Logo
image

দেশৰ ৰাজধানীত বিশ্ববিধাতা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৯ ছেপ্টেম্বৰঃ সমগ্ৰ বিশ্বৰ ৰাজনীতি, কূটনীতি, সমাজনীতি আৰু অৰ্থনীতি যি কেইখন দেশে নিয়ন্ত্ৰণ কৰে, বিশ্বৰ সেই আগশাৰীৰ কুৰিখন দেশৰ ৰাষ্ট্ৰপ্ৰধান এতিয়া ভাৰতৰ ৰাজধানী নতুন দিল্লীত৷ তেওঁলোকৰ উপৰি নতুন দিল্লীত পদাৰ্পণ ঘটিছে আমন্ত্ৰিত আন ৯ খন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰো৷ জি-২০ শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ বাবে ২৯খন দেশৰ ৰাষ্ট্ৰপ্ৰধান আহি উপস্থিত হৈছে নতুন দিল্লীত৷ সেই দিশৰ পৰা দেশৰ ৰাজধানী এতিয়া সকলোৰে বাবে ভাগ্য বিধাতা৷   বিশ্বৰ ৰাজনীতি, কূটনীতি, সমাজনীতি আৰু অৰ্থনীতি নিয়ন্ত্ৰণ কৰি থকা ৰাষ্ট্ৰ  আৰু সেই ৰাষ্ট্ৰনেতাক বিশ্বৰ ভাগ্য বিধাতা বুলি কোৱাৰ বাহিৰে আৰু কি আখ্যা দিব পাৰি!  অন্তিমবাৰৰ বাবে ইণ্ডোনেছিয়াত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনত এই বছৰৰ বাবে ভাৰতক অধ্যক্ষৰ দায়িত্ব প্ৰদান কৰা হৈছিল৷ সেই অনুসৰি বিগত বছৰটোত জি-২০ৰ সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ সৈতে দেশৰ বিভিন্ন ঠাইত বৈঠক অনুষ্ঠিত হৈছে৷ এইবাৰ দুদিনীয়াকৈ শীৰ্ষ বৈঠকৰ সময়৷ এই শীৰ্ষ সন্মিলন অনুষ্ঠিত হ’ব অহা শনিবাৰ আৰু দেওবাৰে৷ তাৰ বাবে আজি বিশ্বৰ শীৰ্ষস্থানীয় ২০খন দেশৰ ৰাষ্ট্ৰপ্ৰধান আহি নতুন দিল্লীত উপস্থিত হৈছে৷ তাৰ ভিতৰত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰনেতা হৈছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনক, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰঁ, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদা, জাৰ্মানীৰ চেঞ্চেলৰ ওলাফ স্কোল্‌জ, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইয়ুন শ্বুক আদি৷ সন্ধিয়া সাত বজাত আহি উপস্থিত হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন৷ তেওঁলোকৰ সৈতে বিভিন্ন চৰকাৰী বিষয়ববীয়া আৰু শীৰ্ষস্থানীয় মন্ত্ৰীও এই বৈঠকত যোগদানৰ বাবে নতুন দিল্লীত আহি উপস্থিত হৈছে৷ শনিবাৰে পুৱাৰ পৰা নতুন দিল্লীত আৰম্ভ হ’ব জি-২০ৰ শীৰ্ষ সন্মিলন৷ এই সন্মিলনত ল’বলগীয়া সিদ্ধান্তৰ বাবে দিল্লী ঘোষণাপত্ৰ প্ৰায় সাজু কৰি তোলা হৈছে৷ ইপিনে বিশ্বৰ ২৯খন দেশৰ ৰাষ্ট্ৰপ্ৰধান আহি নতুন দিল্লীত সমবেত হোৱাৰ বাবে সমগ্ৰ ৰাজধানী চহৰ নিৰাপত্তাৰে বেৰি পেলোৱা হৈছে৷ এক লাখ ত্ৰিছ হাজাৰ নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ দিল্লীক নিশ্ছিদ্ৰ দুৰ্গত পৰিণত কৰিছে৷ ইপিনে এই সন্মিলনৰ বাবে নতুন