Logo
image

সোণৰ চামুচ, ৰূপৰ থালি সাজু! আজি বাইডেনৰে মোদীৰ বৈঠক

নতুন দিল্লী, ৮ ছেপ্টেম্বৰঃ কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ’ব জি-২০ সন্মিলনত ভাগ ল’বলৈ অহা আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে৷ আজি নিশা দিল্লীত পদাৰ্পণ কৰিব মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে৷ ইয়াৰ বাবে ইতিমধ্যে দেশৰ ৰাজধানী চহৰখনক সজাই-পৰাই তোলাৰ লগতে গঢ়ি তোলা হৈছে কঠোৰ নিৰাপত্তা ব্যৱস্থা৷ উল্লেখ্য যে বাইডেনৰ উপৰি সন্মিলনত ভাগ ল’বলৈ আহিব ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনক, চীনৰ প্ৰধানমন্ত্ৰী লি কোৱাং, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুড’, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনি এলৱানিজকে ধৰি কেইবাখনো ৰাষ্ট্ৰৰ মুৰব্বী তথা প্ৰতিনিধিসকল৷ অহা ৯-১০ ছেপ্টেম্বৰত হ’বলগীয়া জি-২০ৰ সন্মিলনত ভাগ ল’বলৈ অহা ৰাষ্ট্ৰনেতা তথা প্ৰতিনিধিসকলৰ  বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজকীয় অভ্যৰ্থনাৰ ব্যৱস্থা কৰিছে৷ সেই অনুসৰি অতিথিসকলক অভ্যৰ্থনাৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ ব্যৱস্থা কৰা হৈছে৷ এটা সূত্ৰই জানিবলৈ দিয়া মতে জি-২০ লৈ অহা অতিথিসকলক এই খাদ্য খুওৱা হ’ব ৰূপৰ কাঁহী আৰু সোণৰ চামুচেৰে৷ একেদৰে ৰাষ্ট্ৰ নেতাসকলক ৰাখিবলৈ বিশেষ হোটেলৰ ব্যৱস্থা কৰা হৈছে৷  সেই অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন থাকিব দিল্লীৰ আই টি চি মৌৰ্য হোটেলত৷ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকক  ৰখা হ’ব ছাংগ্ৰি লা হোটেলত৷ চীনৰ প্ৰধানমন্ত্ৰী লি কোৱাং থাকিব হোটেল তাজত৷  কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুড’ থাকিব দিল্লীৰ দ্য ললিত হোটেলত৷ একেদৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনি এলৱানিজ থাকিব দিল্লীৰ ইম্পেৰিয়েল হোটেলত৷ তাৎপৰ্যপূৰ্ণ যে জি-২০ সন্মিলনলৈ অহা ৰাষ্ট্ৰপ্ৰধান তথা প্ৰতিনিধিসকলৰ বাবে আয়োজক হিচাপে কেন্দ্ৰীয় চৰকাৰে সন্মিলনৰ শেষত এক বিশেষ কাৰ্যসূচীৰ ব্যৱস্থা কৰিছে৷ উক্ত কাৰ্যসূচী অনুসৰি সন্মিলনলৈ অহা ৰাষ্ট্ৰপ্ৰধানসকলে বিশেষ প্ৰজাতিৰ গছপুলি ৰোপণ কৰিব৷ জি-২০ সন্মিলনৰ স্মাৰক হিচাপেই এই গছপুলিসমূহ থাকি যাব বুলি এটা সূত্ৰই দাবী কৰিছে৷ অৱশ্যে জো বাইডেন, ঋষি ছুনককে ধৰি কোন কোন ৰাষ্ট্ৰপ্ৰধানে কোন ঠাইত গছপুলিসমূহ ৰোপণ কৰিব সেয়া নিৰাপত্তাজনিত কাৰণত গোপনে ৰখা হৈছে৷  জানিব পৰা মতে গছপুলি ৰোপণৰ এই বিশেষ কাৰ্যসূচীৰ বাবে প্ৰতিখন দেশৰ পৰা অনা হৈছে গছপুলিসমূহ৷ যিখন দেশত যি গছৰ সংখ্যা আটাইতকৈ অধিক সেই গছৰ পুলি বা বিশেষ বৈশিষ্ট্যসম্পন্ন গছপুলি এই কাৰ্যসূচীৰ বাবে অনা হৈছে৷