Logo
image

আৰক্ষী বিষয়া শুভলক্ষ্মীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানাঃ মহিলা আয়োগ আৰু আৰক্ষীৰ দায়বদ্ধ আয়োগত গোচৰ পঞ্জীয়ন

ডিজিটেল সংবাদ, গুৱাহাটীঃ এগৰাকী আদিবাসী বনকৰা মহিলাক অকথ্য শাৰিৰীক, মানসিক নিৰ্যাতন চলোৱা এ এছ পি শুভলক্ষ্মী দত্তৰ নতুন বিপদ। অভিযুক্ত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে মহিলা আয়োগ আৰু অসম আৰক্ষী দায়বদ্ধ আয়োগত দল-সংগঠনে গোচৰ পঞ্জীয়ন কৰিছে। বনকৰা মহিলাক অকথ্য শাৰিৰীক, মানসিক নিৰ্যাতন চলোৱা অভিযুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তক চাৰিটা দিন অতিক্ৰম কৰাৰ পাছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰি নাই৷ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্ত ঘৰৰ পৰা পলায়ন কৰাৰ পিছতে অভিযুক্ত আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে জামিন বিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে আৰক্ষীয়ে ৷ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে সংবাদমাধ্যমৰ আগত এই কথা অৱগত কৰে ৷ শুকুৰবাৰে ডিজিপিৰ কাৰ্যালয়ত আয়োজন কৰা সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে সমগ্ৰ ঘটনাটোৰ তথ্য শিৱসাগৰ আৰক্ষী অধীক্ষকৰ পৰা চিআইডিয়ে বিচাৰিছে৷ শীঘ্ৰে আত্মসমৰ্পণ নকৰিলে পলাতক ঘোষণা কৰা হ’ব অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তক ৷ উল্লেখ্য যে মঙলবাৰে গুৱাহাটীৰ এগৰাকী প্ৰাক্তন বিধায়কৰ বাসভৱনত শিৱসাগৰ আৰক্ষীয়ে মহানগৰ আৰক্ষীৰ সহযোগত অভিযান চলাইছিল যদিও গ্ৰেপ্তাৰ কৰিবলৈ ব্যৰ্থ হৈছিল আৰক্ষী বিষয়াগৰাকীক ৷ প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ ফ্লেটত শুভলক্ষ্মী দত্তই আত্মগোপন কৰি আছিল বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে ২৬ আগষ্টত ভুক্তভোগী মহিলাগৰাকীয়ে অভিযোগ দিছিল যে তেওঁক শাৰীৰিকভাৱে অকথ্য নিৰ্যাতন চলাইছিল শুভলক্ষ্মী দত্তই ৷ এই সন্দৰ্ভত নাজিৰা থানাত ভাৰতীয় দণ্ডবিধিৰ ৩২৪/৩৪২/৩২৬/৩০৭/৫০৬ নং ধাৰাৰ অধীনত থানাত ৩৬/২৩  নম্বৰত এটা গোচৰ ৰুজু কৰা হয় ৷ শুভলক্ষ্মী দত্তই গৰম পানী ঢলাৰ ফলত ভুক্তভোগী মহিলা গৰাকীৰ দেহ ১৩ শতাংশ জ্বলি গৈছিল৷ ইতিমধ্যে আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে মানৱ অধিকাৰ আয়োগ৷ মানৱ অধিকাৰ আয়োগতো ৰুজু হৈছে অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মীৰ বিৰুদ্ধে গোচৰ ৷