Logo
image

এছপি সিদ্ধাৰ্থৰ পৰা নগদ ৬৬ লাখ উদ্ধাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু বজালীৰ প্ৰতিবেদক, ৮ ছেপ্টেম্বৰঃ বজালীৰ চুপাৰি-কাণ্ডৰ গোচৰত লক্‌আপত একেলগে সোমাল আৰক্ষী অধীক্ষক আৰু মধ্যভোগী৷ উক্ত ঘটনা সন্দৰ্ভত বজালীৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইৰ লগতে লক্‌আপত সোমাল দালাল ছহিদুল ইছলাম৷ একেৰাহে দুদিন ধৰি চলোৱা জেৰাৰ অন্তত বৃহস্পতিবাৰে ছহিদুলক গ্ৰেপ্তাৰ কৰে চিআইডিয়ে৷ উল্লেখ্য, বুধবাৰে পাঠশালাৰ পৰা এছ পি সিদ্ধাৰ্থ বুঢ়াগোহাঁয়ে লুকুৱাই থোৱা এটা ছ্যুটকেচত নগদ ৫০ লাখ টকা আৰু নলবাৰীৰ ঘগ্ৰাপাৰত বুঢ়াগোহাঁইৰ ঘনিষ্ঠৰ ঘৰত তালাচী চলাই মোনাত নগদ  ১৬ লাখ টকা মুঠ ৬৬ লাখ টকা জব্দ কৰিছে তদন্তকাৰী সংস্থা চিআইডিয়ে৷ বজালী-কাণ্ডৰ তথ্য বিচাৰি গুৱাহাটীত বৃহস্পতিবাৰে নিশা পৰ্যন্ত জোৰদাৰ অভিযান চলাই আছে চিআইডিয়ে৷ এএছপি গায়ত্ৰী সোণোৱালক লগত লৈ গুৱাহাটীৰ ছাৰ্ভেৰ মাতৃৰ ঘৰত অভিযান চলাইছে চিআইডিয়ে৷ বিগত পাঁচ দিনে চি আই ডি ৰ দলে বজালীৰ বিভিন্ন স্থানত তালাচী চলাই কেবাটাও গুৰুত্বপূৰ্ণ নথিপত্ৰ উদ্ধাৰ কৰিছে৷  চি আই ডিৰ জোৰদাৰ তদন্তৰ ফলত প্ৰতিদিনে জালত পৰিছে ইজনৰ পিছত সিজন অভিযুক্ত৷ বজালীৰ খৰমা বজাৰৰ ৰবিউল ইছলাম নামৰ এজন চুপাৰী ব্যৱসায়িক বৃহৎ পৰিমাণৰ ধন দাবী কৰা কাণ্ডত জড়িত বজালীৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষকে ধৰি মুঠ ৯গৰাকী লোক ইতিমধ্যে চি আই ডিৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ সমান্তৰালকৈ উদ্ধাৰ হৈছে বিভিন্ন আপত্তিজনক নথি-পত্ৰ, কেইবাখনো চেক পাত, লেপটপ, আইপেড৷ ইপিনে চি আই ডিৰ দলে আজি পুনৰ বজালীৰ তিনিজন আৰক্ষীক আটক কৰে৷ পাঠশালা থানাৰ এল চি অনন্ত মালাকৰ, ভৱানীপুৰ থানাৰ এল চি চানোৱাৰ হুচেইন আহমেদ আৰু তদানীন্তন বজালী আৰক্ষী অধীক্ষকৰ ব্যক্তিগত দেহৰ ৰক্ষী প্ৰাঞ্জল পাটৰক আটক কৰা হৈছে৷ সম্প্ৰতি তিনিওজনে চি আই ডিয়ে মাৰথন জেৰা চলাই আছে৷ উল্লেখ্য, পাঠশালাৰ এল চি অনন্ত মালাকৰ আছিল জিডি এনট্ৰি লিখাত পাকৈত৷ ভৱানিপুৰ আৰক্ষী চকীৰ এলচি চানুৱাৰ হুচেইন আহমেদে লিখা জিডি এনট্ৰি তদানীন্তন আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইৰ নিৰ্দেশত ফালি পেলাই নতুনকৈ লিখিছিল পাঠশালা থানাৰ অনন্ত মালাকৰৰ দ্বাৰা৷  উল্লেখ্য, ৰবিউলৰ বাসগৃহত চলা অভিযানৰ অনন্ত মালাকাৰে লিখিছিল সমগ্ৰ ভুৱা গোচৰ৷ উল্লেখ্য যে যোৱা ১৬ জুলাইত পাঠশালা থানাত নিযুক্তি পাইছিল অনন্ত মালাকাৰে৷ আনহাতে, ৰবিউলৰ বাসগৃহ ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত আছিল বাবে আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইয়ে অনন্ত মালাকাৰক ভৱানীপুৰলৈ মাতি আনিছিল জিডি এণ্ট্ৰী কৰিবলৈ আৰু ইয়াৰ জৰিয়তে এখন তালিকা তৈয়াৰ কৰিছিল ডিএছপি পুস্কল গগৈয়ে৷ অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালেও সহযোগ কৰিছিল এই তালিকা প্ৰস্তুতত৷ ভুৱা জিডি এণ্ট্ৰী কৰাৰ অভিযোগত এলচি মালাকাৰক জেৰা অব্যাহত আছে আৰু তেওঁক শীঘ্ৰেই গ্ৰেপ্তাৰৰ পূৰ্ণ সম্ভাৱনা আছে৷ ছহিদুল ইছলাম, অনন্ত মালাকাৰে এছপি বুঢ়াগোহাঁইৰ পিএছঅ’ প্ৰাঞ্জল পাটৰ আৰু এলচি ভৱানীপুৰ চানুৱাৰ হুছেইন আহমেদে স্বীকাৰ কৰিছে সমগ্ৰ কেলেংকাৰীৰ কথা৷ চি আই জিৰ তদন্তত এই সন্দৰ্ভত আৰু বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷ ইপিনে, বৃহস্পতিবাৰে নিশা গায়ত্ৰী সোণোৱালৰ ঘৰত থকা দুজন লোকক ডবকা বাইপাছত আটক কৰা হৈছে৷ এজন গৃহৰক্ষী জোৱানসহ ৰান্ধনিক আটক কৰা হৈছে৷ ৰান্ধনিজন ডিফুৰ ছামছেং ইংলেং আৰু অৰ্ডালীজন লক্ষ্যধীৰ৷ ছাংছেং ইংলেঙে দুমাহ আৰু লক্ষ্যধীৰে আঢ়ৈ বছৰ ধৰি গায়ত্ৰী সোণোৱালৰ ঘৰত আছিল৷ ডবকাত এখন বাহনেৰে ডিফুলৈ যাবলৈ ৰৈ থকা সময়তে দুয়োকে আটক কৰা হয়৷