Logo
image

৩ জানুৱাৰীৰ পৰা ৰাজ্যত গুণোৎসৱ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ ছেপ্টেম্বৰঃ ২০২৪ বৰ্ষৰ পঞ্চম ৰাউণ্ড গুণোৎসৱৰ দিন ঘোষণা কৰিলে ৰাজ্য চৰকাৰে৷ সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালক ডাঃ ঔম প্ৰকাশে এক জাননী জাৰি কৰি ২০২৪ বৰ্ষৰ ৩ জানুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ তিনিটা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে৷ জাননী অনুসৰি ৩ জানুৱাৰীৰ পৰা ৬ জানুৱাৰী ৰাজ্যৰ ১০ খন জিলা ক্ৰমে বৰপেটা, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ  শালমাৰা-মানকাচৰ আৰু ওদালগুৰি জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব৷ ৯ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈ ১১ জিলাত ক্ৰমে বাগসা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ [মেট্ৰ] শোণিতপুৰ আৰু তিনিচুকীয়া জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব৷ আনহাতে ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ ১০ জিলা ক্ৰমে বঙাইগাঁও, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমাহাচাও, মাজুলী আৰু পশ্চিম কাৰ্বি আংলং জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব৷