কি নাম দি মাতিম, মাতিম তোমাক
২৮টা বিৰোধী দল লগ লাগি এটা মিত্ৰজোঁট গঠন কৰিছে আৰু এই মিত্ৰজোঁটৰ নাম থৈছে ‘ইণ্ডিয়া’৷ ইয়াৰ সম্পূৰ্ণ ৰূপটো হ’ল– ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েঞ্চ, ভাৰতীয় ৰাষ্ট্ৰীয় বিকাশশীল সমাৱেশী গোটবন্ধন৷ এতিয়া এই ‘ইণ্ডিয়া’ নামটো বিজেপিৰ বাবে হৈছে মস্ত মূৰৰ কামোৰণি৷ দেশখনৰ নামেৰে এই বিৰোধী জোঁটৰ নামটো একে হোৱাৰ বাবে বিজেপিয়ে এতিয়া দেশখনৰ নাম ল’লেই বিৰোধী জোঁটটোৰ নাম ল’বলগীয়া হয়, আৰু বিৰোধীসকলৰ, বিশেষকৈ ৰাহুল গান্ধীৰ ছবিখন তেওঁলোকৰ মনত ভাহি উঠে৷ সেয়েহে তেওঁলোকে এতিয়া দেশখনৰ নামেই সলাই পেলাব বিচাৰিছে, যাতে ইণ্ডিয়া নামটো উচ্ছাৰণ কৰি বিৰোধী জোঁটৰ নাম ল’ব লগা নহয়৷
এই কথাত কোনো সন্দেহ নাই যে বিজেপিয়ে নামৰ মহত্ত্ব বুজি পায়, তাতোকৈ বেছিকৈ বুজি পায় নামে গঢ়ি তোলা ব্ৰেণ্ডৰ মূল্য৷ পেট্ৰল পাম্পৰ পৰা ক’ভিড ভেকচিনৰ প্ৰমাণপত্ৰলৈ সকলোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো৷ নৰেন্দ্ৰ মোদীক এজন সাধাৰণ নৰমনিচৰ পৰা এজন মহামানৱত পৰিণত কৰা হৈছে৷ নৰেন্দ্ৰ মোদী এজন মানুহ মাত্ৰ নহয়, তেওঁ এতিয়া বহু কিবাকিবিৰ প্ৰতীক৷ তেওঁক এই বহু কিবাকিবিৰ প্ৰতীকৰূপে প্ৰতিষ্ঠা কৰিবলৈ অলেখ ধন, সময় আৰু কষ্ট নিয়োজিত হৈ আছে৷ মোদীৰ কোনো বিকল্প নাই, মোদী নহ’লে কোন? মোদী অবিহনে দেশৰ কি হ’ব? মোদী অপৰিহাৰ্য, অৱশ্যম্ভাৱী৷ মোদী সৰ্ববিৰাজমান৷ এই ভাবমূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে বহু কষ্টৰে, আৰু দিনে-ৰাতিয়ে সেই ভাবমূৰ্তি বৰ্তাই ৰাখিবলৈ অহৰহ প্ৰচেষ্টা চলি আছে৷ মাজতে এই ইণ্ডিয়াই লগালে পয়মালখন৷ নিৰ্বাচনলৈ এতিয়া এবছৰো বাকী নাই৷ এই সময়ত ব্ৰেণ্ড মোদীৰ বিকল্প কিবা এটাৰ চৰ্চা হোৱাটো বিজেপিৰ বাবে এটা মস্ত আহুকাল৷ মোদী আৰু ইণ্ডিয়াৰ মাজত যদি যুদ্ধ হয়, মানুহে মোদীক বাছি ল’ব নে ইণ্ডিয়াক? ইণ্ডিয়া নামটো ইতিমধ্যে মানুহৰ মনোজগতত স্থান অধিকাৰ কৰি থকা এটা নাম৷ এই নামটো প্ৰতিষ্ঠাৰ বাবে কোনো কষ্ট কৰাৰ প্ৰয়োজনেই নাই৷ বিৰোধী দলবোৰে নিজৰ জোঁটটোৰ নাম ইণ্ডিয়া ৰাখি যে সঠিক সিদ্ধান্ত লৈছে তাৰ প্ৰমাণ হ’ল এই নামটোক লৈ হোৱা বিজেপিৰ ধৰফৰণি৷ তেওঁলোকে গঢ়ি তোলা নৰেন্দ্ৰ মোদীৰ বিশাল ভাবমূৰ্তিকো ‘ইণ্ডিয়া’ নামটোৰ ইতিমধ্যে ঐতিহাসিকভাৱে প্ৰতিষ্ঠিত হৈ থকা ভাবমূৰ্তিয়ে সমানে তক্কৰ দিব পাৰে বুলি বিজেপি শংকিত নেকি?