দিল্লীৰ প্ৰায় সকলো দোকান-বজাৰ তিনিদিনৰ বাবে বন্ধ কৰি দিয়া হৈছে৷ যানবাহন আৰু সাধাৰণ লোকৰ চলাচলত সীমাৱদ্ধতা আৰোপ কৰাৰ ফলত দিল্লীৰ নাগৰিকৰ দুৰ্ভোগ আৰম্ভ হৈছে৷ পিছে এই শীৰ্ষ সন্মিলনৰ জৰিয়তে বিশ্বৰ আগশাৰীৰ ৰাষ্ট˜নেতাই বিভিন্ন বিষয়ৰ অমীমাংসিত হৈ থকা বিষয়ৰ মীমাংসা কৰিব পাৰিব বুলি আশা কৰা হৈছে৷ জি-২০ৰ সদস্য ৰাষ্ট্ৰ হৈছে– আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চীন, ফ্ৰান্স, জাৰ্মানী, ভাৰত, ইণ্ডোনেছিয়া, ইটালী, জাপান, মেক্সিকো, দক্ষিণ কোৰিয়া, ৰাছিয়া, ছৌদি আৰৱ, দক্ষিণ আফ্ৰিকা, তুৰস্ক, ব্ৰিটেইন, আমেৰিকা আৰু ইউৰোপিয়ান ইউনিয়ন৷

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিং আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নতুন দিল্লীত জি-২০ শীৰ্ষ সন্মিলনৰ প্ৰাকক্ষণত মোদী চৰকাৰে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভাৰসাম্য-নীতিক সমৰ্থন জনাইছে৷ ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙে কয় ৰুছ-ইউক্ৰেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতে গ্ৰহণ কৰা নীতি সঠিক৷ মোদী চৰকাৰে গ্ৰহণ কৰা ভাৰসাম্য কূটনীতি দেশৰ বাবে সঠিক হোৱা বুলি মন্তব্য কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড॰ সিঙে৷ একেদৰে এসপ্তাহৰ ইউৰোপ ভ্ৰমণসূচী লৈ শুকুৰবাৰে ব্ৰুছেলছত উপস্থিত থকা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও মোদী চৰকাৰে গ্ৰহণ কৰা ৰুছ-ইউক্ৰেইন নীতিক বিৰোধীয়ে সমৰ্থন জনোৱা বুলি মন্তব্য কৰে৷ তেওঁ কয়–‘মই ভাবো, চৰকাৰে ভাৰতৰ ৰুছ-ইউক্ৰেইন সংঘাতৰ ক্ষেত্ৰত গ্ৰহণ কৰা স্থিতি বিৰোধিয়ে কম-বেছি পৰিমাণে সমৰ্থন কৰিছে৷ চৰকাৰতকৈ এই ক্ষেত্ৰত বিৰোধীয়ে পৃথক স্থিতি লোৱা বুলি মই নাভাবো৷’ ইপিনে মোদী চৰকাৰক ৰুছ-ইউক্ৰেইন যুদ্ধৰ নীতিৰ ক্ষেত্ৰত সমৰ্থন জনোৱা ড॰ মনমোহন সিঙে বৈদেশিক কূটনীতিক ব্যৱহাৰ নকৰাৰ বাবেও সকিয়াই দিছে৷ তেওঁ কয়–‘ঘৰুৱা ৰাজনীতি কিম্বা দলৰ বাবে কুটনীতিত বৈদেশিক নীতিত ব্যৱহাৰ কৰা অনুচিত৷ ক্ৰম অনুসাৰে এইবাৰ ভাৰতে জি-২০ সন্মিলন আয়োজনৰ দায়িত্ব লাভ কৰাত মই সন্তুষ্ট আৰু মোৰ জীৱনকালতে দেশৰ মাটিত এই সন্মিলন আয়োজিত হোৱাত সুখী৷’ প্ৰসংগতঃ, ২০২২ চনৰ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণ কৰাৰ পাছত আমেৰিকাসহ পশ্চিমৰ অধিকাংশ দেশে ইউক্ৰেইনৰ পক্ষ লৈ ৰাছিয়াৰ সৈতে সম্পৰ্ক ছিন্ন কৰা আৰু তেল ক্ৰয় কৰা বন্ধ কৰিলেও ভাৰতে যুদ্ধ বন্ধ কৰাৰ আহ৩ান জনোৱাৰ লগতে পশ্চিমীয়া দেশৰ নিষেধাজ্ঞা উপেক্ষা কৰি ৰাছিয়াৰ পৰা অবাধে খাৰুৱা তেল ক্ৰয় কৰি আছে৷