Logo
image

জি-২০লৈ ওলাইছে হিমন্তবিশ্ব, আমন্ত্ৰিত নীতীশ-মমতা-কেজৰিৱালো

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ ছেপ্টেম্বৰঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ উদ্যোগত শনিবাৰে নিশা আয়োজিত জি-২০ নৈশ ভোজলৈ আমন্ত্ৰণ লাভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ জানিব পৰা মতে শনিবাৰৰ  নৈশ ভোজত উপস্থিত থাকিবৰ কাৰণে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শুকুৰবাৰে নিশা ১১.৪৫ বজাত ইণ্ডিগো বিমানেৰে নতুন দিল্লীলৈ ৰাওনা হয়৷ উল্লেখ্য যে এই নৈশ ভোজলৈ বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰকে ধৰি দেশৰ সকলো অবিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলকো আমন্ত্ৰণ জনোৱা হৈছে৷ এই নৈশ ভোজত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো, ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী ঋষি ছুনক আদি জি-২০ৰ বিশ্বনেতাসকল উপস্থিত থাকিব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীেও ভোজ মেলত উপস্থিত থাকিব৷ উপস্থিত থাকিব৷ লক্ষণীয় যে এই নৈশ ভোজলৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গেক আমন্ত্ৰণ জনোৱা নাই৷ এই প্ৰসংগকলৈ সম্প্ৰতি ইউৰোপ ভ্ৰমণৰত ৰাহুল গান্ধীয়ে বিজেপি দলক তীব্ৰ কটাক্ষ কৰিছে৷