সেয়েহে বিজেপিয়ে এতিয়া দেশখনৰ নাম ইণ্ডিয়াৰ সলনি ভাৰত কৰিব বিচাৰে৷ ভাৰতৰ সংবিধানে দেশখনৰ ভাৰত আৰু ইণ্ডিয়া এই দুয়োটা নামকেই স্বীকৃতি দিছে৷ ইণ্ডিয়া নামটো আঁতৰ কৰাটোও ইমান সহজ নহয়৷ বহুতে কৈছে যে বিজেপিৰ চিকিৎসাটো মূৰ কামোৰণিৰ বাবে মূৰটোকে কাটি পেলোৱাৰ দৰে হৈছে৷ আকৌ এই নামটো আঁতৰাবলৈ বিজেপিয়ে কৰা কাৰ্যকলাপে এই বাৰ্তাও প্ৰেৰণ কৰিছে যে বিৰোধী জোঁট ইণ্ডিয়াক লৈ বিজেপি কিছু হ’লেও উদ্বিগ্ন৷
নৰেন্দ্ৰ মোদীৰ প্ৰতিটো বিদেশ ভ্ৰমণকে বিজেপিয়ে ভাৰতত তেওঁলোকৰ দলৰ ভাবমূৰ্তি উজ্জ্বল কৰিবলৈ ব্যৱহাৰ কৰে৷ কোৱা হয় যে নৰেন্দ্ৰ মোদীৰ বাবে বিদেশত ভাৰতৰ ভাবমূৰ্তি ক্ৰমান্বয়ে উজ্জ্বল হৈ ভাৰত এতিয়া বিশ্বগুৰুত পৰিণত হৈছে৷ ভাৰত বিশ্বগুৰুৰূপে প্ৰতিষ্ঠিত হোৱাৰ এক প্ৰমাণৰূপে ভাৰত জি-২০ৰ অধ্যক্ষৰ আসনত অধিষ্ঠিত হোৱাটোক দাঙি ধৰা হয়৷ এই অনুষ্ঠানটোৰ দেশবোৰে ধাৰাবাহিকৰূপে এখনৰ পাছত আনখন অধ্যক্ষৰ আসনত বহে৷ সেইটো ক্ৰম অনুসৰি ঘটে, ই দেশখনৰ প্ৰতিপত্তি বা প্ৰতিষ্ঠা প্ৰমাণ নকৰে৷ স্কুল এখনত যদি সদায় ৰোল নম্বৰ সলনি কৰাৰ নিয়ম থাকে, তেনেহ’লে এটা শ্ৰেণীৰ পঢ়াত আটাইতকৈ দুৰ্বল ল’ৰাটোৰো নিৰ্দিষ্ট দিনৰ মূৰত ৰোল নম্বৰ এক হ’ব৷ এতিয়া জি-২০ৰ শীৰ্ষ বৈঠকৰ বাবে ৰাজধানী দিল্লীক সজাই-পৰাই তোলা হৈছে৷ নিৰ্বাচনৰ বাবে সৰহ দিন নথকা বাবে বিজেপিয়ে এই বৈঠকক তেওঁলোকৰ সাফল্যৰ এক প্ৰদৰ্শনৰূপে, ভাৰতক বিশ্বগুৰুৰ আসনত প্ৰতিষ্ঠা কৰাৰ এক প্ৰমাণৰূপে দাঙি ধৰিবলৈ আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ বাবে ই সম্ভৱ হোৱা বুলি প্ৰচাৰ কৰিবলৈ সকলোখিনি কৰিব৷
কিন্তু এতিয়া দেশখনৰ নাম ল’লেই বিৰোধী দলৰ জোঁট ইণ্ডিয়াৰ নাম ল’ব লগা হোৱাৰ মহা আহুকলীয়া পৰিস্থিতিত বিজেপিয়ে ততাতৈয়াকৈ দেশখনৰ নাম সলাই ভাৰত কৰি ল’ব বিচাৰিছে৷ বিদেশ মন্ত্ৰণালয়ে জি-২০ৰ শীৰ্ষ বৈঠকত উপস্থিত হ’বলগীয়া ৰাষ্ট্ৰ প্ৰধানসকলক এই জাননী দিব নেকি যে দেশৰ নাম সলাই ভাৰত কৰা হৈছে, গতিকে তেওঁলোকে যেন দেশখনৰ কথা কওঁতে ইণ্ডিয়া নামটো ব্যৱহাৰ নকৰে, ভাৰত বুলিহে কয়৷
কি নামেৰে মাতিব সেইটো কেতিয়াবা সাংঘাতিক গুৰুত্বপূৰ্ণ হৈ পৰে, বিশেষকৈ শত্ৰুৱে যেতিয়া আপোনাক অনবৰত শত্ৰুৰ নামটো ল’বলৈ বাধ্য কৰাই তোলে তেতিয়া৷