ আসনত বহা ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰো দুবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হ’ল– কিন্তু ৰাজ্যত বিদ্যুতৰ পৰিস্থিতি সলনি নহ’ল৷ ঘৰে ঘৰে বিদ্যুতৰ সলনি অন্ধকাৰহে কায়েম থাকিল৷ বুধবাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ জনতা ভৱনত এক সংবাদমেলৰ আয়োজন কৰি হঠাৎ ঘোষণা কৰিলে যে ৰাজ্যখন ভয়াৱহ বিদ্যুৎ সংকটৰ গৰাহত পৰিছে৷ পিক আৱাৰত দৈনিক ১,৮০০ মেগাৱাটৰ পৰা হঠাৎ বিদ্যুতৰ ডিমাণ্ড ২,৫০০ মেগাৱাটলৈ বৃদ্ধি পাইছে৷ পৰিস্থিতিৰ জোৰা মাৰিবলৈ চৰকাৰৰ হাতত আজিৰ তাৰিখত নিজাববীয়া কোনো বিদ্যুতৰ উৎপাদন নাই৷ মাত্ৰ ২৫০ মেগাৱাট বিদ্যুতহে ৰাজ্যত কোনোমতে নিজাকৈ উৎপাদন হয়৷ দৈনিক চাহিদা ২,৫০০ মেগাৱাটৰ বিদ্যুতৰ জোৰা মাৰিবলৈ সদ্যহতে মুকলি বজাৰৰ পৰা উচ্ছ দৰত [প্ৰতি ইউনিটত ১০ টকা] বিদ্যুৎ ক্ৰয় কৰাৰ বাবে গত্যন্তৰ নাই৷ প্ৰতিদিনে ৰাজ্যত ৭০০ মেগাৱাট বিদ্যুতৰ নাটনি হৈছে৷ মুখ্যমন্ত্ৰীৰ মতে যোৱা দুটা বছৰত ৰাজ্য চৰকাৰখনে বিদ্যুতৰ সংস্কাৰ তথা স্বাৱলম্বিতাৰ বাবে যিখিনি কাম কৰিছে ইয়াৰ ফল আহিবলৈ ২০২৬-২০২৭লৈ ৰ’ব লাগিব৷ পলকতে বিদ্যুতৰ সংকটৰ জোৰা মাৰিবলৈ তেওঁৰ হাতত আলাদিনৰ চাকি নাই৷ ৰাজ্যত প্ৰিপেইড মিটাৰৰ দ্বাৰা অভাৱনীয় হাৰত বিদ্যুৎ বিল আদায়ৰ পাছতো অব্যাহত আছে বিদ্যুতৰ লুকা-ভাকু, লোডশ্বেডিং৷ বিদ্যুৎ কৰ্তন অব্যাহত থকাৰ মাজতে মুখ্যমন্ত্ৰীৰ ৰাইজলৈ আহ্বান– ‘হয় লোড শ্বেডিঙৰে সহযোগ কৰক, নহয় বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত এটকাকৈ ভৰিবলৈ সাজু থাকক৷’ মুখ্যমন্ত্ৰীৰ মতে গৰমৰ দিনকেইটা শেষ হ’লেই পৰিস্থিতি ভাল হ’ব৷ ৰাইজে অলপ আপোচ কৰিলে পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি নকৰিলেও হ’ব৷ উল্লেখ্য, বুধবাৰে সংবাদমেলত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি কাইলৈ অনুষ্ঠিত হ’বলগীয়া [৮ ছেপ্টেম্বৰ] কেবিনেট বৈঠকত বিদ্যুৎ মাচুল বৃদ্ধি কৰা-নকৰাৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব৷ মুখ্যমন্ত্ৰীৰ মতে ৰাজ্যত ১৫ মিনিট, আধা ঘণ্টাৰ বাবেহে লোডশ্বেডিং হৈছে৷ ৫-১০ ঘণ্টা ক’তো বিদ্যুৎ কৰ্তন হোৱা নাই৷ কাৰ্যতঃ মুখ্যমন্ত্ৰীৰ ঘোষণাই যেন প্ৰিপেইড মিটাৰৰ ভাৰ ভৰিও লোডশ্বেডিঙত অতিষ্ঠ বিদ্যুৎ গ্ৰাহকক কটা ঘাঁত চেঙা তেলহে দিলে৷ মুখ্যমন্ত্ৰীৰ ভাষ্যৰ পাছতে বৃহস্পতিবাৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া, প্ৰতিবাদ আৰম্ভ হৈছে৷ বহুতেই প্ৰশ্ন কৰিছে– ‘সকলো কথাতে সাধাৰণ বিদ্যুৎ গ্ৰাহকৰ মূৰত কঁঠাল ভাঙিব খোজা চৰকাৰখনে