Logo
image

লোকসভা নিৰ্বাচনত ৩০০ আসন লাভ কৰি পুনৰ শাসনলৈ আহিব বিজেপিঃ মন্ত্ৰী পীয়ূষ হাজৰিকা

ডিজিটেল সংবাদ, গুৱাহাটীঃ দেশত শেহতীয়া উপ-নিৰ্বাচনত কংগ্ৰেছৰ কোনো ধৰণৰ উত্থান হোৱা নাই। বৰঞ্চ কংগ্ৰেছৰ মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ কিছু আসন বিজেপিৰ দখললৈহে আহিছে। বৰ্তমানৰ পৰিস্থিতি বাহাল থাকিলে আগন্তুক লোকসভা নিৰ্বাচনত ৩০০ আসন লাভ কৰি পুনৰ শাসনলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি দল। নিঃসন্দেহে অসমত লোকসভা নিৰ্বাচনত ১১ খন আসন দখল কৰিব বিজেপি দলে। নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ'ব। কেৱল আনুষ্ঠানিকতাহে বাকী আছে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ উত্থান সন্দৰ্ভত এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই। 

সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছৰ বাগান যাত্ৰা সফল হোৱা নাই। কেৱল এশ, ডেৰশ মানুহেৰে বাগানে বাগানে পিকনিক খাই ফুৰিছে কংগ্ৰেছ নেতৃত্বই। কংগ্ৰেছৰ বাগান যাত্ৰাৰ পৰা একো লাভ নহ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। অসমৰ ১২ খন লোকসভা আসনতেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিজেপি দলে। ১১খন আসনত বিজয় নিশ্চিত বুলি মন্তব্য কৰে মন্ত্ৰীজনে৷