Logo
image

শিক্ষামন্ত্ৰী নিজেই এডিক্টেড আন্দোলনকাৰী আছিলঃ ৰাতুল চন্দ্ৰ গোস্বামী

ডিজিটেল সংবাদ, বৰভাগঃ "মন্ত্ৰী-বিধায়কসকলে পুৰণি পেঞ্চন আঁচনি খাব আৰু শিক্ষকসকলক পুৰণি পেঞ্চন আঁচনিৰ পৰা বঞ্চিত কৰিব, সেয়া মানি লোৱা নহ'ব। শিক্ষক-কৰ্মচাৰীসকলক বিদেশী কোম্পানীৰ ওচৰত বন্ধকত থোৱা কাৰ্য কোনো কাৰণতে মানি ল'ব নোৱাৰি। ২০২৩ চনৰ ডিচেম্বৰৰ পূৰ্বে এনপিএছ হাটাও নকৰিলে ইয়াৰ অন্যথা পুৰণি পেঞ্চন আঁচনিৰ পক্ষত ভোট দিবলৈ শিক্ষক-কৰ্মচাৰী বাধ্য হ'ব৷"-এই মন্তব্য অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীৰ।

শুকুৰবাৰে 'ভাৰত যাত্ৰা'ৰ দলক নলবাৰীত আদৰণি জনাই ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদকগৰাকীয়ে শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে শিক্ষকসকলক তুচ্ছ-তাচ্ছিল্য কৰি অহা সন্দৰ্ভত কয় যে তেওঁ বৰ অহংকাৰী মানুহ। তেওঁ নিজেই এজন এডিক্টেড আন্দোলনকাৰী আছিল। আন্দোলন কৰি কৰি তেওঁ মন্ত্ৰী হৈ অহংকাৰী হৈ উঠিছে। তেওঁ শিক্ষকৰ মূৰত মাল নাই বুলি কয়, তেওঁৰ অতীত জীৱন চাওঁক। আন্দোলন কৰি কৰি অৱশেষত মন্ত্ৰী হ'ল আৰু তেওঁ শিক্ষকৰ মূৰত মাল নাই বুলি কয়৷

লগতে তেওঁ কয় যে আমাৰ আন্দোলন কৰাৰ নিচা নাই। আমি অহংকাৰীৰ চকু মেল খুৱাবলৈ চেষ্টা কৰি আছোঁ৷ পেটত লাঠ মাৰিলে মানুহ ঘৰত বহি নাথাকে বুলি উল্লেখ কৰি এনপিএছ শিক্ষক-কৰ্মচাৰীসকলক অ'পিএছ নকৰা পৰ্যন্ত আন্দোলন চলি থাকিব বুলিও  হুংকাৰ প্ৰদান কৰে। অসন্তুষ্ট শিক্ষকেৰে কেতিয়াও এটা জাতি গঠন হব নোৱাৰে বুলিও তেওঁ মত ব্যক্ত কৰে৷