Logo
image

শিলসাঁকোৰ উচ্ছেদ বন্ধ হোৱাৰ আঁৰৰ কাহিনী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ ছেপ্টেম্বৰঃ উচ্ছেদিত মহিলাৰ অৰ্ধ উলংগ প্ৰতিবাদ, উচ্ছেদত নিয়োজিত আৰক্ষী কনিষ্টবলৰ আত্মহত্যাৰ পাছতো শিলসাঁকোত বেদখল উচ্ছেদ কৰিবলৈ নাচোৰবান্ধা অসম চৰকাৰে হঠাৎ কিয় বন্ধ কৰিলে উচ্ছেদ কাৰ্য? শিলসাঁকোৰ উচ্ছেদ বন্ধ হোৱাৰ আঁৰৰ কাহিনীৰ ভেদ ভাঙিলে ৰাইজৰ দলৰ সভাপতি, শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে৷ শিলসাঁকো বিলত চৰকাৰে সাময়িকভাৱে উচ্ছেদ কাৰ্য বন্ধ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক গগৈয়ে কয়– শিলসাঁকোৰ খিলঞ্জীয়াৰ উচ্ছেদৰ বিৰুদ্ধে আমি দীৰ্ঘকাল প্ৰতিবাদ জনাই আহিছো৷ পুঁজিপতি গোষ্ঠীক মাটি গোটাই দিবলৈ শিলসাঁকোত উচ্ছেদ চলোৱা হৈছে৷ কিন্তু থলুৱাক উচ্ছেদৰ পাছতে শিলসাঁকোত বিশাল অট্টালিকা নিৰ্মাণ কৰা বণিয়াৰ অট্টালিকাৰ উচ্ছেদৰ দাবী সজোৰে উত্থাপিত হৈছে৷ বদৰুদ্দিন আজমল, হিম্মৎসিংকাৰ অট্টালিকা, জিঞ্জাৰ হোটেল উচ্ছেদ কৰিব নোৱাৰি চৰকাৰে সাময়িকভাৱে বন্ধ কৰিছে উচ্ছেদ৷ শিলসাঁকোত সাময়িকভাৱে উচ্ছেদ বন্ধ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেই৷ তেওঁ কয়– হিমন্ত বিশ্ব শৰ্মাই বহিৰাগত বনিয়াৰ স্বাৰ্থতহে শিলসাঁকোত উচ্ছেদ সাময়িকভাৱে বন্ধ ৰাখিছে৷ শিলসাঁকোত বাচি বাচি থলুৱা লোকক উচ্ছেদ কৰিছে৷ তাৰ বিপৰীতে কপ’ৰ্ৰেট হাৰ্ডচ, বহিৰাগত বনিয়াৰ বিল্ডিং আজিও অক্ষত অৱস্থাত আছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজমলক মোগল বুলি কৈ থাকে৷ সেই মোগলৰ নিৰ্মাণ অক্ষত অৱস্থাত আছে৷ পুঁজিপতিৰ নিৰ্মাণৰ উচ্ছেদৰ দাবী উঠাৰ বাবেহে শিলসাঁকোত উচ্ছেদ সাময়িকভাৱে বন্ধ ৰাখিছে চৰকাৰে৷