Logo
image

শ্বিলং কিয়, উমৰাংছ’-হাফলঙলৈ যাওক!মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ ছেপ্টেম্বৰঃ ‘আমাৰ উমৰাংছ’, হাফলং কোনোগুণে শ্বিলংঙতকৈ কম নহয়৷ বাহিৰৰ পৰা মানুহ এজন আহিলে কয়– শ্বিলং চাবলৈ আহিছো৷ মই সদায় ভাবোঁ হোৱাট শ্বিলং অফাৰছ এণ্ড হোৱাট উই ডো নট অফাৰ৷’– এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ৷ শুকুৰবাৰে দিছপুৰৰ জনতা ভৱনত স্কীল ডেভেলপমেণ্ট মিছনৰ অধীনত বিভিন্ন আঁচনিৰ উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়– “আমাৰ ট্যুৰিষ্ট গাইডসকলে পৰ্যটকসকলক বুজাই-বঢ়াই উমৰাংছু বা হাফলঙলৈ নিব লাগে৷ শ্বিলঙতকৈ উমৰাংছ’ বা হাফলঙৰ প্ৰাকৃতিক সৌন্দৰ্য বেছি সুন্দৰ৷ শ্বিলং এখন   ৰাজ্যৰ ৰাজধানী৷ শ্বিলংখন সম্প্ৰসাৰিত হৈছে৷ দোকান-পোহাৰ, ডিপো, ট্ৰেফিকজাম সকলো শ্বিলঙত আছে৷ শ্বিলঙৰ বিষয়ে মই একো বেয়া নকওঁ৷ মই নিজেও প্ৰায় শ্বিলঙলৈ গৈ থাকো৷ যোৱা দুবছৰত হোজাইৰ পৰা উমৰাংছুলৈ সুন্দৰ ৰাষ্টা নিৰ্মাণ কৰা হৈছে৷ এতিয়া উমৰাংছুলৈ যাবলৈ কোনো চিন্তা কৰিবলগা নাই৷ কিন্তু আমাৰ ট্যুৰিষ্ট গাইডসকলে এই কথা নাজানে৷ উল্লেখ্য, ৰাজ্যখনৰ যুৱক-যুৱতীসকলৰ দক্ষতা অধিক বিকশাই তোলাৰ উদ্দেশ্যৰে  আজি জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে যুৱক-যুৱতীৰ দক্ষতা বিকশাই তোলাৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উদ্বোধন কৰে৷ এই প্ৰশিক্ষণ কেন্দ্ৰৰ জৰিয়তে  ৫৯টা বৃত্তিৰ অধীনত অসম দক্ষতা বিকাশ অভিযানে ৫৭৫০গৰাকী যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰিব৷ আজিৰ এই একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ‘স্কীল ভান’ নামৰ বিশেষ বাহনৰ জৰিয়তে প্ৰথম পৰ্যায়ত ৪খন জিলাত দক্ষতা সজাগতা কাৰ্যসূচীৰ বাবে দক্ষতা যাত্ৰাৰো ফ্লেগ অফ কৰে৷ কামৰূপ, নলবাৰী, দৰং আৰু মৰিগাঁও জিলা এই কাৰ্যসূচীৰে সামৰি লোৱা হ’ব৷ মুখ্যমন্ত্ৰীয়ে আজি থলুৱা দক্ষতা প্ৰশিক্ষণ নামৰ আঁচনি এখনো আৰম্ভ কৰে৷ এই আঁচনিৰ অধীনত প্ৰথম অৱস্থাত ১৫খন জিলা সামৰি এই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব আৰু প্ৰতিখন জিলাৰ পৰা ১০জনকৈ প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব৷ ইয়াৰ উপৰিও জলজীৱন মিছন আৰু অসম দক্ষতা বিকাশ অভিযানৰ অধীনত ৫০০গৰাকী প্ৰশিক্ষাৰ্থীক ডিবিটিৰ মাধ্যমেৰে জলপানি মুকলি কৰাৰ প্ৰক্ৰিয়াও শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে চুইং ষ্টেটাৰৰ প্ৰশিক্ষণ কেন্দ্ৰও মুকলি কৰে৷ এই কেন্দ্ৰৰ জৰিয়তে আই আই টি গুৱাহাটীৰ পৰা ৫০গৰাকী প্ৰশিক্ষাৰ্থীক ‘কংক্ৰিট পাম্প  অপাৰেটৰ’ৰ চাকৰিৰ বাবে প্ৰশিক্ষণ দিয়া হ’ব৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ পুঁজিৰ  ‘প্লেচমেণ্ট লিংকড স্কীল ডেভেলপমেণ্ট ট্ৰেইনিং প্ৰ’গ্ৰেম’ৰ অধীনত স্থাপন কৰা এই প্ৰশিক্ষণ কেন্দ্ৰ সমূহৰ জৰিয়তে ৫৭৫০গৰাকী প্ৰাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ লক্ষ্য লোৱা হৈছে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে হ্ৰস্বকালীন দক্ষতাৰ  পাঠ্যক্ৰমৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদানৰ জৰিয়তে ৰাজ্যখনত ৬০টা প্ৰশিক্ষণ কেন্দ্ৰত ১০টা খণ্ডত ৫৯টা বিভিন্ন বৃত্তিৰ ওপৰত গুৰুত্ব দিয়া হ’ব৷ আজিৰ এই অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, চাহ জনজাতি কল্যাণ আদি বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, ৰাজ্যসভাৰ সাংসদ আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা, দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী, অসম দক্ষতা উন্নয়ন অভিযানৰ অভিযান সঞ্চালক অংকুৰ জৈন প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