Logo
image

অহা চাৰি দিন ৰাজ্য কঁপাব প্ৰচণ্ড ধুমুহাই

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৮ ছেপ্টেম্বৰঃ গোলকীয় উত্তাপ, জলবায়ুৰ পৰিৱৰ্তনৰ যেন পূৰ্ণপ্ৰভাব পৰিছে অসমত৷ কিয়নো ভাদ মাহৰ তিনিটা সপ্তাহ পাৰ হোৱা অসমত আক্ষৰিক অৰ্থতে পহিলা ভাদত শৰৎ কাল আৰম্ভ হৈছিল৷ প্ৰকৃতিৰ ৰীতি অনুসৰি শৰৎ কাল আহিলে নিয়ৰ পৰিব লাগে আৰু নিশাৰ ভাগত মৃদু শীতৰ অনুভৱ হ’ব লাগে৷ দিনৰ ভাগত সৰ্বাধিক তাপমাত্ৰা ৩০ৰ পৰা ৩২ ডিগ্ৰী আৰু নিশাৰ ভাগত সৰ্বনিম্ন তাপমাত্ৰা ২৩ৰ পৰা ২৫ ডিগ্ৰী চেলছিয়াৰ ভিতৰত থাকিব লাগে৷ কিন্তু গোলকীয় উত্তাপ জলবায়ুৰ পৰিবৰ্তনকে ধৰি অবাধ প্ৰকৃতি ধবংসৰ বাবে বৰ্তমান তাপমাত্ৰা স্বাভাৱিকতকৈ ৭ৰ পৰা ৮ ডিগ্ৰী পৰ্যন্ত ওপৰত আছে৷ ফলত শৰৎ কালত জেঠ বা আহাৰ মাহৰ দৰে তীব্ৰ গৰমৰ সন্মুখীন হ’ব লগা হৈছে ৰাজ্যবাসী৷ ইফালে জলবায়ুৰ পৰিৱৰ্তনৰ বাবে শান্ত, সৌম্য ঋতু হিচাপে পৰিচিত শৰৎ কালত ৰাজ্যত চ’ত, ব’হাগ মাহৰ দৰে ধুমুহাৰ তাণ্ডব আৰম্ভ হৈছে৷ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক চাৰিদিন অৰ্থাৎ ১১ ছেপ্টেম্বৰ পৰ্যন্ত উত্তৰ পূবৰ আন কেবাখনো ৰাজ্যৰ লগতে অসমৰ বিভিন্ন অঞ্চলত গাজনী, ঢেৰেকনীৰ সৈতে ধুমুহা বতাহ বলাৰ সম্ভাৱনা আছে৷ একে সময়চোৱাত অসমৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বেছিভাগ ঠাইতে পাতলীয়া বৰষুণ আৰু ঠাই বিশেষে মজলীয়াৰ পৰা ধাৰাষাৰ পৰিমাণৰ বৰষুণ হ’ব পাৰে৷ অৱশ্যে গাজনী, ঢেৰেকনী, ধুমুহাৰ সৈতে বৰষুণ আহিলেও তাপমাত্ৰা সামান্য পৰিমাণহে কমি ৩৪ ৰ পৰা ৩৫ ডিগ্ৰী চেলছিয়াছলৈ অবনমিত হ’ব৷ ইফালে বৃহস্পতিবাৰৰ দিনটোত সন্ধিয়া পৰ্যন্ত গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত পাতলীয়া পৰিমাণৰ বৰষুণ হৈছে৷ সমান্তৰালভাৱে উজনি অসমৰ কেতবোৰ ঠাইত বিয়লিৰ ভাগত ধুমুহা অহা বুলি জানিব পৰা গৈছে৷ সাধাৰণতে শৰৎ কালত ধুমুহা নাহে যদিও জলবায়ুৰ পৰিৱৰ্তন আৰু গোলকীয় উত্তাপৰ বাবে বতৰৰ স্বাভাৱিক শৃংখলত ভেটা পৰিছে৷ গ্ৰীষ্মকালৰ সময় দীঘল হোৱাৰ বিপৰীতে শীতকালৰ সময় চমু আহিছে৷ শৰৎ ঋতুক গ্ৰীষ্ম ঋতুই গ্ৰাস কৰাৰ বাবে ভাদ মাহৰ তিনিটা সপ্তাহ পাৰ হোৱাৰ পাছতো প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক৷ আনকি ২ ছেপ্টেম্বৰৰ পৰা ৭ ছেপ্টেম্বৰ পৰ্যন্ত বিগত ছয়টা দিন গুৱাহাটী, শিলচৰ, উত্তৰ লখিমপুৰৰ সৰ্বাধিক তাপমাত্ৰা ৩৮ ডিগ্ৰী চেলছিয়াছৰ ওপৰত আছে৷ যিটো স্বাভাৱিকতকৈ ৬.২ৰ পৰা ৭.৭ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত অধিক আছিল৷ বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ প্ৰধান চহৰ কেইখনৰ সৰ্বাধিক তাপমাত্ৰা আছিল এনে ধৰণৰ–গুৱাহাটী ৩৮.০, ডিব্ৰুগড় ৩৭.২, তেজপুৰ ৩৭.৩, শিলচৰ ৩৮.২, ধুবুৰী ৩৪.৬, যোৰহাট ৩৭.৩ আৰু উত্তৰ লখিমপুৰ ৩৮.৪ ডিগ্ৰী চেলছিয়াছ৷ আনকি উত্তৰ-পূবৰ স্কটলেণ্ড হিচাপে পৰিচিত শ্বিলং চহৰৰ সৰ্বাধিক তাপমাত্ৰা ৬.১ ডিগ্ৰীতকৈ অধিক হৈ বৃহস্পতিবাৰে ২৮.৬ ডিগ্ৰী চেলছিয়াছ হয়৷ উল্লেখ্য বিগত এটা সপ্তাহত পাহাৰীয়া জিলা দুখনক বাদ দি বৰাক আৰু উপত্যকাৰ ভিতৰত কেৱল ধুবুৰী জিলাৰ সৰ্বাধিক তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলছিয়াছৰ তলত আছে৷ তাৰ বাহিৰে দুয়োটা উপত্যকাৰ গড় তাপমাত্ৰা ৩৭ ডিগ্ৰী চেলছিয়াছৰ ওপৰত আছে৷