Logo
image

শক্তি বিচাৰি দিল্লীৰ কাষত মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত শুকুৰবাৰে নিশা কইনাধৰাৰ এক নং ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত কেবিনেটৰ বৈঠকে পঞ্চায়তীৰাজ আইনৰ পুনৰ গঠন, কেইবাখনো মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ, ৰাজ্যৰ বিদ্যুৎ সংকট দূৰীকৰণ বাবে কেন্দ্ৰৰ পৰা সহায়ৰ আহ্বান, অসমৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ, ৮৯টা উপ-জিলা গঠনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ ৰাজ্যিক কেবিনেটৰ বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সাংবাদিকক শুকুৰবাৰে নিশা অৱগত কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয়–  ‘ৰাজ্যৰ বিদ্যুৎ সংকটৰ জোৰা মাৰিবৰ বাবে কাইলৈ পুৱাই কেন্দ্ৰীয় শক্তিমন্ত্ৰীক নতুন দিল্লীত সাক্ষাৎ কৰা হ’ব৷ সাধাৰণ ৰাইজৰ বিদ্যুতৰ দাম নাবাঢ়ে৷ কেন্দ্ৰৰ পৰা অসমে ৩০০ মেগাৱাট বিদ্যুৎ বিচাৰিছে৷ তেওঁলোকে আমি বিচৰাৰ ধৰণে বিদ্যুৎ দিব পাৰিবনে নাই সেয়া নিশ্চিত হোৱা নাই৷ কাইলৈ আলোচনাৰ পাছতহে কথাবোৰ পৰিষ্কাৰ হ’ব৷ অৱশ্যে বিচৰা মতে কেন্দ্ৰীয় চৰকাৰে অসমক বিদ্যুতৰ যোগান ধৰিব নোৱাৰিলে ঠায়ে ঠায়ে লোডশ্বেডিং অব্যাহত থাকিব৷ আগন্তুক বিধানসভাৰ অধিৱেশনতে কেইবাখনো বিধেয়ক উপস্থাপন কৰা হ’ব৷ গাঁও পঞ্চায়তৰ নিৰ্বাচনক অৰাজনৈতিক কৰা হ’ব৷ জিলা আৰু অঞ্চলিক পঞ্চায়তৰ নিৰ্বাচনহে দলীয় টিকটত অনুষ্ঠিত হ’ব৷ জিলা পৰিষদত দলবিৰোধী আইন অনা হ’ব৷ জিলা পৰিষদৰ ব্যয়ৰ হিচাপ এজিৰ দ্বাৰা কৰা হ’ব৷ কেবিনেটে বৰাক উপত্যকাৰ জিচি কলেজ, লখিমপুৰ কলেজ, শিৱসাগৰ কলেজ, বঙাইগাঁও কলেজ, কোকৰাঝাৰ কলেজ আৰু নগাঁও কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ বাবে পূৰ্বে গ্ৰহণ কৰা প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ সিদ্ধান্ত  গ্ৰহণ কৰে৷ কেবিনেটে অসমৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পৰামৰ্শ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ ১৯৯০ চনৰ পৰাই অসমত ডিষ্টাৰ্ব এৰিয়া এক্ট বলৱৎ হৈ আছিল৷ ৰাজ্যিক কেবিনেটে ৮৯টা মহকুমাক উপ-জিলা হিচাপে গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ ১৭ ছেপ্টেম্বৰত বিশ্বনাথ, হোজাই আৰু তামুলপুৰ জিলাক পুনৰ গঠন কৰা হ’ব৷ বিশ্বনাথ জিলাৰ পুনৰ গঠন অনুষ্ঠানত মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু তামুলপুৰ জিলা পুনৰ গঠন অনুষ্ঠানত মন্ত্ৰী উৰ্খাও গৌৰা  ব্ৰহ্ম উপস্থিত থাকিব৷ হেজাই জিলা গঠনৰ কাৰ্যসূচীত মন্ত্ৰী পৰিমল শুক্লবৈদ্য উপস্থিত থাকিব৷ আনহাতে বজালী জিলা গঠনৰ বিষয়টো বিবাদৰ মাজত সোমাই পৰাত বৰপেটা সত্ৰক মধ্যস্থতা কৰাৰ দায়িত্ব দিয়া হৈছে৷ ৩০ দিনৰ ভিতৰত তেওঁলোকে বজালী জিলা পুনৰ গঠনৰ সন্দৰ্ভত এক ৰূপৰেখা প্ৰস্তুত কৰি ৰাজ্য চৰকাৰক দিব আৰু সেইমতে দুৰ্গা পূজাৰ আগতে বজালি জিলাৰো পুনৰ গঠন কৰা হ’ব৷’