নিজৰ চৰকাৰী অফিচ কাৰ্যালয়ৰ লগতে মন্ত্ৰী, বিধায়ক, আমোলাৰ ঘৰ-আৱাসৰ অহেতুক বিদ্যুৎ খৰচৰ ক্ষেত্ৰত সংযমী নহয় কিয়৷ খানাপাৰাত স্বাধীনতা দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হৈ যোৱাৰ তিনি-চাৰিদিনৰ পাছতো দিনে-ৰাতিয়ে ফিল্ডত বৃহৎ বৃহৎ ফ্লাড লাইট জ্বলি থাকিল কেনেকৈ৷ ৰাইজক গৰমত গছৰ তলত বহিবলৈ কোৱা শাসকীয় দলৰ নেতাজনৰ চৰকাৰী আৱাসতে কেনেকৈ লাগি আছে ২২টাকৈ এচি৷ বহু মন্ত্ৰী-নেতাৰ উপসনা গৃহতো ২৪ ঘণ্টাই চলি থাকে এচি৷ ইয়াৰ বাবদ নেতা-মন্ত্ৰীসকলে নিজৰ পকেটৰ পৰা আদায় দিব নালাগে কোনো বিদ্যুৎ মাচুল৷ ৰাজকোষৰ পৰা আদায় দিয়া হয় বিদ্যুৎ মাচুলৰ ধন৷ কেৱল মাচুলৰ ধন যে ৰাজকোষৰ পৰা আদায় দিয়া হয় এনে নহয়, হকে-বিহকে চৰকাৰী কাৰ্যালয় বা বাংলোত এনেদৰে এচি চলাই ৰখাৰ ফলত বিদ্যুতৰ ব্যৱহাৰো যথেষ্ট পৰিমাণে হয়৷ যাৰ কুফল ভুগিব লগা হৈছে সৰ্বসাধাৰণ লোকে৷’

বিদু্যৎতৰ মাছুলক লৈ ব্লেকমেইল কৰিছে হিমন্ত বিশ্ব শৰ্মাইঃ অখিল

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদকঃ উৎকত গৰমত বিদ্য়ুতৰ লুকাভাকুৱে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়তে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদ্য়ুতৰ সংকট দুৰ কৰিবলৈ আমাৰ হাতত আলাদিনৰ চাকি নাই বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে৷ বৃহস্পতি বাৰে গুৱাহাটীত এক সংবাদমেল যোগে বিধায়ক গৰাকীয়ে কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদ্য়ুৎ সম্পৰ্কত ব্লেকমেইল কৰিছে৷ সংবাদ মাধ্যমৰ আগত তেওঁ কৈছে যে তেওঁৰ হাতত হেনো আলাদিনৰ চাকি নাই৷ আমি কব বিচাৰিছোঁ তেওঁৰ হাতত আলাদিনৰ চাকি থাকিব নালাগে৷ কিন্তু কথাটো হ’ল হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ থাকি কিমান বছৰ দপদপাই আছে৷ আমি যদি চাও, কংগ্ৰেছ চৰকাৰৰ দিনত ১৫ বছৰ আৰু বিজেপি চৰকাৰৰ দিনত ৭ বছৰ দপদপাই আছে৷ অখিল গগৈৰ প্ৰশ্ন, সম্পূৰ্ণ ২৩ বছৰ ধৰি অসম চৰকাৰত দপদপাই থকা লোকজনে এনে কি কাম কৰিলে যে বিদ্য়ুৎ উৎপাদনৰ ক্ষেত্ৰত একো কৰিবই নোৱাৰিলে৷ তেওঁ লগতে কয়, চৰকাৰত আলাদিনৰ চাকি লৈ বহি থাকি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কেৱল নিজৰ সম্পত্তি কৰিলে৷ কিন্তু দুখৰ কথা এই যে অসমৰ বাবে বিদ্য়ুৎ উৎপাদন কৰিব নোৱাৰিলে৷ সেয়ে বিদ্য়ুৎ উৎপাদনত ব্যৰ্থ হৈ বিদ্য়ুৎ মাচুল বঢ়াবলৈ এতিয়া ৰাইজক ব্লেকমেইল কৰা বুলিও ব্যক্ত কৰে৷ বিধায়ক গৰাকীয়ে লগতে কয় যে, মুখ্যমন্ত্ৰীয়ে বিদু্যতৰ নাটনি হ’লে এনএইচপিচি প্ৰকল্পৰ কথা কয়৷ কিন্তু সেই প্ৰকল্পৰ পৰা অসমে পাব মাত্ৰ ২৫ মেগাৱত৷ বাকী বিদু্যৎ বাহিৰৰ ৰাজ্যলৈ যাব৷ তেওঁ ইমানেই দক্ষ যে এনএইচপিচি প্ৰকল্পৰ পৰা অসমত বেছি বিদ্য়ুৎ লাগিব বুলি কব নোৱাৰিলে বুলিও কটাক্ষ কৰি তেওঁ পুনৰ কয়, হিমন্তই কৈছে যে ১৫ মিনিটতকৈ বেছি লোড শ্বেডিং হোৱা নাই বুলি কৈছে৷ কিন্তু তেওঁ কোৱা এই কথা গোকাত মিছা৷ অসমৰ ভিন্ন স্থানত ৪৫ মিনিটৰ পৰা ডেৰ ঘণ্টা পৰ্যন্ত লোড শ্বেডিং হৈছে৷ আধা ঘণ্টা বিদ্য়ুৎ দি ডেৰ ঘণ্টা বিদ্য়ুৎ কাটে বিদ্য়ুৎ বিভাগে৷ তদুপৰি ৫০০ ইউনিতলৈ ব্যৱহাৰ কৰা লোকে ৭.৬০ টকাকৈ মাচুল প্ৰতি ইউনিতত ভৰিব লগা হোৱা বুলিও তেওঁ ব্যক্ত কৰে৷

এপিডিচিএলৰ ভুল পৰিচালনাৰ বাবে বিদ্য়ুতহীনতাত জীয়াতু ভুগিব লগা হৈছে অসমবাসীয়েঃ তৃণমূল কংগ্ৰেছ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদকঃ এপিডিচিএলৰ ভুল পৰিচালনাৰ বাবেই উৎকট গৰমত বিদ্য়ুতৰ লুকাভাকুৰ হাৰাশাস্তি ভোগ কৰিব লগা হৈছে সাধাৰণ ৰাইজে৷ এই অভিযোগ কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মিডিয়া ইনচাৰ্জ অভিজিত মজুমদাৰে৷ অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত এক সংবাদমেলত অভিজিত মজুমদাৰে কয়, ‘শেহতীয়াকৈ অসমৰ ৰাইজক প্ৰয়োজনীয় বিদ্য়ুৎ যোগান ধৰাৰ ক্ষেত্ৰত আত্মসমৰ্পণকাৰী স্থিতি লৈ লোড শ্বেডিং নকৰাকৈ বিদু্যৎ যোগান দিবলৈ অসমৰ্থ বুলি কৰা মন্তব্য সম্পূৰ্ণ দায়িত্বজ্ঞানহীন৷ আমাৰ প্ৰশ্ন প্ৰতি ইউনিটত ৪ টকা পৰ্যন্ত বিদ্য়ুৎ মাচুল বৃদ্ধিৰ বাবে এপিডিচিএলে প্ৰতিমাহে অতিৰিক্ত ২০০ কোটি টকা লাভ আহৰণ কৰি থকাৰ পাছতো কিয় বিদ্য়ুৎ যোগান দিব নোৱাৰে? এতিয়া আঁৰৰ আচল সত্য কি ক’ব বিচাৰিছো৷ ৰাজ্যখনক কিমান মেগাৱাট পৰিমাণৰ বিদু্যতৰ প্ৰয়োজন হয় এই সন্দৰ্ভত নীপকোৰ সৈতে চৰকাৰৰ চুক্তি হয়৷ এতিয়া ৰাজ্যখনক কিমান মেগাৱাট বিদু্যতৰ প্ৰয়োজন এই কথা এপিডিচিএলে ৰাইজক জনোৱাটো অতি জৰুৰী কথা৷ এপিডিচিলে নিজৰ দুৰ্বলতা ঢাকি হয়তো ভুল তথ্য দিছে৷ আনহাতে সকলো কথা সকলো দপ্তৰ নিজে চলাব বিচৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এপিডিচিএলৰ ভুল পৰিচালনাৰ কথা কিয় ধৰিব পৰা নাই, সেয়া আমাৰ বোধগম্য নহয়৷ নিজকে দক্ষ বুলি ফিতাহি মাৰি ফুৰা মুখ্যমন্ত্ৰী এগৰাকীয়ে এপিডিচিএলৰ অদক্ষতাৰ কথা বুজি অতি জৰুৰী বিষয়৷ যি নহওক এপিডিচিএলৰ অদক্ষতাৰ ফলত জনতাই উৎকট গৰমত লোড শ্বেডিঙৰ বাবে বিদ্য়ুৎবিহীনতাত চটফটাবলগীয়া কথা কোনো কাৰণতে গ্ৰহণযোগ্য নহয়৷ কোনো এটা কাম সঠিকভাৱে কৰিব নোৱাৰা চৰকাৰক ধিক্কাৰ দিছো৷ লগতে অৰ্থহীন কথাৰে নিজৰ দোষ ঢকাৰ অপচেষ্টা নকৰিবলৈও দাবী জনালোঁ৷