Logo
image

চুলি সৰা সমস্যা থাকিলে নহৰু ব্যৱহাৰ কৰিব পাৰে

চুলি সৰা সমস্যা ৰোধৰ ক্ষেত্ৰত নহৰু খুবেই কাৰ্যকৰী৷ নহৰুৱে চুলি সৰা বন্ধ কৰাৰ লগতে উফি আৰু মূৰৰ ছালৰ ইনফেক্‌চন দূৰ কৰাত সহায় কৰে৷ অকল সেয়াই নহয়, বিশেষজ্ঞসকলৰ মতে নহৰুৱে নতুনকৈ চুলি গজাৰ ক্ষেত্ৰতো সহায় কৰে৷ 

বিশেষজ্ঞসকলৰ মতে চুলিৰ গুৰিত তেল সনাৰ দৰে নহৰুৰ ৰস লগালে নতুনকৈ চুলি গজিবলৈ আৰম্ভ কৰে৷ নহৰুৰ ৰসত প্ৰচুৰ পৰিমাণে থাকে এলিচিন নামৰ এবিধ উপাদান৷ এইবিধ উপাদানে তেজত হিমগ্ল’বিনৰ সৰবৰাহ বৃদ্ধি কৰি নতুন চুলি গজাত সহায় কৰে৷ এলিচিনৰ উপৰিও নহৰুত প্ৰচুৰ পৰিমাণে কপাৰ থাকে৷ কপাৰে চুলি ঘন আৰু উজ্জ্বল কৰি তোলে৷ 

নহৰু ৰস ব্যৱহাৰৰ পদ্ধতিঃ

প্ৰথমে নহৰু পেষ্ট কৰি তাৰ পৰা ৰস উলিয়াই লওক৷ এইবাৰ বতাহ সোমাব নোৱাৰাকৈ এটা বটলত ৰসখিনি সংৰক্ষণ কৰক৷ এই ৰস যেতিয়াই প্ৰয়োজন হয় চুলিত তেল সনাৰ দৰে ব্যৱহাৰ কৰক৷

চুলিখিনি বেছি শুকান হ’লে গোলাপজলৰ সৈতে পানী মিহলাই আধাঘণ্টা তিয়াই ৰাখক৷ ইয়াৰ আধাঘণ্টা পাছত চুলিৰ গুৰিত নহৰুৰ ৰস লগাওক৷ 

চুলিত নহৰুৰ ৰস লগোৱাৰ পাছত কমেও আধাঘণ্টা সময় অপেক্ষা কৰক৷ এইবাৰ এখন ফণিৰে চুলিখিনি লাহে লাহে আচোৰক৷ ইয়াৰ পাছত কুহুমীয়া পানীৰে চুলিখিনি ধুই পেলাওক৷ মাইল্ড চেম্পুৰে চুলিখিনি আকৌ এবাৰ ধোৱক৷  ইয়াৰ ১৫ মিনিটৰ পাছত ঠাণ্ডা পানীৰে চুলিখিনি পুনৰ ধুই পেলাওক৷

কিমান দিনৰ মূৰে মূৰে নহৰুৰ ৰস লগাবঃ

 অধিক মাত্ৰাত চুলি সৰিবলৈ ধৰিলে সপ্তাহত  অন্ততঃ দুদিন নহৰুৰ ৰস ব্যৱহাৰ কৰক৷ 

 মূৰত আঘাত থাকিলে নহৰুৰ ৰস ব্যৱহাৰ নকৰিব৷ 

 মূৰৰ ছাল তৈলাক্ত হ’লে তেল সনাৰ প্ৰয়োজন নাই৷ এইক্ষেত্ৰত কেৱল নহৰুৰ ৰসহে লগাব৷